ETV Bharat / state

Assam Govt Ordinance: নিযুক্তি পৰীক্ষাত অসৎ উপায় ল’লে কঠোৰ শাস্তি; কাৰাবাসৰ লগতে ১০ কোটি টকা পৰ্যন্ত জৰিমনা

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 5:33 PM IST

Assam Govt Ordinance
Assam Govt recruitment examinations

কেবিনেটৰ সিদ্ধান্তৰ ব্যাখ্যা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে তিনিবছৰ পৰ্যন্ত কাৰাবাসৰ লগতে এক লাখ টকালৈকে জৰিমনা । প্ৰশ্নকাকত ফাদিল কৰা, উত্তৰ বেলেগে লিখা, পৰীক্ষা কেন্দ্ৰৰ বাহিৰত পৰীক্ষা অনুষ্ঠিত কৰা, প্ৰশ্নকাকত ক্ৰয়-বিক্ৰয় কৰা, ছপা কৰা আদি অপৰাধৰ ক্ষেত্ৰত পাঁচ বছৰৰ পৰা দহ বছৰ পৰ্যন্ত কাৰাবাসৰ লগতে ১০ লাখৰ পৰা ১০ কোটি টকা পৰ্যন্ত জৰিমনা । মন্ত্ৰীৰ পৰা জ্যেষ্ঠ চৰকাৰী বিষয়া পৰ্যন্ত লাভ কৰা উপহাৰ জমা ৰখাৰ বাবে 'তোষাখানা' স্থাপন ।

নিযুক্তি পৰীক্ষাত অসৎ উপায় ল’লে কঠোৰ শাস্তি

গুৱাহাটী, ৩ অক্টোবৰ: নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে অভিযুক্তই তিনিবছৰ পৰ্যন্ত কাৰাবাসৰ লগতে এক লাখ টকালৈকে জৰিমনা ভৰিব লাগিব ৷ এই সন্দৰ্ভত অসম চৰকাৰে আনিছে অৰ্ডিনেন্স ৷ মঙলবাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

উল্লেখ্য যে, সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ তাৰে তিনিটা সিদ্ধান্ত সন্দৰ্ভত সংবাদমেল যোগে সবিশেষ ব্যাখ্যা আগবঢ়াই শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে নিযুক্তি প্ৰক্ৰিয়াত আৰু অধিক সংস্কাৰ সাধনৰ বাবে ৰাজ্যিক কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই সন্দৰ্ভত অৰ্ডিনেন্স অনা হৈছে ৷

এই অৰ্ডিনেন্স অনুসৰি নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে কঠোৰ শাস্তিৰ সন্মূখীন হ'ব ল‍গিব ৷ অসম ৰাজ্যিক লোকসেৱা আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাৰ পৰা আৰম্ভ কৰি 'টেট' পৰীক্ষালৈকে সকলোতে এই অৰ্ডিনেন্স প্ৰযোজ্য হ’ব ৷ পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা পৰীক্ষাৰ্থীৰ তিনি বছৰ পৰ্যন্ত কাৰাবাস হোৱাৰ লগতে এক লাখ টকা পৰ্যন্ত জৰিমনা হ’ব ৷

তেওঁ লগতে কয় যে দ্বিতীয়তে প্ৰশ্নকাকত ফাদিল কৰা, উত্তৰ বেলেগে লিখা, পৰীক্ষা কেন্দ্ৰৰ বাহিৰত পৰীক্ষা অনুষ্ঠিত কৰা, প্ৰশ্নকাকত ক্ৰয়-বিক্ৰয় কৰা, ছপা কৰা আদি বিভিন্ন অপৰাধৰ ক্ষেত্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সকলক আইনৰ ধাৰা অনুসৰি পাঁচ বছৰৰ পৰা দহ বছৰ পৰ্যন্ত কাৰাবাসৰ লগতে ১০ লাখৰ পৰা ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ’ব ৷ অসৎ উপায়েৰে পৰীক্ষাত জড়িত হোৱা সকলোৱেই দোষী হ'ব আৰু অপৰাধৰ ধাৰ অনুসৰি শাস্তিৰ সন্মুখীন হ'ব ৷

লগতে পঢ়ক: Assam Cabinet decisions: পূজাত চাহ শ্ৰমিকলৈ ২০ শতাংশ বোনাচ; দেৱালীত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ যোগ্য শিক্ষাৰ্থীক স্কুটী

তেওঁ লগতে কয় যে এইক্ষেত্ৰত অধিসূচনা জাৰি হোৱাৰ লগে লগে বলবৎ কৰা হ'ব ৷ কেবিনেটৰ আন এটা সিদ্ধান্তৰ প্ৰসংগত তেওঁ কয় যে মন্ত্ৰী-বিধায়ক, চৰকাৰী জ্যেষ্ঠ বিষয়া আৰু নিগম-নিকায়ৰ অধ্যক্ষই বাহিৰলৈ গ'লে দুই হাজাৰ টকাৰ বেছি মূল্যৰ লাভ কৰা বিভিন্ন উপহাৰ চৰকাৰক জমা দিব লাগিব ৷ দুহেজাৰ টকাৰ তথা তাৰ তলৰ মূল্যৰ উপহাৰ নিজে ৰাখিব পাৰিব ৷ পদবীৰ বাবে লাভ কৰা উপহাৰ তেওঁলোকৰ ব্যক্তিগত নহয় ৷ সেই উপহাৰ অসম চৰকাৰৰ ৷ ইয়াৰ বাবে কৰা হ'ব 'তোষাখানা' ৷ য'ত এই উপহাৰসমূহ মজুত ৰখা হ'ব ৷

আনহাতে উপহাৰ সমূহৰ মূল্য নিৰ্ধাৰণৰ বাবে থাকিব ব’ৰ্ড ৷ উপহাৰ নিজৰ লগত ৰাখিব বিচাৰিলে দুই হাজাৰ টকা বিয়োগ কৰি বাকী মূল্য তোষাখানাত জমা দিব লাগিব ৷ সময়ে সময়ে তোষাখানাৰ উপহাৰসমূহ নিলাম কৰা হ’ব ৷ উপহাৰ নিলাম কৰি লাভ কৰা পুঁজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত জমা কৰা হ’ব ৷

আনহাতে, তোষাখানাৰ পৰাই বাহিৰৰ পৰা অহা অতিথিসকলক দিয়া হ’ব উপহাৰ ৷ সংবাদমেলত কেবিনেটৰ আন এটা সিদ্ধান্তৰ প্ৰসংগত তেওঁ কয় যে ৰাজ্যৰ আৰু তিনিখন বিশ্ববিদ্যালয়ক মহাবিদ্যালয় স্বীকৃতি দিয়াৰ ক্ষমতা প্ৰদান কৰা হৈছে ৷ সেই অনুসৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনত ১৯খন মহাবিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালৰ অধীনত ১৩খন মহাবিদ্যালয় আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধীনত ১৪খন মহাবিদ্যালয়ক স্বীকৃতি প্ৰদান কৰা হ'ব ৷

লগতে পঢ়ক: Newsclick Foreign Funding Case : বিদেশী পুঁজি সন্দৰ্ভত নিউজক্লিকত আৰক্ষীৰ বিশেষ দলৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.