ETV Bharat / bharat

Newsclick Foreign Funding Case : বিদেশী পুঁজি সন্দৰ্ভত নিউজক্লিকত আৰক্ষীৰ বিশেষ দলৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 2:18 PM IST

দিল্লী আৰক্ষীৰ বিশেষ কোষে মঙলবাৰে নিউজক্লিকৰ কাৰ্যালয় আৰু ইয়াৰ সৈতে জড়িত সাংবাদিক আৰু কৰ্মচাৰীসকলৰ বাসগৃহত অভিযান চলাইছে । নিউজ পৰ্টেলৰ সৈতে চীনা সম্পৰ্কৰ অভিযোগৰ মাজতে এই তালাচী অভিযান চলোৱা হৈছে । অভিযোগ অনুসৰি নিউজক্লিকে বিদেশী অৱদান নিয়ন্ত্ৰণ আইন উলংঘা কৰি বিদেশী পুঁজি লাভ কৰিছে ।

বিদেশী পুঁজি সন্দৰ্ভত নিউজক্লিকত আৰক্ষীৰ বিশেষ দলৰ অভিযান
Newsclick Foreign Funding Case

নিউজ ডেস্ক, ৩ অক্টোবৰ : নিউজ পৰ্টেলৰ সৈতে চীনা সম্পৰ্কৰ অভিযোগৰ মাজতে দিল্লী আৰক্ষীৰ বিশেষ কোষে মঙলবাৰে নিউজক্লিকৰ সৈতে জড়িত সাংবাদিক আৰু কৰ্মচাৰীৰ ঘৰত অভিযান চলাইছে । নিউজক্লিকৰ বিৰুদ্ধে অভিযোগ যে সংবাদ প্ৰতিষ্ঠানটোৱে বিদেশী অৱদান নিয়ন্ত্ৰণ আইন উলংঘা কৰি বিদেশী পুঁজি লাভ কৰিছে । দিল্লী আৰক্ষীৰ এই বিশেষ দলটোৱে চাইদুল আজব ২৭৫ ৱেষ্ট এণ্ড ৰোডত অৱস্থিত নিউজক্লিকৰ কাৰ্যালয়ত নিৰন্তৰ তালাচী অভিযান চলাই আছে । উল্লেখ্য যে নিউজক্লিকৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্ত সংস্থাৰ এই পদক্ষেপ হৈছে কোনো এক সংবাদ প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা এনে ধৰণৰ প্ৰথম পদক্ষেপ ।

  • #WATCH दिल्ली: न्यूज़क्लिक कार्यालय पर छापेमारी चल रही है।

    न्यूज़क्लिक से जुड़े विभिन्न परिसरों पर वर्तमान में 30 से अधिक स्थानों पर छापेमारी चल रही है, अभी तक कोई गिरफ्तारी नहीं हुई है। pic.twitter.com/Ka8llOYEjq

    — ANI_HindiNews (@AHindinews) October 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, এই অভিযানৰ পূৰ্বে প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) ইতিমধ্যে নিউজক্লিকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে । তাত নিউজ পৰ্টেলটোৱে বিদেশী অৱদান নিয়ন্ত্ৰণ আইন (এফচিআৰএ) উলংঘা কৰি বিদেশী পুঁজি লাভ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । ইডিয়ে অভিযোগ কৰিছে যে এই ধন দেশবিৰোধী কাৰ্যকলাপত ব্যৱহাৰ কৰা হৈছে । অভিযানৰ সময়ত আৰক্ষীয়ে সংবাদ মাধ্যমৰ জ্যেষ্ঠ সাংবাদিক অভিসাৰ শৰ্মাৰ বাসগৃহৰ পৰা লেপটপ আৰু মোবাইল ফোনকে ধৰি বৈদ্যুতিন প্ৰমাণ জব্দ কৰে আৰু হাৰ্ড ডিস্কৰ পৰা তথ্য আহৰণ কৰে ।

  • Delhi police landed at my home. Taking away my laptop and Phone...

    — Abhisar Sharma (@abhisar_sharma) October 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে নিউজক্লিক চীনা প্ৰচাৰৰ বাবে নেভিল ৰয় সিংঘমৰ দ্বাৰা পুঁজি যোগান ধৰা এক বিশ্বজনীন নেটৱৰ্কৰ অংশ আছিল । কেইদিনমান পূৰ্বে সংসদত বিজেপিয়ে নিউজক্লিকত চীনা পুঁজিৰ বিষয়টোত কংগ্ৰেছ আৰু ৰাহুল গান্ধীকো তীব্ৰ লক্ষ্য কৰি লৈছিল । বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে কেইমাহমানৰ বিৰতিৰ পিছত সংসদত উপস্থিত হোৱা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ উপস্থিতিত লোকসভাত বিষয়টো উত্থাপন কৰে । একে সময়তে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে এক সংবাদমেল অনুষ্ঠিত কৰি ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয় । বিজেপিয়ে কয় যে ভাৰতবিৰোধী প্ৰচাৰত জড়িত নিউজক্লিৰ বিষয়টোৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে উত্তৰ দিয়া উচিত ।

উল্লেখ্য যে চোৰাংচোৱাসকলে নিউজক্লিকৰ লেখক পৰঞ্জয় গুহ ঠাকুৰতা আৰু উৰ্মিলেশক ৰাষ্ট্ৰীয় ৰাজধানীৰ বিশেষ কোষৰ কাৰ্যালয়লৈ লৈ গৈছে । আনহাতে, দুগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াও বিশেষ কোষৰ চৌহদত আছে । ইউএপিএ আৰু অন্যান্য ধাৰাৰ অধীনত নিউজক্লিকৰ সৈতে সংযুক্ত বিভিন্ন চৌহদত দিল্লী আৰক্ষীৰ এই অভিযান চলি আছে । ইয়াৰ উপৰি নিউজ পৰ্টেলত চীনৰ দ্বাৰা পুঁজি যোগান ধৰাৰ অভিযোগত আৰক্ষীয়ে তিস্তা চেতলৱাড়ৰ ঘৰতো অভিযান চলায় ।

সূত্ৰ মতে, এই অভিযানৰ সময়ত লেপটপ, মোবাইল, ডায়েৰী আৰু জব্দ কৰা অন্যান্য সামগ্ৰীও আৰক্ষীয়ে লোধি ৰোড কাৰ্যালয়ৰ এটা বিশেষ কোষলৈ লৈ গৈছে । ইউএপিএ আৰু আইপিচিৰ অন্যান্য ধাৰাৰ অধীনত ১৭ আগষ্টত পঞ্জীয়ন কৰা এটা গোচৰত অভিযান চলোৱা হৈছে । ইয়াৰ ভিতৰত আছে ইউএপিএ, আইপিচিৰ ১৫৩এ (দুটা গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা) আৰু আইপিচিৰ ১২০ বি (অপৰাধমূলক ষড়যন্ত্ৰ) । আনহাতে, উৰ্মিলেশৰ অধিবক্তা গৌৰৱ যাদৱে দিল্লী আৰক্ষীৰ বিশেষ কোষৰ কাৰ্যালয়ত উপস্থিত হৈছে । তেওঁ কয় যে লেখকজনক কিয় বিশেষ কোষৰ কাৰ্যালয়লৈ লৈ যোৱা হৈছে সেই বিষয়ে তেওঁৰ ওচৰত কোনো তথ্য নাই ।

লগতে পঢ়ক :China fund to NewsClick link : সীতাৰাম য়েচুৰীৰ বাসগৃহত অভিযান দিল্লী আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.