ETV Bharat / state

কয়লা খননৰ বিৰুদ্ধে সৰৱ উপমন্যু হাজৰিকা

author img

By

Published : May 24, 2020, 5:56 PM IST

দেশত চলি থকা লক ডাউনৰ মাজতে অভয়াৰণ্যখনৰ 98.59 হেক্টৰ ভূমিত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰিছে নেচনেল বৰ্ড অফ ৱাইল্ডলাইফে ৷

Senior SC advocate Upamanyu Hazarika visited Dehing patkai
দিহিং পাটকাইত উপস্থিত উপমন্যু হাজৰিকা

গুৱাহাটী, 24 মে': ধ্বংসৰ পথত আমাজন অফ ইষ্ট নামে খ্যাত দিহিং-পাটকাই বৰ্ষা অভয়াৰণ্য ৷ দেশত চলি থকা লক ডাউনৰ মাজতে অভয়াৰণ্যখনৰ 98.59 হেক্টৰ ভূমিত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰিছে নেচনেল বৰ্ড অফ ৱাইল্ডলাইফে ৷ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বাবে এতিয়া ক্ষুন্ন হৈ পৰিছে অসমৰ ৰাইজ ৷ জৈৱ বৈচিত্ৰৰে ভৰপূৰ দিহিং পাটকাই ৰক্ষা কৰাৰ বাবে আগবাঢ়ি আহিছে অসমৰ ছাত্ৰসমাজৰ লগতে বিভিন্ন দল সংগঠন ৷ তেনেসময়তে দেওবাৰে দিহিং-পাটকাই বৰ্ষাণ্যত উপস্থিত হয় উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা ৷

দিহিং পাটকাইত উপস্থিত হৈ কয়লা খননৰ বিৰুদ্ধে সৰৱ উপমন্যু হাজৰিকা

ইয়াৰ পাছতে অভয়াৰণ্যখনৰ বহু ঠাই পৰিদৰ্শন কৰাৰ অন্তত কয়লা খননৰ বিৰুদ্ধে সৰৱ হৈ পৰে উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা ৷ উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা মন্তব্য কৰে যে, কয়লা খননে ব্যাপকভাৱে ক্ষতি কৰিব দিহিং-পাটকাইক ৷ জীৱকুলৰ জীনৱলৈ আহিব চৰম ভাবুকি ৷

লগতে পঢ়কঃ সাংসদ প্ৰদ্যুত বৰদলৈ সন্ধানহীন ! পোষ্টাৰক লৈ ক্ষুণ্ণ কংগ্ৰেছ মহল

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.