ETV Bharat / state

B Barooah College : বি.বৰুৱা মহাবিদ্যালয়ত দৰ্শন বিভাগৰ উদ্যোগত আলোচনা চক্ৰ

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 9:35 PM IST

বি.বৰুৱা মহাবিদ্যালয়ত দৰ্শন বিভাগৰ উদ্যোগত আলোচনা চক্ৰ। দৰ্শনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত আলোচনা কৰা হয়। মহানগৰীৰ প্ৰায় ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই আলোচনা চক্ৰত।

B Barooah College
বি.বৰুৱা মহাবিদ্যালয়

বি.বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত আলোচনা চক্ৰ

গুৱাহাটী, 4 অক্টোবৰ : মহানগৰীৰ ঐতিহ্যমণ্ডিত বি.বৰুৱা মহাবিদ্যালয়ত দৰ্শন বিভাগৰ উদ্যোগত আলোচনা চক্ৰ ৷ বি.বৰুৱা মহাবিদ্যালয় দৰ্শন বিভাগৰ উদ্যোগত তথা দিছপুৰ মহাবিদ্যালয় আৰু কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ সহযোগত, বুধবাৰে অনুষ্ঠিত হয় এখন আলোচনা চক্ৰ ৷ প্ৰায় ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই আলোচনা চক্ৰত ৷

এই আলোচনা চক্ৰত দৰ্শন সম্পৰ্কে বিভিন্ন বিষয়ত আলোচনা কৰা হয় ৷ এই আলোচনা চক্ৰত উপস্থিত থাকে বি বৰুৱা মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপিকা সহিতে দিশপুৰ মহাবিদ্যালয়, কৰ্মবীৰ হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ ছাত্ৰ-ছাত্ৰী তথা অধ্যাপিকাসকল ৷

লগতে পঢ়ক : Asian Games 2023 : দক্ষিণ কোৰিয়াক পৰাস্ত কৰি হকীৰ ফাইনেলত ভাৰতীয় পুৰুষ দল

এই আলোচনাচক্ৰ খনৰ সন্দৰ্ভত মন্তব্য কৰি বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড৹ মাইনা শৰ্মাই মন্তব্য কৰি কয় যে, বি বৰুৱা মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক সকলে মহানগৰীৰ দুখন আগশাৰীৰ মহাবিদ্যালয় দিছপুৰ মহাবিদ্যালয় আৰু কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ মাজত এক বুজাবুজিৰ চুক্তি কৰিছিল ৷ যাৰ অংশৰূপে বুধবাৰে এই আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ৷ এই আলোচনা চক্ৰত তিনিখন মহাবিদ্যালয়ৰ প্ৰায় ৪০ গৰাকী ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

ইয়াৰে ভিতৰত বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে দৰ্শনৰ বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ লগতে প্ৰাক্তন অধ্যাপিকা ড৹ মাইনা শৰ্মাই কয় যে, এই আলোচনা চক্ৰত প্ৰথম ষান্মসিকৰ পৰা আৰম্ভ কৰি ষষ্ঠ ষান্মসিকলৈ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰিছে ৷ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে খুব সুন্দৰকৈ তেঁওলোকৰ বক্তৃতা সমূহ আগবঢ়াইছে ৷ এয়া এক সুন্দৰ পদক্ষেপ বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : 2023 Nobel Prize : তিনি ৰসায়নবিদলৈ ২০২৩ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.