ETV Bharat / state

Assam Gunotsav: আগন্তুক গুণোৎসৱৰ সময়সূচী ঘোষণা সৰ্বশিক্ষা অভিযানৰ; 3 জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায়ৰ গুণোৎসৱ

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 7:12 PM IST

তিনি জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ-২০২৪ । প্ৰথম পৰ্যায়ত ৩ জানুৱাৰীত ১০খন জিলাৰ প্ৰাথমিক বিদ্যালয়ত হ'ব গুণোৎসৱৰ স্ব-মূল্যায়ন। ৯ জানুৱাৰীত দ্বিতীয় পর্যায়ত স্ব-মূল্যায়ন হ’ব ১১খন জিলাত । তৃতীয় তথা অন্তিম পৰ্যায়ৰ গুণোৎসৱ ৬ ফেব্ৰুৱাৰীত ২০খন জিলা অনুষ্ঠিত হ'ব ।

Schedule for upcoming Gunotsav
গুণোৎসৱ- 2024ৰ সময়সূচী ঘোষণা সৰ্বশিক্ষা অভিযানৰ

গুৱাহাটী,১০ ছেপ্টেম্বৰ: গুণোৎসৱৰ বাবে পুনৰ সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ ৷ গুণোৎসৱ-২০২৪ৰ বাবে সর্বশিক্ষা অভিযানে ঘোষণা কৰিছে সময়সূচী ৷ ৩ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ তিনিটা পর্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব ৷ সৰ্বশিক্ষা অভিযানৰ মিছন সঞ্চালক ওম প্রকাশে জাৰি কৰা জাননী অনুসৰি ৩ জানুৱাৰীত মুঠ ১০ খন জিলাৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ স্ব-মূল্যায়ন হ’ব ৷ ৪, ৫ আৰু ৬ জানুৱাৰীত এই বিদ্যালয়সমূহত বহিঃমূল্যায়ন হ’ব ৷

প্রথম পর্যায়ত বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰিত গুণোৎসৱ অনুষ্ঠিত হ’ব ৷ ৯ জানুৱাৰীত দ্বিতীয় পর্যায়ত স্ব-মূল্যায়ন হ’বলগীয়া ১১খন জিলা হৈছে ক্রমে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া ৷ এই জিলাকেইখনৰ প্রাথমিক বিদ্যালয়ত ১০, ১১ আৰু ১২ জানুৱাৰীত বহিঃনিৰীক্ষণকাৰীসকল উপস্থিত হ’ব ৷ তৃতীয় তথা অন্তিম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব ৬ ফেব্ৰুৱাৰীত ৷

২০খন জিলা ক্রমে বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলঙত বহিঃনিৰীক্ষণকাৰী বিদ্যালয়সমূহত উপস্থিত থাকিব ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত ৷ শিক্ষানুষ্ঠানৰ শিক্ষাৰ মান উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰি অহা গুণোৎসৱত বহিঃনিৰীক্ষণকাৰী হিচাপে মুখ্যমন্ত্ৰী আৰু মন্ত্রীসভাৰ সদস্যসকল, মুখ্য সচিবৰ পৰা আৰম্ভ কৰি সকলো আই পি এছ, আই এ এছ, এ চি এছ আৰু প্ৰথম আৰু দ্বিতীয় শ্রেণীৰ আন আন বিষয়াসকলে অংশগ্রহণ কৰি শিক্ষানুষ্ঠানৰ মান মূল্যায়ন কৰে ৷

প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰিবলৈ সৰ্বশিক্ষা অভিযানে গুণোৎসৱ অনুষ্ঠিত কৰিছিল যদিও গুণোৎসৱ এতিয়া টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ অন্যতম অর্হতা হিচাপে গণ্য হৈ পৰিছে ৷ উল্লেখ্য যে গুণোৎসৱত যিবোৰ বিদ্যালয়ে এ প্লাছ গ্ৰেড লাভ কৰে, সেই বিদ্যালয়সমূহত নিয়োজিত ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ আনহাতে বছৰেকীয়া পৰীক্ষাৰ ফলাফলত গুণোৎসৱৰ ১০ শতাংশ নম্বৰ যোগ দিয়াৰ সিদ্ধান্তও সর্বশিক্ষা অভিযানে গ্ৰহণ কৰিছিল ৷ উল্লেখ্য যে ২০২৩ বৰ্ষৰ গুণোৎসৱত ৰাজ্যৰ ৪৪,৫৩১খন বিদ্যালয়ে অংশ গ্রহণ কৰিছিল ৷ ইয়াৰ ভিতৰত শিক্ষাৰ্থীৰ সংখ্যা আছিল ৪১,৩৫, ১৪৩ গৰাকী ৷

গুণোৎসৱত মুখ্য সচিবৰ পৰা আৰম্ভ কৰি উচ্চপদস্থ ১৮,০৯৭ গৰাকী বহিঃমূল্যায়নকাৰীয়ে অংশ লৈছিল ৷ এ প্লাছ লাভ কৰা বিদ্যালয়ৰ সংখ্যা আছিল ১১,৮৮৬খন ৷ সেইদৰে এ গ্রেড লাভ কৰিছিল ১৯,১৭২খন বিদ্যালয়ে, বি গ্রেড লাভ কৰিছিল ১৯,১৭২খন বিদ্যালয়ে, চি গ্রেড লাভ কৰিছিল ১১৯৭২খন বিদ্যালয়ে আৰু ডি গ্ৰেড লাভ কৰিছিল ৭৬৭খন বিদ্যালয়ে ৷

লগতে পঢ়ক : Assam Assembly Autumn session: সোমবাৰৰ পৰা নতুন ভৱনত অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.