ETV Bharat / state

জামিন আবেদন নাকচ; ১৪ দিন ন্যায়িক জিম্মালৈ ৰৌণক আলি হাজৰিকা

author img

By

Published : Oct 16, 2021, 5:11 PM IST

Rounak Ali Hazarika remanded to judicial custody for 14 days
ৰৌণক আলি হাজৰিকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

ৰৌণক আলি হাজৰিকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । শনিবাৰে হাজৰিকাক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বিশেষ ন্যায়াধীশ আদালতে । তদুপৰি ৰৌণক আলি হাজৰিকাৰ অধিবক্তাই জামিন বিচাৰি জনোৱা আবেদনো খাৰিজ কৰে আদালতে ।

গুৱাহাটী, ১৬ অক্টোবৰ : আয় বৰ্হিভূত সম্পত্তি আহৰণৰ গুৰুতৰ অভিযোগত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰা নিলম্বিত ডিআইজি ৰৌণক আলি হাজৰিকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । শনিবাৰে হাজৰিকাক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বিশেষ ন্যায়াধীশ আদালতে । উল্লেখ যে, তদাৰকী শাখাৰ ১০ দিনৰ জিম্মাৰ ম্যাদ অন্ত পৰাত শনিবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল ৰৌণক আলি হাজৰিকাক ।

ৰৌণক আলি হাজৰিকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

তদন্তকাৰী বিষয়াই অতিৰিক্ত ৫ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে অনুমতি প্ৰদান নকৰে আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বিষয়া গৰাকীক ৷ ৭ অক্টোবৰত মুখ্যমন্ত্ৰী তদাৰকী শাখাক ১০ দিনৰ জিম্মাত দিছিল অভিযুক্ত বিষয়া গৰাকীক । জিম্মাৰ প্ৰথম নিশাই অসুস্থ হৈ পৰাত জিএমচিএইচত ভৰ্তি কৰোৱা হয় ডিআইজি হাজৰিকাক ।

লগতে পঢ়ক: 10 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ বিতৰ্কিত আৰক্ষী বিষয়া ৰৌণক আলি হাজৰিকা

চিকিৎসালয়ত ভৰ্তি হোৱাত ৩ দিনহে জেৰা চলাব পালে তদন্তকাৰী বিষয়া ৰ'জী কলিতাৰ নেতৃত্বাধীন তদন্তকাৰী দলটোৱে । ফলত অধিক তথ্য বাবে আৰু ৫ দিনৰ নিজৰ জিম্মাত বিচাৰিছিল হাজৰিকাক । ইফালে, তদন্ত প্ৰক্ৰিয়াত অভিযুক্ত হাজৰিকাই সহযোগ নকৰা বুলিও আদালতত অভিযোগ কৰিছে তদন্তকাৰী দলেটোৱে ।

কিন্তু আদালতে তদন্তকাৰী বিষয়াৰ সেই আবেদন নাকচ কৰে । তদুপৰি ৰৌণক আলি হাজৰিকাৰ অধিবক্তাই জামিন বিচাৰি জনোৱা আবেদনো নাকচ কৰে আদালতে । তদন্ত প্ৰক্ৰিয়া প্ৰথম পৰ্যায়ত থকা বাবেই জামিন আবেদন আদালতে নাকচ কৰে বুলি জানিব পৰা গৈছে ৷ সামন্তৰালভাৱে হাজৰিকাক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হোৱা পৰিস্থিতিৰ ওপৰত তদন্ত কৰিবলৈ অসম আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিছে আদালতে ।

লগতে পঢ়ক: ৰৌণক আলী হাজৰিকাৰ কিমান সম্পত্তিৰ তথ্য পাইছে আৰক্ষীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.