ETV Bharat / state

ন-ৰূপত জয়ন্ত হাজৰিকা উদ্যান

author img

By

Published : Sep 4, 2019, 10:40 PM IST

ই টিভি ভাৰতত বাতৰি প্ৰকাশৰ পাছতেই জয়ন্ত হাজৰিকা উদ্যানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল ৷ জয়ন্ত হাজৰিকা সুৰ বাহিনীক উদ্যান খনৰ দায়িত্ব অৰ্পণ কৰিবৰ বাবে পত্নী মনীষা হাজৰিকাৰ আবেদন ৷

ন-ৰূপত জয়ন্ত হাজৰিকা উদ্যান

গুৱাহাটী,4চেপ্তেম্বৰঃ ই টিভি ভাৰতৰ বাতৰি প্ৰভাৱ ৷ মহানগৰীৰ চান্দমাৰীত অৱস্থিত জয়ন্ত হাজৰিকা উদ্যানখনৰ দায়িত্বত থকা GMD ৰ অৱহেলাৰ কথা ই টিভি ভাৰতত প্ৰকাশ হোৱাৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰা হয় উদ্যানখনৰ ৷ পূৰ্বতে ঘাঁহ বন , জাৱৰ আৰু বিজ্ঞাপনেৰে আৱৰি থকা উদ্যানখনৰ এতিয়াৰ পৰিবেশ পৃথক ৷ সকলো বিজ্ঞাপন আৰু লতা গছৰ ডাল জাৱৰ আঁতৰাই পৰিষ্কাৰ কৰি তোলা হৈছে জয়ন্ত হাজৰিকা উদ্যান খন ৷ উল্লেখ্য যে, জয়ন্ত হাজৰিকা উদ্যান খনৰ দায়িত্ব জয়ন্ত হাজৰিকা সুৰ বাহিনীক অৰ্পণ কৰিবৰ বাবে তেখেতৰ পত্নী মনীষা হাজৰিকাই আবেদন কৰিছে । কাৰণ মনীষা হাজৰিকাৰ বিশ্বাস তেখেতৰ অনুপস্থিত জয়ন্ত হাজৰিকাক সন্মান সহকাৰে জীয়াই ৰাখিব জয়ন্ত হাজৰিকাক ভাল পোৱা মানুহে, চৰকাৰে নহয় ।

Intro:ই টিভি ভাৰতৰ বাতৰি প্ৰভাৱ গুৱাহাটী মহানগৰীত। মহানগৰীত 28 ফেব্ৰুৱাৰীত উদ্যান খনৰ শোচনীয় অৱস্থা আৰু জয়ন্ত হাজৰিকা উদ্যান খনৰ দায়িত্বত থকা GMD ৰ অৱহেলাৰ কথা বাতৰি প্ৰকাশৰ পিছতে উদ্যান খন চাফা কৰোৱা হল । পূৰ্বৰ উদ্যানৰ সৈতে বৰ্তমানৰ উদ্যান খনৰ আকাশ পাতাল পাৰ্থক্য। পূৰ্বতে ঘাঁহ বন , জাৱৰ আৰু বিজ্ঞাপনেৰে আৱৰি থকা উদ্যান খনৰ এতিয়াৰ পৰিবেশ পৃথক। সকলো বিজ্ঞাপন আৰু লতা গছৰ ডাল জাৱৰ আঁতৰাই পৰিষ্কাৰ কৰি তোলা হৈছে জয়ন্ত হাজৰিকা উদ্যান খন।


Body:কালজয়ী অসমীয়া গীতৰ স্ৰষ্টা, অসমৰ সাংস্কৃতিক জগতৰ উজ্বল নক্ষত্ৰৰ ভিতৰৰ অন্যতম জয়ন্ত হাজৰিকা আৰু সেই মহান মনীষী জনে জীৱনৰ আদি বেলাতেই যেন হেৰাই গৈছিল আমাৰ মাজৰ পৰা । তেখেতৰ স্মৃতিত গুৱাহাটীৰ চান্দমাৰীত স্থাপিত উদ্যান খনৰ এই দুৰৱস্থাই মৰ্মাহিত কৰে সচেতন মহলক । তেখেতৰ পত্নী মনীষা হাজৰিকাৰ উপস্থিতিত GMD য়ে চাফাই কাৰ্য্য কৰে বুলি জানিবলৈ দিলে ই টিভি ভাৰতৰ আগত।
Bite:-মনীষা হাজৰিকা।


Conclusion:এজন বৰেণ্য ব্যক্তিৰ স্মৃতিত স্থাপিত এই উদ্যান খনৰ শোচনীয় আৰু অৱহেলিত অৱস্থাই মনোকষ্ট দিয়ে অসমৰ জনগণক। এই বৰেণ্য ব্যক্তি জনৰ কৰ্ম ৰাজী আৰু অসমৰ মানুহৰ তেখেতৰ প্ৰতি থকা সন্মান নৱ প্ৰজন্মৰ আগত এনেদৰে পৰিচয় কৰাব নেকি? জয়ন্ত হাজৰিকা উদ্যান খনৰ দায়িত্ব জয়ন্ত হাজৰিকাক সুৰ বাহিনীক অৰ্পণ কৰিবৰ বাবে তেখেতৰ পত্নী মনীষা হাজৰিকাই আবেদন কৰিছে। কাৰণ মনীষা হাজৰিকাৰ বিশ্বাস তেখেতৰ অনুপস্থিত জয়ন্ত হাজৰিকাক সন্মান সহকাৰে জীয়াই ৰাখিব জয়ন্ত হাজৰিকাক ভাল পোৱা মানুহে চৰকাৰে নহয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.