ETV Bharat / state

Shivanath Barman Died : খহি পৰিল অসমৰ শিক্ষা সাহিত্য জগতৰ এটা উজ্জ্বল নক্ষত্ৰ !

author img

By

Published : Dec 15, 2022, 7:48 PM IST

Shivanath Barman
Shivanath Barman

অসমবাসীক পুনৰ এক দুখৰ সন্ধ্যাই জোকাৰি গ'ল । অসমৰ আকাশৰ পৰা খহি পৰিল অসমৰ শিক্ষা, সাহিত্য, সংবাদ জগতৰ এটা উজ্জ্বল নক্ষত্ৰ । বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ, লেখক, সাংবাদিক, সাহিত্যিক ডঃ শিৱনাথ বৰ্মন আৰু নাই (reknowned educationist Shivanath Barman died) ।

গুৱাহাটী, ১৫ ডিচেম্বৰ : অসমবাসীক পুনৰ এক দুখৰ সন্ধ্যাই জোকাৰি গ'ল । অসমৰ আকাশৰ পৰা খহি পৰিল অসমৰ শিক্ষা, সাহিত্য, সংবাদ জগতৰ এটা উজ্জ্বল নক্ষত্ৰ । হয়, বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ, লেখক, সাংবাদিক, সাহিত্যিক ডঃ শিৱনাথ বৰ্মন আৰু নাই (reknowned educationist Shivanath Barman died) ।

অসমৰ শিক্ষা-সাহিত্য জগতখনক ঘাটমাউৰা কৰি অজান মুলুকলৈ গুচি গ'ল ডঃ শিৱনাথ বৰ্মন (Litterateur Dr Shivanath Barman is no more) । গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে সন্ধিয়া ৫.৩৬ বজাত ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে (Shivanath Barman died in Nemcare Hospital) ।

উল্লেখ্য, ডঃ শিৱনাথ বৰ্মন বিগত ৩ ডিচেম্বৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছিল । ইয়াৰ কিছুদিন পূৰ্বে গুৰুতৰভাৱে অসুস্থ হৈ নেমকেয়াৰত ভৰ্তি হৈছিল ডঃ বৰ্মন । বহু দিন ধৰি মধুমেহ আৰু বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল ডঃ শিৱনাথ বৰ্মন । উল্লেখ্য যে ডঃ শিৱনাথ বর্মন এগৰাকী অধ্যাপক, লেখক, সাংবাদিক, অভিধান প্ৰণেতা আৰু অনুবাদকৰূপে অসমৰ সমাজ জীৱনত পৰিচিত ৷

তেওঁ ‘জনসাধাৰণ’ বাতৰিকাকতৰ মুখ্য সম্পাদকৰূপেও সেৱা আগবঢ়াইছিল (Journalist Shivanath Barman died) ৷ অসমৰ জনজাতিৰ সমস্যা, ক্ষুদ্ৰতম কণাৰ সন্ধানত, অৰ্ধ আকাশকে ধৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰি গৈছে । তেখেতৰ জীৱনজোৰা সাহিত্যিক অৱদানৰ বাবে ‘ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা’ আৰু ২০২২ চনত তেখেতক অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটাৰেও সন্মানিত কৰা হৈছিল । উল্লেখ্য যে ১৯৪১ চনত যোৰহাটত জন্মগ্ৰহণ কৰা ডঃ শিৱনাথ বৰ্মনৰ পিতৃ আছিল কাশীনাথ বৰ্মন আৰু মাতৃ ভবানীবালা বৰ্মন ।

তেওঁ ১৯৫৯ চনত নাজিৰাৰ ল'ৰা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰিছিল । ১৯৬৩ পদাৰ্থ বিজ্ঞানত স্নাতক পৰীক্ষা উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰৰ ডিগ্ৰী লাভ কৰে । শিৱসাগৰ মহাবিদ্যালয়ত শিক্ষকতাৰ জীৱন আৰম্ভ কৰা বৰ্মনে কটন কলেজত শিক্ষকতা কৰাৰ পিছত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত শিক্ষকতা কৰে ।

২০০২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে । ২০০৮ চনত তেওঁ জনসাধাৰণ কাকতৰ সম্পাদক হিচাপে যোগদান কৰি ৮ বছৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল । তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Assam Book Fair 2022: গ্ৰন্থমেলা মানে মহৎ অনুষ্ঠান, উপাচাৰ্য ডঃ ৰমেশ চন্দ্ৰ ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.