ETV Bharat / state

APSC ৰ পৰা অসমীয়া ভাষা নোহোৱা কৰা সিদ্ধান্তই জাতিৰ সংকট আৰু বৃদ্ধি কৰিব !

author img

By

Published : Nov 26, 2021, 9:39 PM IST

Removal of Assamese Language Mandatory in Apsc Examination
APSCৰ পৰা অসমীয়া ভাষা নোহোৱা কৰা সিদ্ধান্তই জাতিৰ সংকট আৰু বৃদ্ধি কৰিব

অসম লোকসেৱা আয়োগ(Assam Public Service Commission)ৰ পৰীক্ষাৰ পৰা অসমীয়া বিষয়টো নোহোৱা কৰি ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক লৈ ৰাজ্যজুৰি সমালোচনা আৰু প্ৰতিবাদ আৰম্ভ হৈছে । চৰকাৰৰ এয়া এক হঠকাৰী সিদ্ধান্ত আখ্যা বিভিন্ন দল সংগঠনৰ লগতে সচেতন মহলে (Assam government decision to remove Assamese paper from APSC) ৷

গুৱাহাটী ,২৬ নৱেম্বৰ : অসম লোকসেৱা আয়োগৰ পৰীক্ষা(Apsc Examination)ৰ পৰা অসমীয়া বিষয়টো নোহোৱা কৰি ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰম্ভ হৈছে । চৰকাৰৰ এই সিদ্ধান্তক লৈ সাহিত্যিক, বুদ্ধিজীৱী, দলসংগঠন জাঙুৰ খাই উঠিছে । ৰাজ্য চৰকাৰে অসমীয়া বিষয়টো অসম লোক সেৱা আয়োগৰ প্ৰশ্নকাকতৰ পৰা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত অসম সাহিত্য সভায়ো উদ্বেগ প্ৰকাশ কৰিছে(Assam Sahitya Sabha on APSC) ।

সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই এই বিষয়ে কয় যে, চৰকাৰৰ এয়া এক হঠকাৰী সিদ্ধান্ত ৷ যি সময়ত দেশৰ অন্যান্য ৰাজ্যত নিজৰ ৰাজ্য ভাষাসমূহক এনে পৰীক্ষাত বাধ্যতামূলক কৰিছে । UPSC পৰীক্ষাত অসমৰ পৰীক্ষাৰ্থীৰ বাবে অসমীয়া তথা অষ্টম অনুসূচীত ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক কৰিছে, তেনে সময়তে চৰকাৰে APSC পৰীক্ষাত অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰা কাৰ্য আশ্চৰ্যকৰ ৷

APSCৰ পৰা অসমীয়া ভাষা নোহোৱা কৰা সিদ্ধান্তই জাতিৰ সংকট আৰু বৃদ্ধি কৰিব

এই বিষয়ে বিশিষ্ট বুদ্ধিজীৱী তথা বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে কয় যে, অসমীয়া অসমীয়াত্বৰ ক্ষেত্ৰত চৰকাৰৰ দায়িত্ববোধ পূৰ্বতকৈ হ্ৰাস পাইছে । চৰকাৰে APSC ৰ অসমীয়া বাধ্যতামূলক প্ৰশ্নকাকতখন (Assamese Language Mandatory in Apsc Examination) নোহোৱা কৰাৰ সিদ্ধান্তক বাহিৰ প্ৰাৰ্থিক সুযোগ দিয়াৰ বাবে লোৱা সিদ্ধান্ত বুলি ক'ব পাৰি । অসমীয়া ভাষাক এলাগী কৰাৰ ষড়যন্ত্ৰ এয়া । চৰকাৰে প্ৰায় ৩০ বছৰ মানৰ পৰা অসম লোকসেৱা আয়োগৰ ক্ষেত্ৰত যিবোৰ বেমেজালি হৈছে সেইবোৰ সমাধান কৰিব লাগিছিল(Turmoil in APSC)।

"এই সিদ্ধান্ত লওঁতে ভাষাবিদ, জাতীয় সংগঠন, সাহিত্য সভাৰ মতামত ল'ব লাগিছিল । এই সিদ্ধান্ত অসম বিৰোধী । অসমৰ অস্তিত্বক উপেক্ষা কৰা হৈছে । এয়া চৰকাৰৰ বিবেচনাহীন, অদূৰদৃষ্টি সম্পন্ন সিদ্ধান্ত । এই সিদ্ধান্তই অসমীয়া জাতিৰ সংকট আৰু বৃদ্ধি কৰিব।"

APSCৰ পৰা অসমীয়া ভাষা নোহোৱা কৰা সিদ্ধান্তই জাতিৰ সংকট আৰু বৃদ্ধি কৰিব

আনহাতে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে এই বিষয় সন্দৰ্ভত কয় যে, অসমীয়া ভাষাটো এলাগী কৰাৰ বাবে অসম চৰকাৰ কেবিনেটত এই সিদ্ধান্ত । আছুৱে অসমীয়া ভাষাৰ প্ৰতি চূড়ান্ত অপমান বুলি গণ্য কৰিছোঁ । এই সিদ্ধান্ত অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনায় । অসমীয়া ভাষা বিৰোধী কোনো সিদ্ধান্ত নলবলৈ চৰকাৰক সকীয়াই দিয়ে দীপাংক কুমাৰ নাথে ।

লগতে পঢ়ক : Mission Basundhara : মিছন বসুন্ধৰাত কৰা আবেদনৰ ১৫ শতাংশ কামৰ অগ্ৰগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.