ETV Bharat / state

বন্দ্যা ইণ্টাৰনেচনেল স্কুল সন্দৰ্ভত বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 20, 2022, 5:32 PM IST

Vandya International School in Guwahati
বন্দ্যা ইণ্টাৰনেচনেল স্কুল সন্দৰ্ভত বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

খোদ মুখ্যমন্ত্ৰীৰ পত্নীৰ উদ্যোগত ৰাজ্যত মুকলি কৰা হ’ল অত্যাধুনিক বিলাসী শিক্ষানুষ্ঠান (Vandya International School in Guwahati) ৷ মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ উদ্যোগত আমিনগাঁৱত বিশাল পৰিসৰত মুকলি কৰা বন্দ্যা ইণ্টাৰনেচনেল স্কুলখনকলৈ বহু প্ৰশ্নৰ অৱতাৰনা হৈছে ।

গুৱাহাটী, ২০ আগষ্ট: অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক ক্ষেত্ৰত শুকুৰবাৰে সংযোজিত হ'ল বন্দ্যা ইণ্টাৰনেচনেল স্কুল নামেৰে এখন অত্যাধুনিক বিলাসী শিক্ষানুষ্ঠান(Vandya International School in Guwahati) । অসমত মাতৃভাষাৰ মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰাৰ লগতে চৰকাৰীভাৱে ইয়াক ধ্বংস কৰাৰ আখৰা চলি থকাৰ সময়তে ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠানৰ উত্থানকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বন্দ্যা ইণ্টাৰনেচনেল স্কুল সন্দৰ্ভত বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

বিশেষকৈ মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ(Riniki Bhuyan Sarma) উদ্যোগত আমিনগাঁৱত বিশাল পৰিসৰত মুকলি কৰা বন্দ্যা ইণ্টাৰনেচনেল স্কুলখনকলৈ বহু প্ৰশ্নৰ অৱতাৰনা হৈছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই(Opposition leader Debabrat Saikia) । তেওঁ কয় যে চৰকাৰ মুৰব্বী তথা সংবিধানৰ শপত গ্ৰহণ কৰি সাধাৰণ জনতাৰ সেৱাৰ বাবে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা হিমন্ত বিশ্ব শৰ্মাই কিছু বিশেষ লোকৰ ল'ৰা-ছোৱালী‌ৰ বাবে এখন ব্যয়বহুল বিদ্যালয় স্থাপন কৰা কাৰ্য গৰিহণাৰ যোগ্য ।

২০১৮ চনত অসম বিধানসভাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় মাছুল সন্দৰ্ভত গৃহীত হোৱা আইনখনক(Assam Govt fixes maximum annual fees for private schools) খোদ মুখ্যমন্ত্ৰীয়ে উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতিগৰাকীয়ে । এইক্ষেত্ৰত তেওঁ সমস্ত বিষয়টোৰ উচিত তদন্ত দাবী কৰে ।

লগতে পঢ়ক: অজন্তা নেওগে ক'লে ৰাজভঁৰাল টনকিয়াল হৈয়ে আছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.