অজন্তা নেওগে ক'লে ৰাজভঁৰাল টনকিয়াল হৈয়ে আছে

By

Published : Aug 20, 2022, 2:51 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

অসম চৰকাৰৰ ৰাজভঁৰাল টনকিয়াল হৈ আছে বুলি মন্তব্য় কৰিছে বিত্ত মন্ত্ৰী অজন্তা নেওগে(Finance minister Ajanta Neog in Tezpur)। শনিবাৰে তেজপুৰত তেওঁ এইদৰে মন্তব্য কৰে । ৰাজ্যত কোনো ধৰণৰ বিত্তীয় নাটনি হোৱা নাই বুলি মন্তব্য় কৰি তেওঁ পুনৰ কয় যে পূৰ্বতকৈ চৰকাৰে অধিক কৰ সংগ্ৰহ(State government collects more taxes)কৰিছে। এইদৰে অধিক কৰ সংগ্ৰহ হোৱা বাবেই ৰাজ্য়খনৰ আৰ্থিক অৱস্থা টনকিয়াল হৈ আছে কয় বিত্ত মন্ত্ৰীগৰাকীয়ে । আনহাতে,বৰ্তমান ৰাজ্যত অত্যাধিক মূল্য বৃদ্ধিৰ বাবে বিত্ত মন্ত্ৰীগৰাকীও চিন্তিত বুলি মন্তব্য কৰে। তেওঁ কয় যে পৰিস্থিতি সাপেক্ষে মূল্য বৃদ্ধি হোৱাটো স্বাভাৱিক কথা । অৱশ্য়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে উমৈহতীয়া প্ৰচেষ্টাত এই মূল্য বৃদ্ধি নিয়ন্ত্ৰিত হ'ব বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে । তেওঁ মূল্য বৃদ্ধি আৰু বিত্ত বিভাগৰ মাজত কোনো সম্পৰ্ক নাই বুলি কয়। ইপিনে,জিএছটি(GST) প্ৰসংগত তেওঁ কয় যে এয়া নিৰ্ধাৰণ কৰে জিএছটি কাউন্সিলে(GST Council)। এইক্ষেত্ৰত চৰকাৰক দোষাৰোপ কৰাৰ যুক্তি নাই ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.