ETV Bharat / state

Flood in Guwahati City: উৰণ সেতু নিৰ্মাণেৰে উন্নয়ন নহয়; মুখ্যমন্ত্ৰীক কটাক্ষ সাংসদ অজিত ভূঞাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 4:39 PM IST

Flood in Guwahati City
artificial flood in Guwahati City

নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন ৰাজধানী চহৰ গুৱাহাটী মহানগৰী । সাগৰ সদৃশ পৰিৱেশ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত । ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা । চৰকাৰৰ তথাকথিত উন্নয়নক কঠোৰ ভাষাৰে সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ ।

মুখ্যমন্ত্ৰীক কটাক্ষ সাংসদ অজিত ভূঞাৰ

গুৱাহাটী, ৬ অক্টোবৰ: বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজধানী চহৰ গুৱাহাটী মহানগৰী জলমগ্ন হৈ পৰিছে । সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে গুৱাহাটী মহানগৰীত । সকলোতে মাথো পানী । কৃত্ৰিম বানপানীৰ বাবে একপ্ৰকাৰে গুৱাহাটী মহানগৰীৰ স্বাভাৱিক জীৱন যাত্রা ব্যাহত হৈ পৰিছে । গুৱাহাটীৰ প্ৰায় প্ৰতিটো অঞ্চলেই কৃত্ৰিম বানৰ কৱলত পৰিছে ।

যোৱা শনিবাৰৰ বিয়লি হোৱা ধাৰাসাৰ বৰষুণৰ পাছতে গুৱাহাটী মহানগৰী জলমগ্ন হৈ পৰিছিল যদিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ইয়াক অস্বীকাৰ কৰিছিল । মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ ক’তো বিশেষ পানী হোৱা দেখা পোৱা নাই বুলি সদৰী কৰিছিল । বৃহস্পতিবাৰৰ নিশাৰ ধাৰাসাৰ বৰষুণৰ পাচতে শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ অৱস্থা অবৰ্ণনীয় হৈ পৰে । ভয়াৱহ কৃত্রিম বানৰ কৱলত পৰিছে প্ৰায় সমগ্ৰ মহানগৰী । ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা ।

লগতে পঢ়ক: Artificial flood in Guwahati:এজাক বৰষুণে ধুৱাই থৈ গ’ল স্মাৰ্ট মহানগৰীক; জলবন্দী মহানাগৰিক

গুৱাহাটীৰ এই নৰক সদৃশ পৰিৱেশ সন্দৰ্ভত শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে উন্নয়নৰ নামত গুৱাহাটী ভাঙি-ছিঙি চূৰমাৰ কৰা হৈছে । উজুটি খাই তথা নলাত পৰি মানুহৰ মৃত্যু হৈছে । পানী হৈছে কিন্তু তেওঁলোকে নেদেখে বুলি মুখ্যমন্ত্ৰীক কটাক্ষ কৰি সাংসদগৰাকীয়ে কয় যে এজাক বৰষুণতে সমগ্ৰ মহানগৰী জলমগ্ন হৈ পৰিছে । এফালে গুৱাহাটীত খোৱাপানীৰ অভাৱ আৰু আনফালে এজাক বৰষুণ দিলেই কৃত্ৰিম বান হয় ।

গুৱাহাটী নৰকত পৰিণত হৈছে বুলি সদৰী কৰি তেওঁ কয় যে চৰকাৰখনে কোৱা উন্নয়নৰ প্ৰকৃত স্বৰূপটো এই পানীত ওলাই পৰিছে । পৰিকল্পনা বিহীনভাৱে কাম কৰি থকা হৈছে বুলি অভিযোগ কৰি কেৱল উৰণ সেতু নিৰ্মাণ কৰিলেই উন্নয়ন নহয় বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে । তেওঁ লগতে কয় যে বিজেপি চৰকাৰে এতিয়া মিছা কথাৰে শাসন চলাইছে । গুৱাহাটীত হোৱা ভয়াৱহ কৃত্ৰিম বানৰ বাবে জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে বুলি সদৰী কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিয়ক ।

লগতে পঢ়ক: Flood in Guwahati; জলমগ্ন : কৃত্ৰিম বানত উটি গ’ল গুৱাহাটী মহানগৰৰ আভিজাত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.