ETV Bharat / state

Artificial flood in Guwahati:এজাক বৰষুণে ধুৱাই থৈ গ’ল স্মাৰ্ট মহানগৰীক; জলবন্দী মহানাগৰিক

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 1:15 PM IST

artificial flood in guwahati
স্মাৰ্ট মহানগৰীত এতিয়া চাৰিওফালে পানী

মহানগৰ নে মহাসাগৰ ! পুনৰ বুৰিল অভিজাত মহানগৰী ৷ স্মাৰ্ট মহানগৰীত এতিয়া চাৰিওফালে পানী আৰু পানী । কৃত্ৰিম বানে স্তব্ধ কৰিছে মহানাগৰিকৰ জীৱন যাত্ৰা । জলবন্দী মহানগৰীৰ বহু অঞ্চলৰ জনতা ।

স্মাৰ্ট মহানগৰীত এতিয়া চাৰিওফালে পানী

গুৱাহাটী, 6 অক্টোবৰ : এজাক বৰষুণ আহিলেই এতিয়া জলবন্দী হৈ পৰিব লাগে মহানগৰবাসী । বৰষুণ আহিলেই কৃত্ৰিম বানত বুৰ যায় অভিজাত মহানগৰীৰ আভিজাত্য । কি উলুবাৰী, কি চান্দমাৰী, মহানগৰীৰ প্ৰায়ভাগ অঞ্চল এতিয়া পানীৰ তলত । জলবন্দী হাতীগাঁও, ৰুক্মিণীগাঁও, বেলতলা, অনিল-নবীন নগৰ, ৰাজগড়, জু-ৰোড আদিকে ধৰি বহু অঞ্চলৰ জনতা ।

দীৰ্ঘদিন ধৰি চৰকাৰ প্ৰশাসনক কৃত্ৰিম বান ৰোধৰ বাবে আবেদন নিবেদন কৰি অহাৰ পিচতো আজি পৰ্যন্ত সমাধান নহ’ল মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা । কৃত্ৰিম বান ৰোধত বিফল গুৱাহাটী পৌৰ নিগম তথা চৰকাৰ প্ৰশাসন । তিনিদিন ধৰি পানীৰ মাজত আবদ্ধ হৈ পৰিছে অনিল নগৰবাসী । এটুপি খোৱা পানী আৰু এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে সেই অঞ্চলৰ বাসিন্দাই ।

শুকুৰবাৰে অনিল নগৰৰ লগতেই ৰাজগড়ৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা লোকসকলক SDRF বাহিনীয়ে সহায়ৰ চেষ্টা চলাইছে । পানীৰ মাজত আবদ্ধ হৈ পৰিছে স্কুল বাছকে ধৰি বহু বাহন । মহানগৰীৰ অধিক পানী হোৱা ঠাই হিচাপে চিহ্নিত হোৱা অনিল নগৰৰ চাৰিওফালে এতিয়া পানী আৰু দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে । কৃত্ৰিম বান ৰোধৰ বাবে বহু সময়ত অনিল নগৰবাসীয়ে আবেদন-নিবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত সুফল নাপালে ৷

চুপাৰ চাকাৰ, ৰবট আদিকে ধৰি কৃত্ৰিম বান ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা কোটিটকীয়া আঁচনি এতিয়া ফুটুকাৰ ফেনত পৰিণত হোৱা পৰিলক্ষিত হৈছে । উন্নত কৌশল অৱলম্বন কৰাৰ পিচতো ইমান দিনে সমাধান নহ’ল গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা । ইফালে গুৱাহাটীৰ কৃত্ৰিম বানত আবদ্ধ লোকক সহায়ৰ লগতে উদ্ধাৰৰ বাবে প্ৰশাসনে মুকলি কৰিছে হেল্প লাইন নম্বৰ । আবদ্ধ জনতাৰ বাবে ৯৩৬৫৪-২৯৩১৪ নম্বৰ মুকলি প্ৰশাসনৰ । আনহাতে কৃত্ৰিম বানৰ বাবে বন্ধ ঘোষণা কৰা হৈছে বহু কেইখন বিদ্যালয় । বাতিল কৰা হৈছে পৰীক্ষাও । এতিয়া এটাই প্ৰশ্ন কেতিয়া সমাধান হ’ব মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা ।

লগতে পঢ়ক : Flood in Guwahati; জলমগ্ন : কৃত্ৰিম বানত উটি গ’ল গুৱাহাটী মহানগৰৰ আভিজাত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.