Flood in Guwahati; জলমগ্ন : কৃত্ৰিম বানত উটি গ’ল গুৱাহাটী মহানগৰৰ আভিজাত্য

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 10:19 AM IST

thumbnail

গুৱাহাটী, ৬ অক্টোবৰ : বৰ্ষান্তৰৰ বৰষুণৰ পানীত জলমগ্ন গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্ত ৷ বৃহস্পতিবাৰে নিশা অহা নেৰা নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত একপ্ৰকাৰ উটি গ’ল গুৱাহাটী মহানগৰীৰ আভিজাত্য । ৰাতিৰ এজাক বৰষুণতে জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰীৰ ইমূৰৰ পৰা সিমূৰলৈ বহু অঞ্চল ৷ বৰষুণ দিলেই এতিয়া জীয়াতু ভুগিবলগীয়া হৈছে গুৱাহাটীবাসীয়ে ৷

যোৰাবাটৰ পৰা আৰম্ভ কৰি ৰুক্মিণী গাঁও, নবীন নগৰ, অনিল নগৰ, হাতীগাঁৱৰ জনৱসতিপূৰ্ণ কেইবাটাও উপ-পথ, চান্দমাৰী, ৰাজগড় ৰোড, গুৱাহাটী ক্লাৱ আৰু উলুবাৰী সংযোগী বি. বৰুৱা পথ, লেম্ব ৰোড, আমবাৰীৰ অগপ কাৰ্যালয়ৰ সমীপ আদি বিভিন্ন অঞ্চলত নিশা অহা বৰষুণৰ ফলত পুৱাৰ ভাগত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

কৃত্ৰিম বানপানীৰ ফলত পুৱাৰ ব্যস্ত মহানগৰীৰৰ জন জীৱনত ব্যাঘাত জন্মিছে ৷ বহু স্কুল বাছ, শিক্ষাৰ্থীৰ লগতে নিজ নিজ কৰ্মস্থলীলৈ কৰ্মচাৰীসকলো এতিয়া গন্তব্য স্থানলৈ যোৱাতো সমস্যাৰ সন্মুখীন হৈছে ৷ ইফালে মহানগৰীৰ বহু ঠাই যোৱা কেইবাদিনো ধৰি জলমগ্ন হৈ আছে ৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি,পৰৱৰ্তী দুদিন অসমত ধাৰাবাহিক বৰষুণৰ হোৱা সম্ভাৱনা অধিক ৷ উল্লেখ্য যে, পূৰ্বৰ বছৰবোৰতকৈ এইবাৰ গুৱাহাটীত এজাক বৰষুণতে ন ন অঞ্চল ডুব যোৱাটো পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Assam Weather Forecast : পশ্চিম অসমৰ কেইবাখনো জিলাত সতৰ্কতা জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.