ETV Bharat / state

Protest in Delhi : ভূমিৰ অধিকাৰৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ শিলসাঁকোৰ উচ্ছেদিত জনতাৰ

author img

By

Published : Aug 3, 2023, 3:56 PM IST

Protest in Delhi Over Silsako Eviction
শিলসাঁকোৰ উচ্ছেদিত জনতাৰ প্ৰতিবাদ

দিল্লীৰ যন্তৰ মন্তৰ কঁপালে শিলসাঁকোৰ উচ্ছেদিত জনতাই ৷ উচ্ছেদ সম্পূৰ্ণ বন্ধ কৰা, উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন দিয়া, ক্ষতি পূৰণ দিয়াৰ দাবীত এই প্ৰতিবাদ ৷

যন্তৰ মন্তৰত শিলসাঁকোৰ উচ্ছেদিত জনতাৰ প্ৰতিবাদ

গুৱাহাটী, 3 আগষ্ট : ভূমিৰ অধিকাৰৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰ কঁপালে শিলসাঁকোৰ উচ্ছেদিত জনতাই ৷ শিলসাঁকোত উচ্ছেদ সম্পূৰ্ণ বন্ধ কৰা, উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন দিয়া, লগতে ক্ষতি পূৰণ দিয়াৰ দাবী তুলি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে শিলসাঁকোৰ উচ্ছেদিত জনতাই ৷

বৃহস্পতিবাৰে এই প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে, উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ দাবীত যোৱা 6 টা মাহে শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিলসাঁকোত উচ্ছেদ কৰা প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক ক্ষতিপূৰণসহ পুনৰ সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো আজি পৰ্যন্ত কোনো এটা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ তাৰ বিপৰীতে চৰকাৰে বহিৰাগত পুঁজিপতিক সংস্থাপিত কৰাৰ স্বাৰ্থত শিলসাঁকোত পুনৰ উচ্ছেদ চলাবলৈ সাজু হৈছে ৷

চৰকাৰৰ এনে খিলঞ্জীয়া বিৰোধী নীতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে নতুন দিল্লীৰ যন্তৰ মন্তৰত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয় শিলসাঁকোৰ উচ্ছেদিত লোক ৷ তেওঁ লগতে কয় যে, জাতি, মাটি, ভেঁটিৰ কথা কোৱা চৰকাৰখনে শিলসাঁকোত কেৱল বাচি বাচি থলুৱা লোকক উচ্ছেদ কৰাৰ বিপৰীতে শিলসাঁকোৰ বুকুত থকা বহিৰাগত পুঁজিপতিৰ বৃহৎ বৃহৎ অট্টালিকাত উচ্ছেদ চলোৱা নাই ৷ এয়াই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ খিলঞ্জীয়া প্ৰীতি নেকি বুলি প্ৰশ্ন কৰে তেওঁ ৷

তেওঁ লগতে আৰু কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত গৈ অসমত কোনো ধৰণৰ প্ৰতিবাদ কৰা নাই, ধৰ্ণা দিয়া নাই বুলি কয় ৷ অসমত সকলো মানুহে তেওঁক মৰমত মামা বুলি মাতে ৷ এই কথাতো সম্পূৰ্ণ মিছা ৷ অসমত অসমীয়া সুৰক্ষিত নহয় সেয়া আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ বুলি মন্তব্য কৰে নেতাজনে ৷

লগতে পঢ়ক : Protest at Amguri : আমগুৰিৰ বৰাহীবাৰীত অএনজিচিৰ বিৰুদ্ধে প্ৰতিবাদ দল-সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.