Protest at Amguri : আমগুৰিৰ বৰাহীবাৰীত অএনজিচিৰ বিৰুদ্ধে প্ৰতিবাদ দল-সংগঠনৰ

By

Published : Aug 3, 2023, 3:11 PM IST

thumbnail

আমগুৰি, 3 আগষ্ট : শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰাহীবাৰীত বৃহস্পতিবাৰে তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগৰ খাদ অৱৰোধ কৰি প্ৰতিবাদ ৷ বৰাহীবাৰী অঞ্চলৰ ৰাইজ আৰু দল-সংগঠনে খাদ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ তেল খাদ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

অএনজিচিৰ গধুৰ যান-বাহন চলাচলত বিধ্বস্ত হোৱা পথ নিৰ্মাণৰ দাবীত অৱৰোধ তেল খাদটো ৷ দীৰ্ঘসময় ধৰি স্থানীয় ৰাইজক নবীন আলি পথ নিৰ্মাণৰ নামত প্ৰতাৰণা কৰাৰ লগতে তিনিখনকৈ জৰাজীৰ্ণ দলং মেৰামতিৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷

বৰাহীবাৰীৰ বিধ্বস্ত প্ৰায় চাৰি কিলোমিটাৰ পথ আৰু তিনিখনকৈ দলং শীঘ্ৰেই নিৰ্মাণৰ দাবী প্ৰতিবাদকাৰী সকলৰ ৷ অএনজিচি হায় হায়, অএ জিচিৰ প্ৰতাৰণা নচলিব, ৰাইজৰ দাবী পূৰণ কৰক শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাইজৰ দাবীক প্ৰতিষ্ঠানটোৱে গুৰুত্ব প্ৰদান নকৰিলে ভৱিষ্যতে জংগী আন্দোলনৰ হুংকাৰ দিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক : Congress protest in Tezpur: শোণিতপুৰ জিলা দিৱসৰ দিনাই তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.