ETV Bharat / state

Droupadi Murmu Assam visit : গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু

author img

By

Published : Oct 13, 2022, 1:57 PM IST

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ বিশেষ বিমানেৰে দিনৰ প্ৰায় 1 বজাত গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু । দুদিনীয়া ভ্ৰমণসূচীত কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে (Droupadi Murmu will attend several government functions) ।

President Draupadi Murmu arrives in Guwahati
গুৱাহাটীত উপস্থিত হ’ল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু

গুৱাহাটী, 13 অক্টোবৰ: ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে আজি অসমলৈ আহিছে দ্ৰৌপদী মুৰ্মু (India Preisident Droupadi Murmu)। দুদিনীয়া ভ্ৰমণসূচীৰে বিশেষ বিমানেৰে দিনৰ প্ৰায় 1 বজাত গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু (Lokpriya Gopinath Bordoloi International Airport)।

আগৰতলাৰ পৰা পোনে পোনে তেওঁ বিশেষ বিমানেৰে গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয় (President Draupadi Murmu visit Assam)। বিমান বন্দৰত ৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্তী হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনায় । বিমানবন্দৰত ৰাষ্ট্ৰপতিগৰাকীক গাৰ্ড অৱ অনাৰ দিয়া হয় । ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত দ্ৰৌপদী মুর্মুৰ এয়া প্ৰথম অসম ভ্ৰমণ । অসম আগমণৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীয়ে গুৱাহাটীত কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে ।

বৃহস্পতিবাৰে আৰু শুকুবাৰে গুৱাহাটীৰ যান-বাহন চলাচলৰ ক্ষেত্ৰত যান বাহন আৰক্ষীয়ে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । ৰাষ্ট্ৰপতিগৰাকীয়ে বিমান বন্দৰৰ পৰা পোনে পোনে বিশেষ হেলিকাপ্টাৰেৰে আই আই টি গুৱাহাটীলৈ যায় । তাত তেওঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব । তাৰ পিছত আই আই টি গুৱাহাটীৰ চৌহদত ৰাষ্ট্ৰপতিগৰাকীয়ে ছুপাৰ কম্পিউটাৰ সুবিধা থকা 'পৰম কামৰূপা’ উদ্বোধন কৰিব । লগতে এটা অত্যাধুনিক গৱেষণাগাৰো মুকলি কৰিব ।

ইয়াৰ উপৰিও তেওঁ ভার্চুৱেলী ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালখন উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড় আৰু জবলপুৰত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰিব (President Droupadi Murmu will inaugurate DMCH) । ইয়াৰ পাছত সন্ধিয়া তেওঁ খানাপাৰাত থকা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশা কটাব (Droupadi Murmu will attend several government functions) । আনহাতে ১৪ অক্টোবৰৰ দিনা তেওঁ পুৱা মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

ইয়াৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে তিনি হাজাৰ মডেল অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰাৰ লগতে মিছন সৌভাগ্য শুভ উদ্বোধন কৰিব । আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে চাহ বাগিচা এলেকাত স্থাপন কৰিবলগীয়া এশখন মডেল মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে চাৰিলেনযুক্ত গহপুৰ-হোলেংগী পথ আৰু দুইলেনযুক্ত শিলচৰ বদৰপুৰ পথো মুকলি কৰিব।

ইয়াৰ উপৰি ডিব্ৰুগড়-লিডু ৰোড (পেকেজ এক আৰু দুই)ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শিলচৰত পেট্ৰলমজুত কৰা ভাণ্ডাৰ মুকলি, নাগালেণ্ডৰ চৌখভিৰ পৰা মেঘালয়ৰ মেদিনী পথাৰলৈকে চলিবলগীয়া এখন ৰে'লৰ শুভাৰম্ভণি কৰিব ।

আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীৰ আগিয়াঠুৰিত স্থাপন কৰিব লগীয়া ৰে'লৰ এটা কাৰ্গো তথা ক’চিং টাৰ্মিনেলৰো আধাৰশিলা স্থাপন কৰিব । ইয়াৰ পাছতেই দুপৰীয়া বিশেষ বিমানযোগে দিল্লীলৈ উভতি যাব ৰাষ্ট্ৰপতিগৰাকী ।

লগতে পঢ়ক: President Murmu visits Assam: মহানগৰীত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.