ETV Bharat / state

Fasal Bima Yojana in Assam : অসমত ব্যৰ্থ প্রধানমন্ত্রী ফচল বীমা যোজনা; বৃদ্ধি পাইছে কৃষকৰ অনীহা

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 10:20 PM IST

মাহৰ পাচত মাহ ধৰি বীমাৰ ধন লাভ কৰা নাই বহু কৃষকে । বান আৰু খৰাং উভয়তেই লোকচানৰ সন্মুখীন হোৱা বহু কৃষকে বীমাৰ ধন পাবলৈ বাকী থকা সত্ত্বেও কোম্পানীসমূহে অযথা কাৰণ দৰ্শাই বিলম্ব কৰি আহিছে । বীমাৰ দাবী ধন লাভ নকৰাত এতিয়া প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ প্ৰতি কৃষকৰ অনীহা বৃদ্ধি পাইছে ।

Fasal Bima Yojana in Assam
প্রধানমন্ত্রী ফচল বীমা যোজনা

গুৱাহাটী, ১২ নৱেম্বৰ : কৃষকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ন কৰি আহিছে যদিও বিভিন্ন কাৰণত বহু আঁচনি ফলপ্ৰসূ হোৱা নাই । কৃষিপ্ৰধান ৰাজ্য অসমত জনপ্ৰিয় নহ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা । বীমাৰ নিষ্পত্তি প্ৰক্ৰিয়াত আৰোপ কৰা জটিলতাৰ বাবেই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই কৃষকক আকৰ্ষণ কৰিব পৰা নাই ।

বহু কৃষকে মাহৰ পাছত মাহ ধৰি বীমাৰ ধন লাভ কৰা নাই । চৰকাৰৰ সৈতে চুক্তিবদ্ধ হোৱা বীমা কোম্পানীসমূহে বীমাৰ দাবী অনুসৰি পাবলগীয়া ধন মুকলি কৰি দিয়াৰ ক্ষেত্ৰত অস্বাভাৱিক বিলম্ব কৰি অহাত কৃষকৰ মাজত আঁচনিখনক লৈ দিনে-দিনে অনীহা বৃদ্ধি পাইছে ।

ইফালে কৃষি বিভাগে গাঁৱে গাঁৱে পৰ্যাপ্তসংখ্যক সজাগতা সভা অনুষ্ঠিত নকৰাৰ ফলতো আঁচনিখন এইপর্যন্ত জনপ্ৰিয় হৈ উঠা নাই । উল্লেখ্য যে ২০১৬ চনত কেন্দ্ৰীয় চৰকাৰে কৃষকৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰম্ভ কৰিছিল । এই আঁচনিখন কাৰ্যকৰী কৰাৰ বাবে অসমত পাঁচটা বীমা কোম্পানীৰ সৈতে চুক্তি হৈছিল ।

অসমত চুক্তিবদ্ধ হোৱা কোম্পানীকেইটা হৈছে ক্ৰমে এগ্ৰিকালচাৰ ইঞ্চুৰেন্স কোম্পানী লিমিটেড, ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেড, এছ বি আই জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেড, এইচ ডি এফ চি ইৰগো জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেড আৰু ফিউচাৰ জেনেৰেল ইণ্ডিয়া ইঞ্চুৰেন্স কোম্পানী লিমিটেড । এই কোম্পানীকেইটাক জিলাসমূহ ভাগ ভাগ কৰি দায়িত্ব অৰ্পণ কৰা হৈছিল । বিগত ২০২১-২২ বৰ্ষত পৰৱৰ্তী তিনি বছৰৰ বাবে এই কোম্পানীকেইটাৰ সৈতে চৰকাৰে চুক্তি কৰিছিল ।

চুক্তি অনুযায়ী ধান, মৰাপাট, সৰিয়হ, মাটিমাহ, কুঁহিয়াৰ, আলু আদি খেতিৰ সৈতে জড়িত কৃষকক সামৰি লোৱাৰ কথা আছিল । অর্থাৎ উক্ত খেতি কৰা কৃষকে বীমা কৰিলে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত খেতিৰ ক্ষতিপূৰণ পোৱাৰ পথ প্ৰশস্ত হ’ব বুলি কোৱা হৈছিল । কিন্তু লক্ষ্যণীয় কথাটো হ'ল যে বছৰ পাৰ হোৱাৰ পাচতো বহু কৃষকে বীমাৰ দাবী ধন এতিয়াও লাভ কৰা নাই ।

বান আৰু খৰাং উভয়তেই লোকচানৰ সন্মুখীন হোৱা বহু কৃষকে বীমাৰ ধন পাবলৈ বাকী থকা সত্ত্বেও কোম্পানীসমূহে অযথা কাৰণ দৰ্শাই বিলম্ব কৰি আহিছে । কোম্পানীসমূহৰ এনে স্থিতিত এতিয়া আঁচনিখনৰ প্ৰতি কৃষকৰ অনীহা আহিছে । জানিব পৰা মতে এই পাঁচটা কোম্পানীৰ ভিতৰত এগ্ৰিকালচাৰ ইঞ্চুৰেন্স কোম্পানী ইণ্ডিয়া লিমিটেডে ৰাজ্যখনৰ সৰ্বাধিক জিলাত কৃষকক বীমাৰ সুবিধা আগবঢ়াবলৈ চুক্তিবদ্ধ হৈছিল । এই কোম্পানীটো কামৰূপ, কোকৰাঝাৰ, গোৱালপাৰা, ডিমা হাছাও, বঙাইগাঁও, শোণিতপুৰ, বিশ্বনাথ, ধেমাজি, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, দৰং, হাইলাকান্দি, কামৰূপ মহানগৰ, মৰিগাঁও আৰু বাক্সা জিলাৰ বাবে চুক্তিবদ্ধ হৈছিল ।

অৱশ্যে আন কোম্পানীকেইটাৰ ক্ষেত্ৰত জিলাৰ সংখ্যা কম আছিল । ইতিমধ্যে জিলাই জিলাই কিছুসংখ্যক কৃষকে পঞ্জীয়ন কৰি প্ৰিমিয়াম আদায় দিছে যদিও পূৰ্বৰ বহু কৃষকে বীমাৰ দাবী ধন লাভ নকৰাত এতিয়া দিনে দিনে আঁচনিখনৰ প্ৰতি কৃষকৰ অনীহা বৃদ্ধি পাইছে । আঁচনিখন কৃষকৰ মাজত জনপ্ৰিয় কৰি তোলাৰ দায়িত্ব আছিল অসম চৰকাৰৰ কৃষি বিভাগৰ । কিন্তু বিভাগটোৰ সজাগতাৰ অভাৱত আশা কৰা ধৰণে ৰাজ্যখনত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিখন সফল ৰূপত কাৰ্যকৰী নহ'ল ।

ঋণৰ ওপৰত ঋণ লৈ হিতাধিকাৰীক সন্তুষ্ট কৰাত ব্যস্ত থকা চৰকাৰখনে কৃষকৰ স্বাৰ্থ জড়িত এই আঁচনিখন জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত কাৰ্যতঃ ব্যৰ্থ হৈছে ।

লগতে পঢ়ক : ASTC Crisis : বিশাল ভূ-সম্পত্তি থাকিও মৃত্যুৰ দুৱাৰদলিত থিয় হৈ আছে ৰাজ্যৰ পৰিবহন বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.