ETV Bharat / state

পুনৰ অসমৰ ৰাজনীতিত 'কবিতা'ৰ চৰ্চা

author img

By

Published : May 31, 2022, 8:01 PM IST

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কবিত‍াৰ প্ৰত্যুত্তৰ কবিতাৰেই দিলে মন্ত্ৰী পীযুষ হাজৰিকাই । কবিতাৰ মাধ্যমেৰে আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত শাসক-বিৰোধীৰ ।
পুনৰ অসমৰ ৰাজনীতিত 'কবিতা'ৰ চৰ্চা
পুনৰ অসমৰ ৰাজনীতিত 'কবিতা'ৰ চৰ্চা

গুৱাহাটী, ৩১ মে': পুনৰ চৰ্চালৈ আহিছে 'কবিতা'। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত কিছুদিন পূৰ্বে কবিতাৰ বিশেষ চৰ্চা চলিছিল । ৰাজনৈতিক ক্ষেত্ৰত প্ৰতিদ্বন্দ্বীক আক্ৰমণৰ বাবে প্ৰয়োগ কৰা কবিতা পুনৰ চৰ্চালৈ আহিছে । এইবাৰো সুত্ৰপাত ঘটাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । পূৰ্বতেও মুখ্যমন্ত্ৰীক বিষয়বস্তু হিচাপে লৈ বিভিন্ন প্ৰেক্ষাপটত ভূপেন বৰাই কবিতাৰ মাধ্যমেৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰ্চালৈ আহিছিল ।

এইবাৰ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ ভূপেন বৰাই কবিতাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কবিতাৰ শিৰোনাম - Extra Judicial Killing । ভূপেন বৰাই লিখিছে - "অগ্নি দেৱতাই থানা দহিছে, জলদেৱতাই নৈপৰীয়াৰ নিদ্ৰা হৰিছে । একাউণ্টাৰ মৃত্যুৰ কিৰীলি হৈ দৌৰি ফুৰিছে, মৃত্যুৰ যজ্ঞৰ বাবেহে যেন প্ৰতিযোগিতা চলিছে ! বুলড'জাৰৰ বিকট শব্দত ডলু বাগিছাৰ চৰাইবোৰেও যেন আৰ্তনাদ কৰিছে ! ডিমা হাছাওৰ ভূমিস্খলনে মানৱতাৰ স্খলনৰ স'তে ফেপেৰি পাতিছে !"

ইমানতে শেষ হোৱা নাই । ভূপেন বৰাৰ এই কবিতাক লৈ ৰাজনৈতিক মহলত চৰ্চা চলাৰ সময়তে শাসকীয় পক্ষও থমকি ৰোৱা নাই । এইবাৰ ভূপেন বৰাক কবিতাৰে প্ৰত্যুত্তৰ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰী হাজৰিকাই লিখিলে - "সাঁতটা ইলেকচনত হ'লো মই পৰাস্ত, আঠটাত হাৰি হ'ম সৰ্বস্বান্ত । নাযাও মই প্ৰচাৰত,কৰিম মই কংগ্ৰেছ দল ধ্বংস । ৰাজীৱ ভৱনত কমাৰ্চিয়েল কমপ্লেক্স বনাম, টিকট বিক্ৰী কৰাৰ দৰে ৰাজীৱ ভৱন বিক্ৰী কৰি লুটিপুটি খাম ।"

ৰাজনীতিকৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ এনে কবিতাৰ ফল কি হ'ব সেয়া সময়েহে ক'ব যদিও সাধাৰণ লোকে কিন্তু ইয়াৰ দ্বাৰা যথেষ্ট ৰস পাইছে । চৰ্চিত হৈছে সামাজিক মাধ্যমতো ।

লগতে পঢ়ক: কামৰূপ মহানগৰত ধঁপাত সেৱনৰ ভয়ংকৰ পৰিণতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.