ETV Bharat / state

কামৰূপ মহানগৰত ধঁপাত সেৱনৰ ভয়ংকৰ পৰিণতি

author img

By

Published : May 31, 2022, 6:29 PM IST

ধঁপাত সেৱনৰ ফলত হ'ব পৰা বিভিন্ন সমস্যা, ৰোগ আদিৰ লগতে জনাসাধাৰণক ধঁপাতৰ ভয়াৱহতাৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে বিশ্বজুৰি পালন কৰা হৈছে ধঁপাত বিৰোধী দিৱস (World No Tobacco Day)। এই দিনটো অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ । কিয়নো শেহতীয়া তথ্যসমূহে দেখুৱাইছে যে ধঁপাতৰ ব্যৱহাৰ ৰাজ্যখনত অতি ভয়ংকৰভাৱে বৃদ্ধি পাইছে । ইয়াৰ কুপ্ৰভাৱো মানৱ সমাজৰ ওপৰত পৰিছে ।

World No Tobacco Day
কামৰূপ মহানগৰত ধঁপাত সেৱনৰ ভয়ংকৰ পৰিণতি

গুৱাহাটী,৩১ মে' : মুখ গহ্বৰত হোৱা কৰ্কট ৰোগৰ ফলত ভাৰতত পুৰুষৰ মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক (India has highest male mortality rate due to oral cancer)। দেশত প্ৰতি বছৰে ১৩ লাখ লোকে ধঁপাত সেৱনৰ ফলতে মৃত্যুৰ মুখত পৰে । বিশ্বত এই সংখ্যা বছৰি ৫০ লাখ । ৰাষ্ট্ৰীয় কৰ্কট ৰোগ পঞ্জীয়ন আঁচনিৰ শেহতীয়া তথ্য মতে, মেঘালয়ৰ পূব খাছী পাহাৰ জিলাত ধঁপাত জাতীয় খাদ্যৰ পৰা হোৱা কৰ্কট ৰোগ দেশৰ ভিতৰতে সৰ্বাধিক ।

ইপিনে অসমৰ কামৰূপ মহানগৰ জিলা ধঁপাত জাতীয় খাদ্যৰ পৰা হোৱা কৰ্কট ৰোগৰ ক্ষেত্ৰত দেশৰ ভিতৰতে চতুৰ্থ স্থানত আছে । তথ্য মতে মেঘালয়ৰ পূব খাছী পাহাৰ জিলাত ধঁপাত জাতীয় খাদ্যৰ পৰা ১ লাখ লোকৰ ভিতৰত ৮.৬ শতাশৰ কৰ্কট ৰোগ হয় । আকৌ কামৰূপ মহানগৰ জিলাত ধঁপাত জাতীয় খাদ্যৰ পৰা ১ লাখ লোকৰ ভিতৰত ৬.৫ শতাশৰ কৰ্কট ৰোগ হয় ।

গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ তথ্য মতে যোৱা পাঁচ বছৰত ধঁপাত সেৱনৰ ফলত কৰ্কট ৰোগ হোৱা ৩,২০৯ গৰাকী পুৰুষ আৰু ১,১২৩ গৰাকী মহিলা ৰোগী চিনাক্ত হৈছে । ইয়াৰে ১৪.৫ শতাংশ পুৰুষ আৰু ৯.৫ শতাংশৰ Esophageal cancer আৰু ৯.৬ শতাংশ মহিলাৰ কণ্ঠনলী আৰু খাদ্যনলীৰ সংযোগস্থলীৰ কৰ্কট চিনাক্ত হৈছে ।

তথ্য অনুসৰি, ভাৰতত বছৰি ২৭ লাখ লোকে ধঁপাত সেৱন কৰি আহিছে । ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কোষৰ তথ্য মতে, অসমত আকৌ ১৩-১৫ বছৰ বয়সৰ ১১.৯ শতাংশ যুৱকে ধঁপাত সেৱন কৰে (Tobacco consumption rate in Assam)। ৯০ শতাংশ মুখৰ কৰ্কট ৰোগ কেৱল ধঁপাত সেৱনৰ ফলতে হয় । দেশৰ লগতে ৰাজ্যতো ধঁপাত ব্যৱহাৰকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে (Tobacco use has increased in Assam)।

২০১৬-১৭ বৰ্ষৰ ‘গ্ল’বেল এডাল্ট টবেকো ছার্ভে' অনুযায়ী অসমৰ ৪৮.২ শতাংশ লোকে ধঁপাত সেৱন কৰে । ইয়াৰ ভিতৰত ৬২.৯ শতাংশ পুৰুষ আৰু ৩২.৯ শতাংশ মহিলা । দৈনিক ব্যৱহাৰকাৰীৰ সংখ্যা ৩৫.৮ শতাংশ । ইয়াৰে ৪২.৬ শতাংশ পুৰুষ আৰু ২৮.৭ শতাংশ মহিলা ।

ধঁপাতে মানৱ শৰীৰৰ লগতে এই পৃথিৱীখনত বিভিন্ন ধৰণে ক্ষতি সাধন কৰি আহিছে (Various effects of tobacco consumption in human body)। প্ৰধানকৈ বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ বৃদ্ধি কৰিছে । ধঁপাত সেৱনৰ ফলত মানৱ সমাজলৈ স্বাস্থ্য, পৰিৱেশকে ধৰি বিভিন্ন ধৰণে অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক অধিক সজাগ-সচেতন কৰাৰ উদ্দেশ্যে বুধবাৰে ৰাজ্যজুৰি আয়োজন কৰা হৈছে বিশ্ব ধঁপাত বিৰোধী দিৱস ।

লগতে পঢ়ক :নলবাৰীত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.