ETV Bharat / state

Pijush Hazarika vs Kejriwal: এইবাৰ কেজৰিৱালক প্ৰত্যাহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ

author img

By

Published : Apr 4, 2023, 1:01 PM IST

Updated : Apr 4, 2023, 2:05 PM IST

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে সৰৱ বিজেপিৰ নেতাসকল ৷ বিধানসভা চৌহদত কেজৰিৱালৰ বক্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ কেজৰিৱালৰ পৰা ১২ লাখ চাকৰি দিয়াৰ তালিকা বিচাৰে মন্ত্ৰী হাজৰীকাই ৷ মে'ৰ শেষৰফালে ৯৫ হাজাৰ নিযুক্তি সম্পূৰ্ণ হোৱাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ নিযুক্তিৰ সম্পূৰ্ণ তালিকাখন পঠাই দিয়া হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই (Pijush Hazarika Challenge Arvind Kejriwal) ৷

Pijush Hazarika Challenge Arvind Kejriwal
কেজৰিৱালক প্ৰত্যাহ্বান পীযুষৰ

অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী পীযুষ হাজৰীকা

গুৱাহাটী, ৪ এপ্ৰিলঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গুৱাহাটীত বিশাল জনসভা সম্বোধন কৰি যোৱাৰ পাছত এতিয়া বিজেপিৰ নেতাসকল সৰৱ হৈ পৰিছে ৷ কেজৰিৱালৰ প্ৰতিটো কথাক যেন মিছা প্ৰতিপন্ন কৰাৰ বাবে উঠি-পৰি লাগিছে বিজেপিৰ মন্ত্ৰী-বিধায়কসকল (Pijush Hazarika reacts on Kejriwal comment) ৷

মঙলবাৰে বিধানসভাৰ বাজেট অধিৱেশনৰ দিনা বিধানসভা চৌহদত কেজৰিৱালৰ বক্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ কেজৰিৱালে তেওঁৰ শাসনকালত ১২ লাখ চাকৰি দিয়া বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত মন্ত্ৰী হাজৰীকাই কেজৰিৱালৰ পৰা ১২ লাখ চাকৰি দিয়াৰ তালিকা বিচাৰে (Pijush Hazarika Challenge Arvind Kejriwal) ৷

তেওঁ কয় যে অসম চৰকাৰে এতিয়ালৈকে ৪৩ হাজাৰ চাকৰি দিলে আৰু শীঘ্ৰেই ৪৪ হাজাৰ নিযুক্তি দিবলৈ গৈ আছে ৷ তেওঁ লগতে কয় যে মে' মাহৰ শেষৰফালে নিযুক্তিৰ সংখ্যা ৯৫ হাজাৰ পাৰ হ'ব নাইবা স্পৰ্শ কৰিব ৷ ইয়াৰ পাছতেই মে'ৰ শেষৰফালে ৯৫ হাজাৰ নিযুক্তি সম্পূৰ্ণ হোৱাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ নিযুক্তিৰ সম্পূৰ্ণ তালিকাখন পঠাই দিয়া হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই (Pijush Hazarika vs Kejriwal) ৷

নিযুক্তি লাভ কৰা ৯৫ হাজাৰৰ নাম-ঠিকনা তথা কোন বিভাগত কি চাকৰি লাভ কৰিছে সকলো তথ্য কেজৰিৱাললৈ পঠাই দিয়া হ'ব বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে কয় যে কেজৰিৱালে ১২ লাখ চাকৰি দিয়া বুলি কৈছে যেতিয়া তেওঁলোকে তালিকাখন এতিয়াই পঠাই দিব পাৰে (Pijush Hazarika Challenged Delhi CM Arvind Kejriwal) ৷

কেজৰিৱাল আৰু অসমত থকা আপৰ নেতাসকলৰ প্ৰতি আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে মিছা আস্ফালন কৰি মানুহক বুৰ্বক সজোৱাৰ অপচেষ্টা নকৰিব ৷ যদি সঁচাই ডেৰ লাখ চাকৰি থকা এখন ৰাজ্যত ১২ লাখ লোকক চাকৰি দিছে তেন্তে ভাল কথা আৰু এই তালিকাখন দিবলৈ অৰ্থাৎ ৰাজহুৱা কৰিবলৈ আহ্বান জনালে মন্ত্ৰী পীযুষ হাজৰীকাই (Pijush Hazarika Challenged Delhi CM) ৷

লগতে পঢ়ক: Exchange office of Namrup : সলনি হ‘ল নামৰূপ নিয়োগ বিনিময় কেন্দ্ৰৰ ঠিকনা

Last Updated :Apr 4, 2023, 2:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.