ETV Bharat / state

Opposition Unity: অসমত বিৰোধী ঐক্য মঞ্চৰ ঐক্যত আউল লগাৰ সম্ভাৱনা

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 3:29 PM IST

কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১৫টাকৈ বিৰোধী ৰাজনৈতিক দলে ১৪টা সমষ্টিত দিব উমৈহতীয়া প্ৰাৰ্থী। ৰাইজৰ দলৰ চূড়ান্ত ত্যাগৰ বিপৰীতে আম আদমি পাৰ্টীৰ লাগে পাঁচখন আসন। বহুকেইটা দলে আসন বিচৰাটো নিশ্চিত। চি পি আই (এম) দলে ইতিমধ্যেই বৰপেটা সমষ্টি বিচাৰিছে। আসন ভাগ-বাটোৱাৰকলৈ মনোমালিন্য হোৱাৰ আশংকাই দেখা দিছে বিৰোধী ঐক্য মঞ্চত।

Opposition Unity
অসমত বিৰোধী ঐক্য মঞ্চৰ ঐক্যত আউল লগাৰ সম্ভাৱনা

গুৱাহাটী, ৭ নৱেম্বৰ: বিজেপিক প্ৰতিহত কৰাৰ একমাত্র স্বাৰ্থত ঐক্যবদ্ধ হৈছে বিৰোধী শক্তি। এ আই ইউ ডি এফক বাদ দি কংগ্ৰেছৰ নেতৃত্বত অসমত ঐক্যবদ্ধ হৈছে প্ৰায় সকলো বিৰোধী ৰাজনৈতিক দল। ইতিমধ্যে গঠন কৰা হৈছে বিৰোধী ঐক্য মঞ্চ, অসম আৰু কেইবালানি আলোচনাত মিলিত হৈছে বিৰোধী শক্তি। ইফালে আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চই প্ৰতিটো সমষ্টিত বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে প্ৰতিটো দলে চূড়ান্ত ত্যাগ স্বীকাৰ কৰিবলৈয়ো সাজু হৈছে।

ইতিমধ্যে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা নকৰাৰ কথা স্পষ্ট কৰি দি চূড়ান্ত ত্যাগৰ নিৰ্দশন দাঙি ধৰিলে বিধায়ক অখিল গগৈৰ নেতৃত্বৰ ৰাইজৰ দলে। অৱশ্যে ৰাইজৰ দলৰ বাহিৰে বিৰোধী ঐক্য মঞ্চত থকা কোনো এটা দলেই আসনৰ প্ৰসংগত ত্যাগৰ কথা স্পষ্ট কৰা নাই।

লক্ষণীয় বিষয় যে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্য মঞ্চত আছে মুঠ ১৫টা দল। ৰাইজৰ দলে চূড়ান্ত ত্যাগ কৰাৰ বিপৰীতে কিন্তু আম আদমি পাৰ্টী চমুকৈ আপে পাঁচখন আসন বিচৰাৰ পূৰ্বৰ স্থিতিৰ পৰা আঁতৰি অহা নাই। অৱশ্যে বিৰোধী ঐক্য মঞ্চৰ মজিয়াত এতিয়াও মুকলিকৈ আসন ভাগ-বাটোৱাৰৰ বিষয়টো আলোচনা হোৱা নাই।

কিন্তু আলোচনা নহ’লেও আপৰ অসমৰ ৰাজ্যিক নেতৃত্বই বিৰোধী ঐক্য মঞ্চৰ সভাপতিলৈ ডিব্ৰুগড়, শোণিতপুৰ, গুৱাহাটী, ধুবুৰী আৰু বৰপেটা লোকসভা সমষ্টি দাবী কৰি পত্র প্ৰেৰণ কৰিছে। পত্রত কোৱা হয় যে এইকেইটা সমষ্টিত 'ইণ্ডিয়া’ৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আপ প্রস্তুত হৈছে। আপৰ ৰাজ্যিক সমিতিয়ে প্ৰেৰণ কৰা এই পত্ৰ এতিয়া ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। স্বাভাৱিকতেই প্রশ্ন উঠিছে যে আপৰ দৰে ক্রমান্বয়ে শক্তিশালী হৈ আহিবলৈ ধৰা ৰাজনৈতিক দলে পাঁচখন আসন দাবী কৰাৰ লগে লগে অসমৰ বিৰোধী ঐক্যত আউল লাগিব নেকি। কাৰণ ৰাইজৰ দলৰ দৰে সকলো দলৰ ত্যাগৰ প্ৰসংগটো স্পষ্টভাৱে সন্মুখলৈ অহা নাই। তেনেস্থলত আপ নাইবা আন কোনো বিৰোধী দলে নিজাববীয়াকৈ সমষ্টি বিচাৰিলে নিশ্চিত ৰূপত বিৰোধী ঐক্য মঞ্চত ফাট মেলাৰ সম্ভাৱনা আছে।

অৱশ্যে বিৰোধী ঐক্য মঞ্চত থকা সকলো দলেই যে আসন বিচাৰিব তেনে নহয়। কিন্তু বহুকেইটা দলে আসন বিচৰাটো নিশ্চিত। ইতিমধ্যে চি পি আই (এম) দলে বৰপেটা সমষ্টিত প্রার্থী থিয় কৰোৱাৰ সিদ্ধান্ত সন্দৰ্ভত অসমৰ দায়িত্বত থকা জ্যেষ্ঠ কংগ্ৰেছী নেতা জিতেন্দ্র সিঙকো সাক্ষাৎ কৰিছে। অৰ্থাৎ চি পি আই (এম) দলে এখন আসন বিচৰ‍াটো নিশ্চিত। ইফালে অসম জাতীয় পৰিষদ আৰু তৃণমূল কংগ্ৰেছ দলেও আসন বিচৰাৰ প্ৰসংগটো চৰ্চিত হৈছে। কাৰণ অসম জাতীয় পৰিষদ আৰু অসম তৃণমূল কংগ্ৰেছে নিজাববীয়াকৈ লোকসভা নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধি তৎপৰতা অৱলম্বন কৰিছে।

অৱশ্যে সকলো বিষয় বিৰোধী ঐক্য মঞ্চত আলোচনা হোৱাৰ পাছতেহে স্পষ্ট হ'ব। এটা কথা স্পষ্ট যে আসন ভাগ-বাটোৱাৰৰ বিষয়টো মীমাংসা কৰাটো বিগ ব্ৰাডাৰ কংগ্ৰেছৰ বাবে তেনেই সহজ নহ'ব। ইফালে সমষ্টিক লৈ কংগ্ৰেছৰ নিজৰ মাজতো যুঁজ-বাগৰ আৰম্ভ হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত কেইবাটাও সমষ্টিৰ ব্যাপক সাল-সলনি হোৱাত কংগ্ৰেছ দলতে প্ৰতিযোগীতাৰ সৃষ্টি হৈছে। এনে এক পৰিস্থিতিত কংগ্ৰেছ নেতৃত্বই বিৰোধী ঐক্য মঞ্চৰ ঐক্য কিদৰে বৰ্তাই ৰাখে সেয়া লক্ষণীয় হ'ব।

লগতে পঢ়ক: Scam in JJM : জলজীৱন আচঁনিৰ ভুৱা পৰিচালনা সমিতি গঠনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.