Scam in JJM : জলজীৱন আচঁনিৰ ভুৱা পৰিচালনা সমিতি গঠনৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 2:26 PM IST

thumbnail

ধেমাজি, 7 নৱেম্বৰ: ধেমাজিত জল জীৱন আচঁনিৰ ভুৱা পৰিচালনা সমিতি গঠন কৰি অনিয়মেৰে জলমিত্ৰ নিযুক্তিক দিব বিচৰাক লৈ ক্ষোভ গাওঁবাসীৰ ৷ গ্ৰামাঞ্চলৰ ঘৰে ঘৰে এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে জল জীৱন মিছনৰ নামত অভিলাষী আচঁনি ৰূপায়ণ কৰিছে যদিও ঠায়ে ঠায়ে আচঁনি ৰূপায়ণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ জনস্বাস্থ্য কাৰিকৰী ধেমাজি সংমণ্ডলৰ অধীনৰ শান্তিপুৰ কোঁচ গাৱঁত জলজীৱন মিছন আচঁনিৰ নামত গাওঁখনত এতিয়া সমস্যাৰ সৃষ্টি হৈছে  ৷ 

অভিযোগমতে 125 জন লোকে বাস কৰা গাওঁখনত মাত্ৰ 17 জন লোকে আলাপ-আলোচনা নকৰাকৈ গাওঁখনৰ ৰাজহুৱা স্থানত নিৰ্মীয়মাণ অৱস্থাত থকা জলজীৱন আঁচনিৰ বাবে ভুৱা পৰিচালনা সমিতি গঠন কৰাৰ ্ভিযোগ তুলিছে গাঁওবাসীয়ে ৷ এই কথা এমাহৰ পিছত গাঁৱৰ ৰাইজে অৱগত হোৱাৰ পিছত পৰিচালনা সমিতিখন আৰু জলমিত্ৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি জাঙুৰ খাই উঠে ৷  

ইতিমধ্যে এই বিষয়ে গাওঁবাসীয়ে লিখিত অভিযোগ দাখিল কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধেমাজি সংমণ্ডলৰ বিষয়াক, ধেমাজি জিলা আয়ুক্ত আৰু সাংসদ প্ৰদান বৰুৱাক  ৷

লগতে পঢ়ক: MLA Sherman Ali Controversy: পুনৰ গৰজিল বিধায়ক শ্বেৰমান আলী; প্ৰশ্ন কৰাৰ বাবেই ভুক্তভোগীক গ্ৰেপ্তাৰৰ ভাবুকি !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.