ETV Bharat / state

অখিল গগৈৰ মতে নচলে সদন : বিশ্বজিৎ দৈমাৰী

author img

By

Published : Mar 15, 2022, 1:40 PM IST

Opposition stalls Assam assembly session
Opposition stalls Assam assembly session

অংগনবাদী কেন্দ্ৰৰ প্ৰসংগকলৈ সদন উত্তপ্ত কৰি তোলে বিৰোধীয়ে (Opposition stalls Assam assembly session) । অখিল গগৈকে ধৰি বিৰোধীৰ একাংশ বিধায়ক অধ্যক্ষৰ কাষলৈ আহি সৰৱ হৈ পৰে । অৱশেষত অধ্যক্ষই দহ মিনিটৰ বাবে সদন স্থগিত ৰাখে ৷

গুৱাহাটী, ১৫ মাৰ্চ : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ (Assam assembly budget session) দ্বিতীয় দিনা প্ৰশ্নকালীন ঘণ্টাত বিৰোধীয়ে সদন উত্তাল কৰি তোলে (Opposition stalls Assam assembly session) । অংগনবাদী কেন্দ্ৰৰ প্ৰসংগকলৈ সদন উত্তপ্ত হৈ পৰাত অধ্যক্ষই দহ মিনিটৰ বাবে সদন স্থগিত ৰাখে (Assam assembly session adjourned) । উল্লেখ্য যে, অংগনবাদী কেন্দ্ৰৰ প্ৰসংগত মন্ত্রী অজন্তা নেওগে সদনত বক্তব্য দাঙি ধৰাৰ সময়তে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ সৰৱ হৈ পৰে ।

Opposition stalls Assam assembly session
অখিল গগৈৰ মতে নচলে সদন

তেওঁ অভিযোগ কৰি কয় যে, মডেল অংগনবাদী কেন্দ্ৰৰ নামত গঠন কৰা কমিটীত বহিৰাগত লোকক অন্তৰ্ভুক্ত কৰা হৈছে । এই অভিযোগৰ পাছতে অংগনবাদী কেন্দ্ৰৰ নামত হোৱা দুৰ্নীতিৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছৰ লগতে বিৰোধী দলৰ বিধায়কসকল সৰৱ হৈ পৰে । অখিল গগৈকে ধৰি বিৰোধীৰ একাংশ বিধায়ক নিজৰ আসনৰ পৰা উঠি অধ্যক্ষৰ কাষলৈ আহি পৰিস্থিতি উত্তপ্ত কৰি তোলে । অৱশেষত অধ্যক্ষই দহ মিনিটৰ বাবে সদন স্থগিত ৰাখে (Assam assembly session adjourned) ।

সদন পুনৰ আৰম্ভ হোৱাৰ পাছতো কেইবাবাৰো সৰৱ হৈ পৰে অখিল গগৈ (Akhil Gogoi stalls Assam assembly) । আনকি অধ্যক্ষই এনেকুৱা বিধায়কক লৈ সদন কেনেদৰে চলিব বুলি মন্তব্য কৰাৰ লগতে কয় যে, কোনোবা গৰম হ'লে ময়ো গৰম হ’ম । অখিলৰ গগৈৰ মতে সদন নচলে তথা অধ্যক্ষ নচলে বুলি অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কয় । আনহাতে অখিল গগৈয়ে কয় যে, অধ্যক্ষ সদায় নিৰপেক্ষ হৈ থাকিব লাগে আৰু প্ৰতিশোধমূলক আচৰণ কৰিব নালাগে ।

লগতে পঢ়ক : বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা বহিস্কাৰ অখিল গগৈক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.