ETV Bharat / city

বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা বহিস্কাৰ অখিল গগৈক

author img

By

Published : Mar 14, 2022, 12:21 PM IST

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা বহিস্কাৰ কৰা হ’ল বিধায়ক অখিল গগৈক (Akhil Gogoi expelled from budget session) ৷ ৰাজ্যপালৰ ভাষণৰ মাজতে প্ৰতিবাদমুখৰ হৈ পৰা বাবেই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়কজনক বহিস্কাৰ কৰে ৷

Akhil Gogoi expelled from budget session
Akhil Gogoi expelled from budget session

গুৱাহাটী, ১৪ মাৰ্চ : সোমবাৰৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ বাজেট অধিৱেশনৰ (Assam assembly budget session) প্ৰথম দিনটোতেই সদনৰ পৰা বহিষ্কাৰ কৰা হয় শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক (Akhil Gogoi expelled from Budget session) । সদনৰ প্ৰথম দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয় ৰাজ্যপালৰ ভাষণৰে । ৰাজ্যপাল জগদীশ মুখীয়ে ৰাজ্য চৰকাৰখনৰ প্ৰশস্তিৰে ভৰা তেওঁৰ ভাষণ আৰম্ভ কৰাৰ পিছতে বিধানসভাৰ মজিয়াত প্ৰতিবাদমুখৰ হৈ পৰে বিধায়ক অখিল গগৈ (Akhil Gogoi protests inside the Assembly)।

ৰাজ্যপালে তেওঁৰ ভাষণত কেতবোৰ ভুল আৰু অসত্য তথ্য প্ৰকাশ কৰিছে বুলি অভিযোগ তোলে বিধায়ক গৰাকীয়ে । ৰাজ্যপালৰ ভাষণ চলি থকা অৱস্থাতে এইদৰে বিধায়কগৰাকী প্ৰতিবাদমুখৰ হৈ পৰাত বাধ্য হৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তেওঁক সদনৰ পৰা বহিষ্কাৰ কৰে ।

আনহাতে, নিজৰ স্থিতিত অটল হৈ থাকি বিধায়ক অখিল গগৈয়ে পিছত সাংবাদিকৰ আগত কয় যে, ৰাজ্যপালে কিছুমান ভুল আৰু অসত্য তথ্যৰে বিধানসভাত তেওঁৰ ভাষণ দাঙি ধৰিছে ।

অখিল গগৈয়ে উল্লেখ কৰা অনুসৰি, যিসময়ত ৰাজ্য চৰকাৰখনে দহ লাখ মেট্ৰিকটন ধান কৃষকৰ পৰা ক্ৰয় কৰা বুলি ঘোষণা কৰি আহিছে ৷ সেই সময়তে ৰাজ্যপালে তেওঁৰ ভাষণত কৈছে যে ৮৬ হাজাৰ মেট্ৰিকটন ধানহে ক্ৰয় কৰা হৈছে ।

তেওঁ আৰু কয় যে, চৰকাৰখনে ১০ মে'ৰ ভিতৰত এক লাখ নতুন নিযুক্তিৰ কথা কৈ আহিছে । কিন্তু ৰাজ্যপালে তেওঁৰ ভাষণত ২৭ হাজাৰ আৰু ৩৭ হাজাৰ নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰিছে । তেন্তে চৰকাৰখনৰ সফলতা ক'ত ? ৰাজ্যপালে তেওঁৰ ভাষণত কিহৰ বাবে চৰকাৰৰ সফলতাৰ দাবী কৰিছে বুলিও প্ৰশ্ন তোলে বিধায়ক গগৈয়ে ৷ তেওঁ কয় যে, ৰাজ্যপালে তেওঁৰ ভাষণত জলজীৱন মিছন সফল বুলি কৈছে । কিন্তু সকলোৱে জানে যে এইখন আঁচনিৰ নামত কিমান কেলেংকাৰী হৈছে ।

সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰি অখিল গগৈয়ে আৰু কয় যে, এনেবিলাক কথাৰ প্ৰতিবাদ কৰাৰ বাবেই তেওঁক বিধানসভাৰ পৰা বহিষ্কাৰ কৰা হৈছে । বিধানসভাৰ অধ্যক্ষ নিৰপেক্ষ নহয় আৰু তেওঁ বিজেপিৰ সদস্যৰ দৰে কাম কৰে বুলিও অখিল গগৈয়ে অভিযোগ তোলে (Akhil Gogoi against Assam Governor) । এজন জনপ্ৰতিনিধি হৈ পবিত্ৰ বিধানসভাৰ মজিয়াত ৰাজ্যপালৰ এনে মিছা আৰু ভুৱা ভাষণ শুনি থকাৰ ধৈৰ্য নাই বুলি মন্তব্য কৰি তেওঁ কয় যে দৰকাৰ হ'লে তেওঁ বিধায়ক পদেই ত্যাগ কৰিব ।

লগতে পঢ়ক : ৰাজ্যপালৰ ভাষণৰে আৰম্ভ বিধানসভাৰ বাজেট অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.