ETV Bharat / state

এক লাখ পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ: খালি পদৰ হিচাপ লাগে মন্ত্ৰী অজন্তাক

author img

By

Published : May 31, 2021, 3:58 PM IST

ৰাজ্যত সম্প্ৰতি সৰ্বাধিক পদ খালি হৈ আছে শিক্ষা, স্বাস্থ্য আৰু গৃহ বিভাগত । ৰাজ্যিক কৰ্মচাৰীৰ দৰমহাৰ নামত চৰকাৰে মাহে ব্যয় কৰিবলগীয়া হয় ৩,২০০ কোটি টকা । নতুনকৈ আৰু এক লাখ নিযুক্তি দিলে চৰকাৰক অতিৰিক্তভাবে প্ৰয়োজন হ’ব আৰু চাৰিশৰ পৰা পাঁচশ কোটি টকা ।

এক লাখ পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভঃ খালি পদৰ হিচাপ লাগে মন্ত্ৰী অজন্তাক
এক লাখ পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভঃ খালি পদৰ হিচাপ লাগে মন্ত্ৰী অজন্তাক

গুৱাহাটী, ৩১ মে': "এটা বছৰৰ ভিতৰত গণি গণি এক লাখ ল'ৰা-ছোৱালীক চাকৰি দিম" । মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই এই ঘোষণা কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই । সেই অনুসৰি, নতুন নিযুক্তিৰ সমস্ত বিষয়টো চোৱাচিতাৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত গঠন কৰি দিয়া হৈছিল এখন উচ্চস্তৰীয় সমিতি ।

এতিয়া সেই সমিতি তৎপৰ হৈ পৰিছে নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ । প্ৰাপ্ত তথ্য অনুসৰি, ইতিমধ্যে উক্ত উচ্চস্তৰীয় সমিতিৰ অধ্যক্ষা অজন্তা নেওগে প্ৰতিটো বিভাগত কিমান সংখ্যক পদ খালি হৈ আছে তাৰ তথ্য বিচাৰি বিভাগসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে ।

আনহাতে, পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত বিভিন্ন বিভাগত প্ৰায় ১৫ হাজাৰ নতুন নিযুক্তিৰ বাবে আবেদন সংগ্ৰহ কৰা হৈছিল যদিও সেই বিভাগসমূহত কোনোধৰণৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নাছিল ।

দিছপুৰৰ এক সূত্ৰই ই টিভি ভাৰতক জনোৱা অনুসৰি, সম্প্ৰতি সৰ্বাধিক পদ খালি হৈ আছে শিক্ষা, স্বাস্থ্য আৰু গৃহ বিভাগত । কিন্তু ৰাজ্য চৰকাৰে এতিয়া নতুনকৈ এক লাখ নিযুক্তি দিবলৈ ওলালেও চৰকাৰখনৰ সন্মুখত থকা ডাঙৰ প্ৰত্যাহ্বানটোৱেই হ'ল বিত্তীয় দিশটো ।

কিয়নো আজিৰ তাৰিখত ৰাজ্যিক কৰ্মচাৰীৰ দৰমহাৰ নামত চৰকাৰে মাহে ৩,২০০ কোটি টকা ব্যয় কৰিবলগীয়া হয় । নতুনকৈ আৰু এক লাখ নিযুক্তি দিলে চৰকাৰক অতিৰিক্তভাবে প্ৰয়োজন হ’ব আৰু চাৰিশৰ পৰা পাঁচশ কোটি টকা ।

ইপিনে চৰকাৰৰ বৰ্তমানৰ আৰ্থিক অৱস্থা ভাল নোহোৱাৰ বাবেই এই পৰ্যন্ত আদায় দিব পৰা নাই ৰাজ্যিক কৰ্মচাৰীয়ে মৰগীয়া বানচৰ বাবদ পাবলগীয়া হৈ থকা ১,২০০ কোটি টকা ।

লগতে পঢ়ক : চাকৰিৰ খবৰ : ৩২৮৭ খালী পদত নিযুক্তি দিব পঞ্চায়ত‌ আৰু গ্ৰামোন্নয়ন বিভাগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.