ETV Bharat / state

No Covid Day Assam: প্ৰথমবাৰলৈ অসমত ক'ভিড আক্ৰান্ত শূণ্য

author img

By

Published : Mar 10, 2022, 10:52 PM IST

No Covid Day Assam
প্ৰথমবাৰলৈ অসমত ক'ভিড আক্ৰান্ত শূণ্য

আজিৰ দিনটোত ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্য হৈছে অসমত (No covid day Assam) ৷ আজিৰ দিনটোত ১,৭১৩ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু সকলোৰে ফলাফল নিগেটিভ হয় ।

গুৱাহাটী, ১০ মাৰ্চ: ৰাজ্যখনৰ বাবে অতিকৈ ভাল খবৰ । মহামাৰী ক'ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ক'ভিড সম্পৰ্কীয় সকলো বাধা-নিষেধ তথা নীতি-নিৰ্দেশনা উঠাই দিয়া হৈছিল যদিও সংক্ৰমণ একেবাৰে নাইকিয়া হোৱা নাছিল । সংখ্যাত কম হ’লেও দৈনিক লোক আক্ৰান্ত হৈছিল । কিন্তু ২০২০ চনৰ ১২ মে'ৰ পাছত আজি প্ৰথমবাৰলৈ ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্যলৈ নামে (No covid day Assam)।

বিগত বছৰৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা দ্বিতীয় ঢৌ আৰু যোৱা ডিচেম্বৰৰ শেষ ভাগত দেখা দিয়া তৃতীয় ঢৌৰ সমগ্ৰ সময়ছোৱাত প্ৰথমবাৰলৈ অসমত নতুনকৈ এগৰাকীও লোক ক'ভিড আক্ৰান্তৰূপে চিনাক্ত নোহোৱা দিন ৰূপে আজিৰ দিনটো পৰিগণিত হৈছে । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যখনে আজি এটা ক'ভিডমুক্ত দিন পাৰ কৰিবলৈ সক্ষম হোৱাৰ বাবে সমগ্ৰ ৰাজ্যবাসীৰ লগতে সকলো চিকিৎসক, স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী-সহায়িকাকে ধৰি ক'ভিড বিৰোধী যুঁজ তথা ক'ভিড প্ৰতিষেধক প্ৰদানত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী ব্যক্তিলৈ অভিনন্দন জ্ঞাপন কৰে । বৃহস্পতিবাৰে ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্য হোৱাটোক ক'ভিড বিৰোধী যুঁজৰ এইসকল সমুখ-সেনানীৰ বিগত দুবছৰজোৰা ঐকান্তিক প্ৰচেষ্টাৰ সুফল বুলিও মন্ত্ৰীগৰাকীয়ে অভিহিত কৰে ।

উল্লেখ্য যে, ৰাজ্যত ২০২০ চনৰ মাৰ্চত ক'ভিডৰ প্ৰথমটো ঢৌ আৰম্ভ হোৱাৰ পাছত সেইবছৰৰ ৩১ মাৰ্চৰ পৰা ক'ভিড পৰীক্ষা আৰম্ভ কৰা হৈছিল । সেই প্ৰথমটো ঢৌৰ আৰম্ভণিকালতে ২০২০ চনৰ ১২ মে'ত শেষবাৰলৈ অসমত দৈনিক চিনাক্ত হোৱা ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্য হৈছিল যদিও ইয়াৰ পাছত দ্বিতীয় আৰু তৃতীয় ঢৌ পৰ্যন্ত কেৱল আজিহে এই সংখ্যা শূন্যলৈ নমা পৰিলক্ষিত হ'ল । আজিৰ দিনটোত ১,৭১৩ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু সকলোৰে ফলাফল নিগেটিভ হয় (Covid update Assam)।

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিক-দৰ্শন আৰু উদগণিত স্বাস্থ্য বিভাগে ৰাজ্যত ক'ভিডৰ বিৰুদ্ধে সফলতাৰে যুঁজিবলৈ সক্ষম হোৱা বুলি স্বাস্থ্যমন্ত্ৰী মহন্তই দোহাৰে । ইয়াৰ বাবে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাক কৃতজ্ঞতা জনাই কয় যে, ক'ভিডৰ প্ৰথমটো ঢৌৰ আৰম্ভণিৰ সময়ৰ পৰাই অসমে দেশৰ আন ৰাজ্যসমূহৰ তুলনাত অত্যন্ত ফলপ্ৰসূ আৰু সফলভাৱে এই বিশ্বজোৰা অতিমাৰীৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হ'ল । ড৹ শৰ্মাৰ বিচক্ষণতাৰ বাবেই অসমে আজি ক'ভিড বিৰোধী যুঁজত আশাব্যঞ্জক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয় ।

লগতে পঢ়ক: Amtron fraud case: এমট্ৰন কেলেংকাৰীত জড়িত এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.