ETV Bharat / state

Amtron fraud case: এমট্ৰন কেলেংকাৰীত জড়িত এজনক গ্ৰেপ্তাৰ

author img

By

Published : Mar 10, 2022, 9:47 PM IST

এমট্ৰন কেলেংকাৰীত জড়িত থকাৰ অভিযোগত চি আই ডিয়ে আন এজন অভিযুক্তক আটক কৰে ৷ চৰকাৰী একাউণ্টৰ পৰা ২.৫৭ কোটি টকা আত্মসাৎ কৰাত জড়িত আছিল ৰফিউৰ ৰহমান নামৰ লোকজন (Amtron fraud case accused arrested) ।

Amtron fraud case
এমট্ৰন কেলেংকাৰীত জড়িত এজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক: এমট্ৰন কেলেংকাৰীত জড়িত থকাৰ অভিযোগত চি আই ডিয়ে তামিলনাডুৰ তিৰুচিৰাপল্লিৰ পৰা ৰফিউৰ ৰহমান নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে (Amtron fraud case accused arrested)৷ বেংক অৱ মহাৰাষ্ট্ৰৰ পানবজাৰ শাখাত থকা এমট্ৰনৰ পৰিচালন সঞ্চালকৰ একাউন্টৰ পৰা 2.57 কোটি টকা প্ৰথমে আই চি আই চি আই বেংকৰ চালেম শাখাৰ এটা একাউন্টলৈ ট্ৰান্সফাৰ কৰা হয়৷ পৰৱৰ্তী সময়ত সেই একাউন্টৰ পৰা পুডুকুট্টাইৰ HDFC বেংক শাখাৰ এটা একাউন্টলৈ আৰু ESFB শাখালৈ ধনৰাশি ট্ৰান্সফাৰ কৰা হয় ৷

এই ঘটনা সন্দৰ্ভত দুজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে ৷ আটকাধীন ৰফিউৰ ৰহমান দীৰ্ঘ দিনে পতালক হৈ আছিল আৰু চিংগাপুৰত পলাই আছিল ৷ তেওঁৰ পাছপ’ৰ্ট, সম্পূৰ্ণ ঠিকনা অসম চি আই ডিয়ে ট্ৰেচ কৰে আৰু আৰু তেওঁ সন্ধানৰ জাননীখন ব্যুৰ অৱ ইমিগ্ৰেশ্যনে জাৰী কৰে ৷

যোৱা 8 মাৰ্চত তামিলনাডুৰ তিচি বিমানবন্দৰত ৰফিউৰক আটক কৰা হয় ৷ লগে লগে অসমৰ পৰা চি আই ডিৰ এটা দল তামিলনাডুলৈ ৰাওনা হয় আৰু তেওঁক আটক কৰে (CID arrests AMTRON fraud case accused ) ৷ গুৱাহাটী পোৱাৰ পাচত তেওঁক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ৷

লগতে পঢ়ক: দণ্ডাধীশক অপব্যৱহাৰ:অভিযুক্ত আৰক্ষী বিষয়াক বৰ্খাস্তৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.