ETV Bharat / state

প্ৰমাণহীন অভিযোগেৰে ডেৰবছৰে বন্দী কৰি ৰখা হৈছিল অখিল গগৈক

author img

By

Published : Jul 3, 2021, 9:42 PM IST

তিনিগৰাকী 'প্ৰটেকটেড উইটনেছ' ৰ প্ৰমানহীন অভিযোগেৰে কৃষক নেতা অখিল গগৈক যোৱা ডেৰ বছৰে বন্দী কৰি ৰখা হৈছিল কাৰাগাৰত। এই গোপন সাক্ষীৰ মতে অখিল গগৈয়ে এটা দশকৰ আগৰ পৰাই উৰিষ্যা আৰু ঝাড়খণ্ড ৰ মাওবাদী সংগঠনৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক ৰাখি ৰাষ্ট্ৰ বিৰোধী কামকাজত লিপ্ত হৈ আহিছে। কিন্তু সেই গুৰুতৰ অভিযোগ ৰ বিপৰীতে নেছনেল ইনভেষ্টিগেচন এজেন্সী চমুকৈ এন আই এ ই কোনো তথ্য প্ৰমান আদালতত দাখিল কৰিব নোৱাৰিলে।

NIA charge sheet against akhil gogoi
প্ৰমাণহীন অভিযোগেৰে ডেৰবছৰে বন্দী কৰি ৰখা হৈছিল অখিল গগৈক

গুৱাহাটী, ৩ জুলাই : কৃষক নেতা তথা 'ৰাইজৰ দল'ৰ সভাপতি অখিল গগৈৰ বিপৰীতে অসম আৰক্ষী আৰু নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি (National Investigation Agency) চমুকৈ এন আই এই (NIA) যি গুৰুতৰ অভিযোগ তুলি তেওঁক দীঘলীয়া সময়ৰ বাবে বন্দী কৰি ৰাখিলে সেয়া আছিল কাৰ্যতঃ এক প্ৰহসন । এন আই এ (NIA)ৰ বিশেষ আদালতত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাটোৱে অখিল গগৈয়ে মাওবাদী সংগঠনৰ লগত সম্পৰ্ক ৰক্ষা কৰা বুলি অভিযোগনামা দাখিল কৰিছিল ।‌‌ সংস্থাটোৱে হয়টো আশা কৰিছিল‌ যে কেৱল প্ৰটেকটেড উইটনেছৰ (Protected Witness) সাক্ষ্যৰ আধাৰতেই কৃষক নেতাগৰাকীক ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত অভিযুক্ত কৰি পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰিব । কিন্তু সেয়া নহ'ল, কিয়নো এন আই এ (NIA) কৰ্তৃপক্ষই আদালতত দাখিল কৰা অভিযোগ নামাৰ বিপৰীতে কোনো প্ৰমাণ দাখিল কৰিব নোৱাৰিলে ।‌

অখিল গগৈৰ বিৰুদ্ধে কি আছিল অভিযোগ ?

ৰাজ্যত নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়ক (CAB) ৰ বিৰুদ্ধে চলা আন্দোলনত স্বাভাৱিকতে জড়িত হৈ পৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ‌‌‌ (KMSS) নেতা অখিল গগৈ । সেই অনুসংগতে গগৈৰ বিৰুদ্ধে ২০১৯ চনৰ ১৩ ডিচেম্বৰত গুৱাহাটী মহানগৰীৰ চান্দমাৰী থানাত এক গোচৰ ৰুজু কৰা হৈছিল ।‌‌ থানা খনৰ এছ আই মনোৰঞ্জন মজুমদাৰে প্ৰস্তুত কৰা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰ (১৬৮৮/২০১৯) টোৰ বাবেই যোৱা ডেৰ বছৰে বন্দী হৈ আছিল অখিল গগৈ । এই গোচৰত আৰক্ষীয়ে অখিল গগৈৰ বিৰুদ্ধে চাৰিটা মূল অভিযোগ উত্থাপন কৰিছিল ।

অভিযোগ কেইটা হ'ল:

ক) অখিল গগৈ আৰু তেওঁৰ আন তিনিজন সহযোগীৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতি মাওবাদী সংগঠন ৰিভুল্'চনাৰী কমিউনিষ্ট চেন্টাৰৰ (Revolutionary Communist Centre) লগত লগ লাগিছে ।‌‌ পৰৱৰ্তী সময়ত কৃষক সংগঠনটোক চি পি আই (মাওবাদী)ৰ লগত জড়িত কৰা‌ হৈছিল আৰু প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা‌ হৈছিল (৩৬-i) ।

খ) কেব(CAB) বিৰোধী আন্দোলনৰ নামত অখিল গগৈয়ে ৰাষ্ট্ৰ বিৰোধী কাম কাজত লিপ্ত হৈছে ।‌‌ এনে আচৰণক আনল'ফুল এক্টিভিটি (প্ৰিভেঞ্চন)এক্ট (unlawful activities (prevention) act)ৰ ১৫(I) (a) (iii) ধাৰাত সন্ত্ৰাসবাদ মূলক কাৰ্য বুলি উল্লেখ আছে (৩৬-ii) ।

গ) অখিল গগৈয়ে তেওঁৰ ভাষণৰ দ্বাৰা নাগৰিকৰ মাজত ৰাষ্ট্ৰ সন্দৰ্ভত ঘৃণাৰ ভাব বিয়পাই দিছিল ।‌‌ এই কথাই ৰাষ্ট্ৰীয় একতা আৰু সৎভাবক বিঘ্নিত কৰিছিল (৩৬-iii) ।‌‌

ঘ) ইয়াৰ বাহিৰেও একেধৰণৰ আৰু চাৰিটা অভিযোগ (৩৬-iv, ৩৬-v, ৩৬-vi, ৩৬-vii) আৰক্ষীৰ এজাহাৰৰ ভিত্তিত এন আই এ(NIA) উল্লেখ কৰা হৈছে।

কি কৈছিল 'প্ৰটেকটেড উইটনেছ' অৰ্থাৎ গোপন সাক্ষীয়ে :

এলানি অনুসন্ধানৰ শেষত এন আই এ (NIA)ৰ বিশেষ আদালতত অনুসন্ধানকাৰী সংস্থাটোৱে যি অভিযোগনামা দাখিল কৰিছে তাত তিনিজন প্ৰটেকটেড উইটনেছৰ বক্তব্য উল্লেখ কৰা হৈছে । প্ৰটেকটেড উইটনেছৰ পৰিচয় ৰাজহুৱা কৰিবলৈও অনুসন্ধানকাৰী সংস্থা কেতিয়াও বাধ্য নহয় । এন আই এৰ বিশেষ আদালতৰ গোচৰ (০২/২০২০) ৰায়দানত এই অভিযোগনামাৰ উল্লেখিত কথাৰ বৰ্ণনা দিয়া হৈছে।

প্ৰটেকটেড উইটনেছ 'এ' ৰ মতে অখিল গগৈৰ নিৰ্দেশ ক্ৰমে তেওঁ আৰু আন চাৰিজন কৃষক মুক্তিৰ সদস্যই উৰিষ্যাৰ গোপন স্থানত গৈ মাওবাদী সংগঠনৰ শিবিৰত পাঁচ মাহ প্ৰশিক্ষণ লৈছিল । যোৱাৰ দিনা তেওঁলোকে দাদাজী নামৰ মাওবাদী নেতা এজনৰ সহযোগত পশ্চিমবংগৰ হাওৰাৰ পৰা কটক আৰু ভুৱনেশ্বৰ হৈ মাওবাদীৰ শিবিৰত উপস্থিত হৈছিলগৈ । তাত তেওঁলোকে সঘনাই স্থান সলনি কৰিবলগীয়া হৈছিল আৰু বিভিন্ন পৰ্যায়ত মাওবাদীৰ কামাণ্ডাৰ লালু, মহিলা কামাণ্ডাৰ লক্ষ্মী আৰু জ্যেষ্ঠ নেতা কমাণ্ডাৰ আজাদক লগ পাইছিল ।

পিছত তেওঁলোকে অসমলৈ উভটি আহি অখিল গগৈক লগ ধৰি অসমতো কাম কাজ আগবঢ়োৱাৰ কথা কৈছিল । কিন্তু তেতিয়া অখিল গগৈয়ে অসমত তেনে কাম কৰাৰ‌ সময় হোৱা নাই বুলি কৈছিল । এই সাক্ষী জনৰ মতে পৰৱৰ্তী সময়ত তেওঁৰ লগত মাওবাদীৰ শিবিৰত প্ৰশিক্ষণ লোৱা আন চাৰিজন সদস্যক এদিনো লগ পোৱা নাই । তেওঁলোক‌ ক'ত গ'ল এই‌ সাক্ষী জনে নাজানে ।

প্ৰটেকটেড উইটনেছ 'বি'ৰ মতে ২০০৬ চন মানৰ পৰাই অখিল গগৈয়ে চিপিআই (মাওবাদী) ৰ লগত সংযোগ ৰক্ষা কৰি আহিছে ।‌‌ ২০০৬ চনত অখিল গগৈয়ে মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অমিত বাগছীৰ সৈতে গোলাঘাটত এক বৈঠকত মিলিত হয় আৰু কৃষক মুক্তিৰ সদস্যক মাওবাদীৰ প্ৰশিক্ষণ লৈ প্ৰেৰণ কৰাৰ বন্দৱস্ত কৰে ।‌‌ এই মাওবাদী নেতা গৰাকীৰ পৰা‌ অখিল গগৈয়ে এবাৰ পয়চল্লিশ হাজাৰ আৰু এবাৰ ষাঠি হাজাৰ টকাও লৈছিল ।

অমিত বাগছীৰ আগত অখিল গগৈয়ে নিজেই মাওবাদী সংগঠনত যোগ দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছিল বুলিও গোপন সাক্ষীয়ে এন আই এক অৱগত কৰিছিল । সাক্ষীৰ মতে পিপলছ ৱাৰ গ্ৰুপৰ(People's War group) কাম কাজ অসমত আৰম্ভ কৰিবলৈ সেই সময়ত মাওবাদী তৎপৰ হৈ উঠিছিল আৰু অখিল গগৈৰ সহযোগ বিচাৰিছিল । প্ৰটেকটেড উইটনেছ 'চি' ৰ অভিযোগ অনুসৰি ও কৃষক নেতা অখিল গগৈয়ে তেওঁক একাধিক বাৰ ধন দাবী কৰিছিল ।‌‌

ইয়াৰ উপৰিও এন আই‌‌ এই আদালতক এখন ফটো দাখিল কৰিছিল য'ত অখিল গগৈয়ে মাওবাদীৰ শিবিৰত আন আন কেডাৰ আৰু মাওবাদী নেতাৰ লগত ফটো উঠা বুলি প্ৰতিপন্ন কৰিব বিচৰা হৈছিল । এন আই এৰ মতে ফটোখন আছিল ঝাড়খণ্ডৰ সাৰন্ডা অৰণ্যৰ । কোৱা হৈছিল যে ফটোখন ২০০৯ চনৰ কোনোবা এটা সময়ৰ । চি পি আই (মাওবাদী) নিষিদ্ধ ঘোষণা হৈছিল ২০০৯ চনৰ ২২ জুনৰ দিনা কিন্তু অখিলে এই ফটোখন ২২ জুনৰ পাছত উঠা বুলি অনুসন্ধানকাৰী সংস্থাটোৱে প্ৰমাণ কৰিব নোৱাৰিলে ।

মনকৰিবলগীয়া যে এন আই এৰ বিশেষ আদালতে অখিল গগৈ আৰু আন চাৰিজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ‌‌‌ নেতাক নিৰ্দোষী ঘোষণা কৰাৰ লগে লগে এন আই‌ এ নামৰ কঠোৰ অনুসন্ধানকাৰী সংস্থাটোৱে কিমান এৰা ধৰা বা আক্ৰোশপূৰ্ণ ভাৱে অভিযোগনামা বনাইছিল সেয়া স্পষ্ট হৈ পৰিছে ।‌‌ এই গোচৰৰ মূল বিষয়েই আছিল অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলৰ ৰাষ্ট্ৰদ্ৰোহ । তিনিগৰাকী 'প্ৰটেকটেড উইটনেছ'ৰ ভাষ্যৰ মূল কথাও আছিল সেয়াই । কিন্তু গোচৰৰ ৰায়দান অনুসৰি অনুসন্ধানকাৰী সংস্থাটোৱে তেনে গুৰুতৰ অভিযোগৰ বিপৰীতে কোনো ধৰণৰ পতিয়ন নিয়াব পৰা তথ্য প্ৰমাণ আদালতক দিব নোৱাৰিলে ।‌‌

লগতে পঢ়ক :আই আই টি গুৱাহাটী আৰু উত্তৰ-পূব স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ মাজত বুজাবুজি চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.