ETV Bharat / state

New Militant Group GCLO: পৃথক কমতাপুৰৰ দাবীৰে আকৌ গঠন হ’ল এটা সশস্ত্ৰ সংগঠন GCLO

author img

By

Published : Feb 19, 2023, 6:50 PM IST

New Militant Group GCLO
পৃথক কমতাপুৰৰ দাবীৰে আকৌ গঠন হ’ল এটা সশস্ত্ৰ সংগঠন GCLO

পৃথক কমতাপুৰৰ দাবীৰে আকৌ গঠন হ’ল আন এটা সশস্ত্ৰ সংগঠন (Demand of Separate Kamatapur) ৷ গ্ৰেটাৰ কোচবিহাৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ GCLO নামেৰে নামকৰণ কৰা হৈছে সংগঠনটোৰ ৷ KLO ৰে শান্তি আলোচনা অব্যাহত থকাৰ মাজতে সংঠন হোৱা সংগঠনটোৱে এতিয়া বহন কৰিছে এক বিশেষ তাৎপৰ্য ৷

পৃথক কমতাপুৰৰ দাবীৰে আকৌ গঠন হ’ল এটা সশস্ত্ৰ সংগঠন GCLO

গুৱাহাটী, 19 ফেব্ৰুৱাৰী: কে এল অ'ৰে চৰকাৰৰ শান্তি আলোচনা হোৱাৰ পূৰ্বেই পৃথক কমতাপুৰৰ দাবীৰে অসমত আকৌ ভূমিষ্ঠ হ’ল এটা নতুন সশস্ত্ৰ সংগঠন । নতুনকৈ জন্ম লাভ কৰা সংগঠনটোৰ নাম হৈছে গ্ৰেটাৰ কোচবিহাৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ জি চি এল অ’(GCLO) ।

সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজদ্বীপ কোচ ওৰফে ৰঞ্জিত বৰ্মণে কোনো অজ্ঞাত স্থানৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এক ভিডিঅ’ বার্তা ৷ য’ত কে এল অ'ৰে চৰকাৰৰ আলোচনা ফলপ্ৰসূ নহ’লে হাতত অস্ত্ৰ লোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৱে (Greater Kamatapur Liberation Organization) ৷ ভিডিঅ’ বাৰ্তাৰ সৈতে আছিল বুজন পৰিমাণৰ মাৰণাস্ত্ৰৰ আলোকচিত্ৰ (GCLO formed demanding separate Kamatapur) ।

উল্লেখ্য যে, পৃথক কমতাপুৰৰ দাবীৰে সশস্ত্ৰ সংগ্ৰামৰ পণ গ্ৰহণ কৰা জীৱন সিংহৰ লগতে কেইবাজনো নেতাই দুটা দশকৰো অধিক কাল সংগ্ৰামৰ সৈতে জড়িত হৈ থাকি অৱশেষত শান্তি আলোচনাৰ বাবে মূলসুঁতিলৈ উভতি আহিছিল (KLO Chief Jibon Singha) । অৱশ্যে মূলসুঁতিলৈ উভতি আহিলেও জীৱন সিংহৰ সৈতে নাছিল আন শীর্ষ নেতা ৷ তদুপৰি তেওঁ লগত অনা নাছিল কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ । সকলো আছিল অৰণ্যৰ মাজতেই ।

তেনে এক পৰিস্থিতিৰ মাজতে এতিয়া পুনৰ এক নতুন সশস্ত্ৰ সংগঠনৰ উত্থানে নিশ্চয়কৈ এক অস্থিৰতাৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে (Militant group GCLO) । উল্লেখ্য যে, 17 জানুৱাৰীত কে এল অ'ৰ মুৰব্বী জীৱন সিংহসহ সংগঠনটোৰ 9 জনকৈ নেতা-সদস্যই ম্যানমাৰ এৰি ভাৰতত প্ৰৱেশ কৰিছিল । ভাৰতৰ মাটিত ভৰি থোৱাৰ পাচৰে পৰা জীৱন সিংহসহ নেতা-সদস্য সকলৰ খা-খবৰ নোহোৱা হৈছিল (Jibon Singha surrendered) ৷

ইয়াৰ পাছতেই প্ৰায় 25 দিন পাচত শেহতীয়াকৈ জীৱন সিংহই এক ভিডিঅ’ বাৰ্তাৰ লগতে প্ৰেছ বিবৃতি প্ৰেৰণ কৰিছিল । বিবৃতি যোগে ভাৰত চৰকাৰৰ তত্ত্বাৱধানত তেওঁলোক কুশলে থকাৰ কথা সদৰী কৰিছিল । লগতে কেন্দ্ৰীয় চৰকাৰৰ সৈতে সংগঠনটোৱে অনানুষ্ঠানিকভাৱে আলোচনা আৰম্ভ কৰাৰ কথাও সদৰী কৰিছিল জীৱন সিংহই (KLO Govt peace talk) ।

ইফালে, কে এল অ’ৰ শান্তি কমিটীৰ সদস্য বিশ্বজিৎ ৰায়েও সদৰী কৰিছিল যে জীৱন সিংহ আৰু তেওঁৰ সতীৰ্থসকল ভাৰত চৰকাৰৰ তত্ত্বাৱধানত কুশলে আছে । এই লৈ কমতাপুৰবাসী চিন্তিত হ’ব নালাগে । অচিৰেই কেন্দ্ৰীয় চৰকাৰ আৰু কে এল অ’ৰ মাজত দ্বিপাক্ষিক শান্তি চুক্তি হ’ব (Demand for separate Kamatapur) ।

আনহাতে জীৱন সিংহই কোচ-ৰাজবংশীসকলক প্ৰতাৰণা নকৰে বুলি উল্লেখ কৰি বিশ্বজিৎ ৰায়ে কৈছিল যে কমতাপুৰবাসীৰ সপোন বাস্তৱায়িত হ’বলৈ গৈ আছে । তেনেস্থলত পৃথক কমতাপুৰৰ দাবীৰে জি চি এল অ' নামেৰে আন এটা সংগঠনৰ জন্ম হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক: KLO peace agreement: ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহ সচিব আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালকৰে আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.