ETV Bharat / state

কিছু শিথিলতাৰে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা প্ৰকাশ

author img

By

Published : Aug 17, 2021, 1:01 PM IST

নতুন ক’ভিড নিৰ্দেশনা সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল সম্বোধন ৷ সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ অব্যাহত থাকিব সান্ধ্য আইন ৷ সন্ধিয়া ৬ বজালৈ খোলা থাকিব সকলো ৷ কেৱল ব্যক্তিগত যান-বাহনৰ বাবে আন্তঃজিলা যাতায়াত খোলা দিয়া হৈছে ৷ কামৰূপ(ম) জিলাত ব্যক্তিগত বাহনৰ চলাচলৰ ক্ষেত্ৰতো আন্তঃজিলা যাতায়াত বন্ধ থাকিব ৷ বাহনৰ যুগ্ম-অযুগ্ম নম্বৰৰ নিয়ম বাতিলৰ সিদ্ধান্ত ৷ MBBS, BSC Nursing, ইঞ্জিনিয়াৰিং, GNM ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বুধবাৰৰ পৰা পাঠদান আৰম্ভ ৷

কিছু শিথিলতাৰে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা প্ৰকাশ
কিছু শিথিলতাৰে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা প্ৰকাশ

গুৱাহাটী, 17 আগষ্ট : প্ৰকাশ পালে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা অথবা SOP ৷ মঙলবাৰে দিশপুৰৰ জনতা ভৱনত সম্বোধন কৰা এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সদৰী কৰে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা ৷ সংবাদমেলত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয়-' ৰাজ্যত কিছু পৰিমানে হ্ৰাস পাইছে কৰ'ণাৰ সংক্ৰমণ ৷ অৱশ্যে কামৰূপ(ম) জিলাৰ ক'ভিড পৰিস্থিতি এতিয়াও সন্তোষজনক নহয় ৷ গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া আছে ৷

ৰাজ্যখনৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন নিৰ্দেশনাত কিছু শিথিলতা জাৰি কৰা হৈছে ৷ বুধবাৰৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰ্দেশনা ৷ নতুন SOP অনুসৰি সন্ধিয়া ৬ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়, দোকান-পোহাৰকে আদি কৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ৷ ইয়াৰ পূৰ্বে ৫ বজালৈ খোলা আছিল সকলো ৷

আনহাতে সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ অব্যাহত থাকিব সান্ধ্য আইন ৷

ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা প্ৰকাশ
ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা প্ৰকাশ

আন্তঃৰাজ্যিক যাতায়াতৰ ক্ষেত্ৰত কৰা শিথিলতা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়-'কেৱল ব্যক্তিগত যান-বাহনৰ বাবে আন্তঃজিলা যাতায়াত খোলা দিয়া হৈছে ৷ যাত্ৰীবাহী যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা পূৰ্বৰ দৰেই বাহাল থাকিব ৷ কিন্তু কামৰূপ (ম) জিলাৰ ক'ভিড পৰিস্থিতি উন্নত নোহোৱা বাবে কামৰূপ মহানগৰ জিলাত ব্যক্তিগত বাহনৰ চলাচলৰ ক্ষেত্ৰতো আন্তঃজিলা যাতায়াত বন্ধ থাকিব ৷ জিলাখনৰ পৰা অহা-যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ থাকিব ৷

আনহাতে গাড়ীৰ যুগ্ম-অযুগ্ম নম্বৰৰ নিয়ম বাতিল কৰা হৈছে ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয়-' সভা-সমিতি, ৰাজহুৱা অনুষ্ঠানৰ ক্ষেত্ৰত মুকলি ঠাইত ২০০ লোক সমবেত হ’ব পাৰিব ৷ প্ৰেক্ষাগৃহত ৫০ শতাংশ লোকৰ উপস্থিতিৰে সভা-সমিতি অনুষ্ঠিত কৰিব পাৰিব ৷ অৱশ্যে এই সভা-সমিতিলৈ যোৱা লোকসকল দুয়োপালি ভেকচিন লোৱা হ'ব লাগিব ৷ বিবাহ তথা ঘৰুৱা মাংগলিক অনুষ্ঠান আদিত ২৫ জনকৈ লোক উপস্থিতি থাকিব পাৰিব ৷ অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰতো ২৫ জন লোক উপস্থিত থাকিব পাৰিব ৷

আনহাতে কামাখ্যা মন্দিৰকে ধৰি ঐতিহাসিক মঠ-মন্দিৰ-দৌল আদিত প্ৰতি ঘন্টাত ২০ জনকৈ লোক সমবেত হ'ব পাৰিব ৷ অৱশ্যে দুয়োপালি ভেকচিন লোৱা লোককহে প্ৰৱেশ কৰাৰ অনুমতি দিয়া হৈছে ৷ অন্য ধৰ্মীয় অনুষ্ঠানত সৰ্বাধিক ১০ জন লোকৰ সমাগমৰ অনুমতি দিয়া হৈছে ৷ ইফালে ভাদ মাহ উপলক্ষে ৰাজ্যৰ নামঘৰসমূহত নাম-কীৰ্তনৰ বাবে সামাজিক দূৰত্ব বৰ্তাই ৰাখি ৫০ শতাংশ লোকৰ সমাৱেশত অনুমতি দিয়া হৈছে ৷

সেইদৰে ৰিজ’ৰ্ট, হোটেল, ধাবা, বাৰ আদি ৫০ শতাংশ লোকৰে সন্ধিয়া ৬ বজালৈ খোলা ৰাখিব পাৰিব ৷ অৱশ্যে চিনেমা হল বন্ধ থাকিব ৷ শিক্ষানুষ্ঠান খোলাৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়-' পৰিস্থিতি ভাল হ'লে শিক্ষানুষ্ঠানসমূহ ছেপ্তেম্বৰৰ পৰা খোলাৰ কথা চিন্তা কৰা হৈছে ৷ অৱশ্যে MBBS, BSC নাৰ্চিং, ইঞ্জিনিয়াৰিং, GNM ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠদান বুধবাৰৰ পৰা আৰম্ভ হ’ব ৷

অৱশ্যে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলোৱে দুই পালিকৈ ক'ভিড ভেকচিন ল’ব লাগিব ৷ ইফালে দুই পালি ক'ভিড ভেকচিন লোৱা ব্যক্তি আৰু লগত অন্তিম টেষ্টিঙৰ প্ৰমাণপত্ৰ আনিলে বিমান বন্দৰত যাত্ৰীয়ে বেলেগকৈ ক'ভিড পৰীক্ষা কৰিব নালাগে ৷ আনহাতে, এপালি ভেকচিন লৈ আৰু এপালি ল’বলৈ কেইদিনমান বাকী থকা চৰকাৰী কৰ্মচাৰীসকলে কাৰ্যালয়লৈ আহিব পাৰিব ৷ ৩ বছৰ বা তাৰ তলৰ শিশু থকা মাতৃয়ে ঘৰৰ পৰাই কাম কৰিব লাগিব ৷ উল্লেখ্য যে, মঙলবাৰে অনুষ্ঠিত সংবাদমেলত স্বাস্থ্য বিভাগৰ কেইবাজনো উচ্চ পদস্থ বিষয়া উপস্থিত আছিল ৷

লগতে চাওক : আজি পহিলা ভাদ : হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ব ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.