ETV Bharat / state

Murder In Guwahati: 5 মাহৰ অন্তত গ্ৰেপ্তাৰ অভিযুক্ত হত্যাকাৰী বন্ধু

author img

By

Published : Nov 17, 2022, 9:28 PM IST

Murder Accused Arrested in Guwahati
5 মাহৰ অন্তত গ্ৰেপ্তাৰ হত্যাকাৰী বন্ধু

পাঁচ মাহ পূৰ্বে মহানগৰীত সংঘটিত হৈছিল এটা হত্যাকাণ্ড ৷ ডিঙি চেপি হত্যা কৰি নলাত পেলাই দিছিল মৃতদেহ ৷ অৱশেষত আৰক্ষীৰ জালত পৰিল এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত মূল অভিযুক্ত হত্যাকাৰী বন্ধু ৷

গুৱাহাটী, ১৭ নৱেম্বৰ: প্ৰায় পাঁচ মাহ পূৰ্বে মহানগৰীত সংঘটিত এক হত্যাকাণ্ডৰ মূল অভিযুক্তক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নুনমাটি আৰক্ষীয়ে (Murder In Guwahati)। ধৃত অভিযুক্ত নুনমাটি আৰক্ষী থানাৰ অন্তৰ্গত ২ নং নিজৰাপাৰৰ মজিবুৰ আলীৰ পুত্ৰ জাহান উদ্দিন বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি, মহানগৰীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সমীপৰ নলাত যোৱা ২৮ মে’ত নুনমাটি ২ নং নিজৰাপাৰৰ চৰিফুল আলী নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছিল । পিছত চৰিফুলৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত চানমাৰী আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩০২/৩৪ ধাৰাৰ অধীনত ২৪৯/২২ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল ৷ আৰক্ষীৰ তদন্তত জাহান উদ্দিন নামৰ এজন ব্যক্তিৰ ওপৰত উঠিছিল সন্দেহৰ আঙুলি ৷ তাৰ পিছতেই আৰক্ষীয়ে জাহানক বিচাৰি আৰম্ভ কৰিছিল অভিযান ৷ ইফালে অভিযুক্ত জাহানে আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰি 5 মাহ ধৰি পলাতক হৈ থাকে ৷

প্ৰথম অৱস্থাত পলাতক হৈ থকা জাহান উদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী । কিন্তু অপৰাধ আৰু অপৰাধী যিমানেই চতুৰ নহওক কিয়, আৰক্ষীৰ চকুৰ পৰা কিমান দিন পলাই থাকিব ? অৱশেষত আজি আৰক্ষীৰ হাতত ধৰা পৰিল হত্যাৰ মূল অভিযুক্ত জাহান উদ্দিন ৷

5 মাহৰ অন্তত গ্ৰেপ্তাৰ হত্যাকাৰী বন্ধু

পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, কাপোৰৰ দোকানৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল মৃত চৰিফুল ৷ কাপোৰৰ দোকানত কাম কৰি কোনো মতে পৰিয়াল পোহপাল দি আহিছিল চৰিফুলে ৷ কিন্তু চৰিফুল অজ্ঞাত আছিল যে এদিন নলে গলে লগা নিজৰ বন্ধুয়েই প্ৰাণ কাঢ়ি ল’ব তেওঁৰ ৷ জাহান উদ্দিন নামৰ বন্ধুজনে দুয়োৰে মাজত কোনো কথাক লৈ হোৱা সাধাৰণ তৰ্ক-বিতৰ্কৰ পিছতে ডিঙি চেপি হত্যা কৰি নলাত পেলাই দিছিল চৰিফুলক ।

তেতিয়াৰে পৰা জাহান উদ্দিন পলাতক অৱস্থাত আছিল । আজি হঠাৎ চৰিফুলৰ পৰিয়ালে অভিযুক্ত জাহান উদ্দিনক নুনমাটি পেট্ৰোল পাম্পত বাহনত পেট্ৰল ভৰাই থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ জাহান উদ্দিনক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে পূৰ্বে গোচৰটো চানমাৰী আৰক্ষী থানাত ৰুজু হৈ থকা বাবে অভিযুক্ত জাহানক চানমাৰী আৰক্ষীক গতাই দিয়ে নুনমাটি আৰক্ষীয়ে (Murder Accused Arrested in Guwahati)। এই হত্যাকাণ্ডৰ ঘটনাত জাহান উদ্দিনৰ উপৰিও আৰু কোনো লোকে জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: Aaftab Amin Poonawala: ফুড ব্ল'গাৰ আফতাব কেনেকৈ হ'ল হত্যাকাৰী..!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.