ETV Bharat / state

মোদী চৰকাৰৰ অহংকাৰ খৰ্ব কৰাৰ সময় সমাগত: গৌৰৱ গগৈৰ হুংকাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 9:32 PM IST

MP Gaurav Gogoi Criticizes BJP Government
মোদী চৰকাৰক কঠোৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ

INDIA Bloc Protest: দিল্লীৰ জন্তৰ মন্তৰত সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি মোদী চৰকাৰক হুংকাৰ সাংসদ গৌৰৱ গগৈৰ ৷ বিজেপি দলৰ অহংকাৰ খৰ্ব কৰাৰ সময় আহি পৰিছে, ইয়াৰ বিৰুদ্ধে সকলোৱে একত্ৰিতভাৱে যুঁজ কৰিব লাগিব বুলি মন্তব্য সাংসদগৰাকীৰ ৷

জন্তৰ মন্তৰত সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ প্ৰতিবাদত গৌৰৱ গগৈ

গুৱাহাটী , 22 ডিচেম্বৰ : “ইণ্ডি এলায়েন্সে ভয়ো খোৱা নাই আৰু শিৰনতও নকৰে ৷ বৰঞ্চ আমি যুঁজৰ বাবেহে সাজু হৈছোঁ ৷”- দিল্লীত হুংকাৰ অসমৰ কংগ্ৰেছ সাংসদ, লোকসভাৰ উপ দলপতি গৌৰৱ গগৈৰ ৷ শুকুৰবাৰে নতুন দিল্লীৰ জন্তৰ মন্তৰত সন্মিলিত বিৰোধী ঐক্যমঞ্চ "INDIA" ৰ উদ্যোগত অনুষ্ঠিত এক প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি লোকসভাৰ বিৰোধী উপ দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে কয় যে, "মই এই মঞ্চৰ পৰা বিজেপি আৰু মোদী চৰকাৰক এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো ৷ যদি আপোনালোকে ভাবিছে যে 140 সাংসদক নিলম্বিত কৰি আপোনালোকে আমাক ভয় খুবাৱ পাৰিব, ধমকি দিব পাৰিব তেন্তে এই সভালৈ আহি চাই যাওকহি ৷ ইণ্ডি এলায়েন্সে ভয়ো খোৱা নাই আৰু শিৰনতও নকৰে ৷ বৰঞ্চ আমি যুঁজৰ বাবেহে সাজু হৈছোঁ ৷”

সাংসদ গৌৰৱে লগতে কয়, “বিজেপি চৰকাৰে আমাৰ ওপৰত লাগিলে যিমানেই অত্যাচাৰ নকৰক, যিমানেই ইডি পঠাওক, পুলিচ লগাই অত্যাচাৰ কৰাওক কিন্তু এটা কথা মনত ৰাখিব যুঁজাৰু মানসিকতা আমাৰ ডি এন এত আছে ৷ যুঁজাৰু মানসিকতা আমাৰ তেজত আছে ৷ আমাৰ গৌৰৱোজ্জ্বল সংগ্ৰামী ইতিহাস আছে ৷ আমি স্বাধীনতা লাভৰ বাবে সংগ্ৰাম কৰিছিলো ৷ আমি অন্যায়, অত্যাচাৰ আৰু শোষণৰ বিৰুদ্ধে যুঁজিছিলো ৷ আজি আমি ভাৰতবর্ষৰ অখণ্ডতা ৰক্ষাৰ বাবে যুঁজ অব্যাহত ৰাখিছো ৷ আমি আমাৰ দলৰ আদৰ্শৰ বাবে, স্বাভিমানৰ বাবে যুঁজ অব্যাহত ৰাখিছো ৷ আমি দুখীয়া-দৰিদ্ৰ, কৃষক-শ্ৰমিক আৰু নিবনুৱা সকলৰ বাবে যুঁজি আছো ৷”

  • मोदी सरकार का अहंकार तोड़ने का समय आ चुका है।

    अगर मोदी सरकार को लगता है कि सांसदों को निलंबित करके हमें डरा या झुका सकते हैं, लेकिन INDIA गठबंधन न डरा है-न झुका है, हम लड़ाई के लिए तैयार हैं।

    क्योंकि लड़ाई हमारे खून, DNA और इतिहास में है।

    : लोकसभा में कांग्रेस के उपनेता… pic.twitter.com/aDRCQScu8Q

    — Congress (@INCIndia) December 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে বিৰোধীয়ে চৰকাৰৰ পৰা সংসদত কি দাবী কৰিছিল সেয়া ব্যাখা গৌৰৱ গগৈয়ে ব্যাখ্যা কৰে ৷ সাংসদ গগৈয়ে কয় যে মাথো বিৰোধীয়ে বিচাৰিছিল যে 13 ডিচেম্বৰত সংসদত যি অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হ'ল সেই বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা এটা বিবৃতি ৷ দেশৰ আটাইতকৈ সুৰক্ষিত গণতন্ত্ৰৰ মন্দিৰ স্বৰূপ সংসদৰ নিৰাপত্তা বেহু ভেদ কৰি কেনেকৈ এনে ঘটনা সংঘটিত হ'বলৈ পালে ? নিশ্চয়কৈ নিৰাপত্তাৰ ক্ষেত্ৰত ক'ৰবাত খুঁত আছিল ৷

দেশৰ আটাইতকৈ সুৰক্ষিত স্থানৰ নিৰাপত্তাজনিত বিষয় এটাত কেনেকৈ ইমান এটা ডাঙৰ খুঁত ৰৈ গ'ল সেই বিষয়ে ক'বলৈ বা নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিবলৈ গৃহমন্ত্ৰী সংসদলৈ আহিব লাগিছিল ৷ এইয়া লোকতন্ত্ৰৰ নিয়ম ৷ যেতিয়াই চৰকাৰৰ ভুল হয় তেতিয়াই প্ৰজাৰ ওচৰত চৰকাৰ জবাবদিহি হ’ব লাগে ৷ এয়াই আমাৰ সংবিধান প্ৰদত্ত গণতান্ত্ৰিক আৰু সংসদীয় পৰম্পৰা বুলি মন্তব্য গৌৰৱ গগৈৰ ৷ লগতে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীকো সমালোচনা কৰে গৌৰৱ গগৈয়ে ৷

গৌৰৱ গগৈয়ে কয়, ‘‘এই চৰকাৰৰ নিজৰ শক্তিৰ ওপৰত ইমানেই অহংকাৰ যে গৃহমন্ত্ৰী সংসদলৈ অহাৰ পৰিৱৰ্তে এটা ব্যক্তিগত চেনেলত গৈ মনৰ কথা কয় ৷ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সংসদলৈ অহাৰ পৰিবৰ্তে নিজৰ মন্তব্য এখন দৈনিক কাকতত দিয়ে ৷ আমি সকলোৱে এই দুই নেতাৰ চূড়ান্ত অহংকাৰ আৰু বিজেপি দলৰ অহংকাৰ খৰ্ব কৰাৰ সময় আহি পৰিছে ৷ ইয়াৰ বাবে আমি যুঁজিব লাগিব আৰু সকলোৱে একত্ৰিতভাৱে এই যুঁজ কৰিব লাগিব ৷ আমি সকলো এক হৈ থাকিব লাগিব ৷ নহ’লে আমাৰ দেশলৈ ভয়ংকৰ বিপদ আহি আছে ৷’’

সাংসদ গৰাকীয়ে লগতে কয়, “দেশৰ বিভিন্ন প্ৰান্তত এই ভয়াৱহ বিপদৰ ভিন ভিন উদাহৰণ আমি দেখিছো ৷ আমি দেখিছো যে মণিপুৰত আজি কি পৰ্যায়ত বিভাজন অনা হৈছে ৷ মণিপুৰত আজি কেনেধৰণে বহু লোকক সমাধিস্থ কৰা হৈছে ৷ দেশৰ হৈ অলিম্পিকত পদক লাভ কৰা হাৰিয়ানাৰ মহিলা খেলুৱৈক প্ৰতি কি পৰ্যায়ত অন্যায় কৰা হৈছে ৷ কিদৰে দেশত ধনী আৰু দুখীয়াৰ মাজত সাংঘাতিক ব্যৱধান বাঢ়ি গৈ আছে ৷ কেনেদৰে কৃষকৰ ওপৰত আক্ৰমণ আৰু অন্যায় কৰা হৈছে ৷”

এই মঞ্চৰ পৰাই সাংসদগৰাকীয়ে দাবী কৰে যে আগন্তুক লোকসভা নিৰ্বাচনত সন্মিলিত বিৰোধী শক্তি INDIA এলায়েন্স জয়ী হ'ব ৷

লগতে পঢ়ক : বিৰোধী সাংসদক বহিষ্কাৰ: শিলচৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.