বিৰোধী সাংসদক বহিষ্কাৰ: শিলচৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 7:35 PM IST

thumbnail

শিলচৰ, 22 ডিচেম্বৰ: সংসদৰ পৰা 146 জন বিৰোধী সাংসদক বহিষ্কাৰ কৰাৰ বিৰুদ্ধে শিলচৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ৷ কংগ্ৰেছৰ প্ৰতিবাদী সমদলত আৰক্ষীৰ বাধা ৷ আৰক্ষীৰ সৈতে ঠেলা-হেঁচা আৰু পাছত ৰাজপথ অৱৰোধ কৰি বিক্ষোভ কংগ্ৰেছী প্ৰতিবাদকাৰীৰ ৷

সংসদত 146 জন বিৰোধী সাংসদক বহিস্কাৰ কৰাৰ প্ৰতিবাদত গৰজি উঠিছে শিলচৰ কংগ্ৰেছ ৷ এই ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰে শিলচৰত জিলা কংগ্ৰেছৰ উদ্যোগত এক সমদল বাহিৰ কৰা হৈছিল ৷ প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদল কৰি জিলা আয়ুক্ত কাৰ্যালয়লৈ যোৱাৰ সময়তে আবৰ্ত ভৱনৰ সম্মুখত আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ ফলত আৰক্ষীৰ সৈতে ঠেলা-হেঁচাত লিপ্ত হয় প্ৰতিবাদকাৰীসকল ৷  

প্ৰতিবাদকাৰীসকলে আবৰ্ত ভৱনৰ সম্মুখত ৰাজপথ আৱদ্ধ কৰি প্ৰতিবাদ সাবস্ত্য কৰে ৷ চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে দীৰ্ঘ সময় ধৰি ৰাজপথ আৱদ্ধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে প্ৰতিবাদকাৰীসকলে ৷ ইয়াৰ মাজতে কেইবাজনো কংগ্ৰেছ নেতা তথা কৰ্মীক আটক কৰে আৰক্ষীয়ে ৷ 

লগতে পঢ়ক : দিল্লীৰ যন্তৰ মন্তৰত বিৰোধীৰ বিক্ষোভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.