ETV Bharat / state

কাজিৰঙা-নগাঁৱৰ লগতে যোৰহাটৰ পৰাও টিকট বিচাৰিলে গৌৰৱ গগৈয়ে

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 10:00 PM IST

MP Gaurav Gogoi: গৌৰৱ গগৈয়ে প্ৰাৰ্থিত্ব বিচাৰিছে তিনিটা সমষ্টিৰ পৰা ৷ কাজিৰঙা-নগাঁৱৰ লগতে যোৰহাটো পছন্দ গৌৰৱ গগৈৰ ৷ অনলাইন যোগে প্ৰাৰ্থিত্ব বিচাৰি জনালে আবেদন ৷

MP Gaurav Gogoi applied for three constituencies
অনলাইন যোগে প্ৰাৰ্থিত্ব বিচাৰি আবেদন

নিউজ ডেস্ক, 21 ডিচেম্বৰ : ৰাজ্যৰ কংগ্ৰেছ মহলেই হওক বা বিজেপি মহলেই হওক, সকলোৰে মাজত যোৱা দিনকেইটাত অন্যতম চৰ্চাৰ বিষয় হৈ আছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈয়ে 2024 ৰ নিৰ্বাচনত কোনটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ! আজি অৱশ্যে এই খু-দুৱনিৰ সামান্য অন্ত পৰে ৷ কিয়নো গৌৰৱ গগৈয়ে আজি যোৰহাট, কাজিৰঙা আৰু নগাঁও লোকসভা সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনায় ৷ সম্প্ৰতি, সংসদৰ অধিৱেশন চলি থকা হেতুকে দিল্লীৰ পৰাই অনলাইন যোগে তিনিওটা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি প্ৰদেশ কংগ্ৰেছলৈ প্ৰ-পত্ৰ প্ৰেৰণ কৰে গৌৰৱ গগৈয়ে ৷ স্বাভাৱিকতে গৌৰৱ গগৈয়ে এইদৰে তিনিটা সমষ্টিৰ পৰা একেলগে প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনোৱাটো তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে ৷

মন কৰিবলগীয়া বিষয়টো হ’ল যে, লোকসভাৰ মুঠ চৈধ্যখন আসনৰ বাবে এই পৰ্যন্ত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি মুঠ 80 গৰাকী সৰু-বৰ নেতাই আবেদন জনাইছে ৷ এই ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণৰূপে চিহ্নিত হৈছে নগাঁও লোকসভা সমষ্টি ৷ কিয়নো এই সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনোৱা তিনিওজনেই হ’ল কংগ্ৰেছৰ তিনিগৰাকী শীৰ্ষ নেতা ৷ উল্লেখ নকৰিলেও চলে যে, নগাঁৱৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰকিবুল হুছেইনৰ পিচতেই নগাঁৱৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনোৱা ‘হেভীৱেইট’ নেতাজনেই হ’ল গৌৰৱ গগৈ ৷

এতিয়া স্বাভাৱিকতেই সৃষ্টি হোৱা আন এক উৎকণ্ঠা হ’ল- গৌৰৱ গগৈয়ে কোনটো সমষ্টিৰ পৰা শেষ মুহূৰ্তত প্ৰাৰ্থিত্ব লাভ কৰিব ! যদিহে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই তেওঁক নগাঁৱত প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেন্তে ৰকিবুল হুছেইন বা প্ৰদ্যুৎ বৰদলৈৰ স্থিতি কি হ’ব ?

লগতে পঢ়ক : যিদিনা নিজেই পেট্ৰ’ল ভৰাবলৈ সক্ষম হ’ব, সেইদিনা নিজৰ পচন্দৰ মানুহক বাইকত উঠাওক : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.