ETV Bharat / state

যিদিনা নিজেই পেট্ৰ’ল ভৰাবলৈ সক্ষম হ’ব, সেইদিনা নিজৰ পচন্দৰ মানুহক বাইকত উঠাওক : মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 8:35 PM IST

Assam Royal Global University
ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয়

Assam Royal Global University : মহানগৰীৰ ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয়ত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠান ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তাৰ পাচত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনত উদ্বোধন কৰা হয় এটা নতুন শৈক্ষিক ভৱন ।

ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয়

গুৱাহাটী, ২১ ডিচেম্বৰ : বৃহস্পতিবাৰে মহানগৰীৰ বেতকুচিস্থিত ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয়ত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ । বিশ্ববিদ্যালয়খনত উদ্বোধন কৰা হয় এটা নতুন শৈক্ষিক ভৱন । শৈক্ষিক ভৱনটোত থাকিব G, H আৰু I ব্লক ।

অত্যাধুনিক সা-সুবিধা থাকিব এই শৈক্ষিক ভৱনটোত । বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত শৈক্ষিক ভৱনটো উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ভৱনটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেবাটাও বিষয় সামৰি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘পিতৃ-মাতৃয়ে ক্ৰয় কৰি দিয়া মটৰ চাইকেলৰ পিচফালে কেৱল পিতৃ-মাতৃয়ে অনুমতি দিয়া ছোৱালীকহে উঠাওক । যিদিনা নিজেই পেট্ৰ’ল ভৰাবলৈ সক্ষম সিদিনা নিজৰ পচন্দ অনুসৰি বাইকত মানুহ উঠাওক’’ । লগতে তেওঁ কয়, ‘‘সুৰাপান কৰি নিজকে হিৰো বুলি ভবাটো সাধাৰণ কথা । কিন্তু পিতৃ-মাতৃৰ ধনৰ মূল্য বুজি সুৰা নিকিনি গাখীৰ কিনা জনহে সৎ । এনেকুৱা কৰিবলৈ মানসিকভাৱে শক্তিশালী হ’ব লাগিব’’ ।

উপস্থিত শিক্ষাৰ্থীক উদ্দেশ্যি তেওঁ কয়, ‘‘প্ৰকৃত মানুহ হ’বলৈ সংস্কৃতি আৰু সংস্কাৰৰ প্ৰয়োজন । নিজেই নিজৰ পিতৃ-মাতৃক সন্মান নকৰিলে ভৱিষ্যতে নিজৰ পুত্ৰ কন্যাৰ পৰাও সন্মান আশা কৰাটোও ভুল । সংস্কৃতি সংস্কাৰ অবিহনে শুদ্ধ পথত চলাটো টান । সকলোৱে এটা লক্ষ্য ৰাখি আগবাঢ়িব লাগে । কোনোবাই শিক্ষক হৈয়েই ভাল পাই ৷ কোনোবাই চিকিৎসক-অভিযন্তা হৈয়েই ভাল পায় ৷ কোনোবাই মুখ্যমন্ত্ৰী হৈয়েই ভাল পায় । সকলোৱে দিনটোৰ কিছু সময় হ’লেও যোগাভ্যাস আৰু ধ্যান কৰিব লাগে ৷ ই মগজুক সক্ৰিয় কৰি ৰাখে’’ ।

তেওঁ আৰু কয়, ‘‘মুছলমান হ’লেই যে বহু বিয়া পাতিব লাগিব তেনে কথা নহয় ৷ ইয়াৰ বাবে হজৰত মহম্মদক অধ্যয়ন কৰিব লাগে’’ । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘শ্ৰীকৃষ্ণই বহু বিয়া পাতিছিল যদিও সন্তান কেৱল ৰুক্মিণীৰ পৰা হৈছিল । মহাদেৱে ভাঙৰ সমান্তৰালকৈ সমুদ্ৰ মন্থনত ওলোৱা বিষো পান কৰিছিল । এই কথাবোৰ অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে’’ ।

তেওঁ কয়, ‘‘আমি বিশ্বত ৰাজত্ব নকৰো ৷ কিন্তু আমি বিশ্বগুৰু হ’ম । মই আজি বিশ্ববিদ্যালয়খনৰ ভৱনটো দেখি যিমান সুখী তাতকৈ বেছি সুখী হ’ম বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ সফলতা আৰু কৰ্ম দেখি’’ ।

লগতে পঢ়ক : ৰাজ্যত আগবঢ়া নাই সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.