ETV Bharat / state

Murder case in Guwahati: লজ্জা ঢাকিবলৈ নৱজাতকক শৌচাগাৰৰ টেংকিত পেলাই হত্যা

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 10:04 PM IST

গুৱাহাটী মহানগৰীৰ বোন্দা ক'লনীত সংঘটিত হৈছে মানৱ সমাজক ভূ-লুণ্ঠিত কৰা ঘটনা । অবৈধভাৱে জন্ম দিয়া নৱজাতকক শৌচাগাৰৰ টেংকিত পেলাই নৃশংসভাৱে হত্যাৰ অভিযোগ ।
Infant murder case in Panikhaiti
মহানগৰীৰ বোন্দা ক'লনীত নৱজাতকক হত্যা

মহানগৰীৰ বোন্দা ক'লনীত নৱজাতকক হত্যা

গুৱাহাটী, ১ নৱেম্বৰ: মানৱ সমাজক ভূ-লুণ্ঠিত কৰা পুনৰ এক ঘটনা সংঘটিত হৈছে এইখন অসমত । এইবাৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক লজ্জাজনক ঘটনা । নিজৰ লজ্জা ঢাকিবৰ বাবে এগৰাকী মাতৃয়ে অবৈধভাৱে জন্ম দিয়া নৱজাতকক শৌচাগাৰৰ টেংকিত পেলাই নৃশংসভাৱে হত্যা কৰা ঘটনা পোহৰলৈ আহিছে । এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ বোন্দা ক'লনী অঞ্চলত ।

উল্লেখ্য় যে গুৱাহাটী মহানগৰীৰ বোন্দা ক'লনীৰ মহিলা গৰাকীয়ে দুই বছৰ পূৰ্বে হাৰিয়ানাৰ স্বামী গৃহ এৰি বোন্দাৰ মাতৃগৃহত আশ্ৰয় গ্ৰহণ কৰে । স্থানীয় ৰাইজৰ ভাষ্য় অনুসৰি মাতৃ গৃহত থাকি এই মহিলা গৰাকীয়ে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি জীৱন নিৰ্বাহ কৰি আছিল । এনেদৰে কাম-বন কৰি থকাৰ মাজতেই কোনো লোকৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি মহিলা গৰাকীয়ে গৰ্ভৱতী হয় । শাৰদীয় দুৰ্গা পূজাৰ বিজয়া দশমীৰ নিশা ১২ মান বজাত মহিলা গৰাকীয়ে এটি পুত্ৰ সন্তান প্ৰসৱ কৰে । এই কথা গোপনে ৰাখি লজ্জাৰ পৰা হাত সাৰিবলৈ মাতৃগৰাকীয়ে নৱজাতকক শৌচগাৰৰ টেংকিত পেলাই দিয়ে । যাৰ ফলত নাবজাতকে কৰুণভাৱে মৃত্যুক সাৱটি লয় ।

পিচত স্থানীয় একাংশ মহিলাই এই মহিলাগৰাকীৰ শাৰীৰিক অবয়বৰ পাৰ্থক্য় দেখি তেওঁক সোধা পোছা কৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে । ৰাইজৰ জেৰাত প্ৰসৱ কৰা অবৈধ সন্তানটি ঘৰৰ শৌচগাৰৰ টেংকিত পেলাই হত্যা কৰাৰ কথা মহিলা গৰাকী স্বীকাৰ কৰে । পিছদিনা পুৱা নবজাতকৰ মৃতদেহটো টেংকিৰ পৰা উলিয়াই আনিব বুলি ৰাইজৰ পতীয়ান নিয়াই সিদিনা নিশাই মহিলা গৰাকীয়ে ঘৰৰ পৰা পলায়ন কৰে ।

উক্ত ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আজি পানীখাইতি আৰক্ষীক খবৰ দিয়ে । ইয়াৰ পিচতেই আৰক্ষীৰ লোক ঘটনা স্থলীত উপস্থিত হৈ শৌচগাৰৰ টেংকিৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰৰ চেষ্টা চলায় যদিও দ' গাত হোৱা বাবে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । ইপিনে, পলাতক মহিলাগৰাকীক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Manash Bargohain joins ULFA I : আলফা(স্বা)লৈ গ’ল গোলাঘাটৰ মৰাণ গাঁৱৰ যুৱক মানস বৰগোহাঁই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.