ETV Bharat / state

পুনৰ ন্যায়িক জিম্মালৈ বিধায়ক শ্বেৰমান আলী

author img

By

Published : Oct 13, 2021, 7:21 PM IST

বিধায়ক পুঁজি আত্মসাতৰ অভিযোগত মুখ্যমন্ত্রীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক বিশেষ আদালত হাজিৰ কৰোৱা হয় । পাঁচদিনৰ জিম্মাৰ অন্তত পুনৰ জিম্মাত নিবিচৰাৰ বাবে শ্বেৰমান আলীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে ৷

MLA Sherman Ali remanded in judicial custody
পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ বিধায়ক শ্বেৰমান আলী

গুৱাহাটী, ১৩ অক্টোবৰ : শ্বহীদক লৈ ‍অপমানজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা শ্বেৰমান আলীক ৮ অক্টোবৰত পুনৰ আন এটা গোচৰত মুখ্যমন্ত্রীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল । বিধায়ক পুঁজি আত্মসাতৰ অভিযোগত মুখ্যমন্ত্রীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক বুধবাৰে বিশেষ আদালত হাজিৰ কৰোৱা হয় ।

পাঁচদিনৰ জিম্মাৰ অন্তত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে শ্বেৰমান আলীক আদালতত হাজিৰ কৰে । মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে বিধায়কগৰাকীক পুনৰ জিম্মাত নিবিচাৰিলে । যাৰ বাবে আদালতে শ্বেৰমান আলীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ যাব বিধায়ক শ্বেৰমান আলী ।

উল্লেখ্য যে, অসম আন্দোলনৰ শ্বহীদকলৈ বিতৰ্কিত মন্তব্য কৰা সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰত পানবজাৰ থানাই গ্ৰেপ্তাৰ কৰা বিধায়ক শ্বেৰমান আলীক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । ইয়াৰ পাছত তেওঁক বিধায়ক পুঁজি আত্মসাতৰ অভিযোগত মুখ্যমন্ত্রীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল ৷

গ্ৰেপ্তাৰৰ পিছতে বিশেষ আদালত হাজিৰ কৰোৱা হয় ৷ ইয়াৰ পাচত আদালতে বিধায়ক গৰাকীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ।

লগতে পঢ়ক: বোকাখাতত বলিৰ বাবে আগবঢ়োৱা 2 ম'হ মেলি দিয়া হ'ব কাজিৰঙাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.