ETV Bharat / state

MLA Akhil Gogoi : শিক্ষিত ৰাজ্য মিজোৰামত হিমন্তৰ কাজিয়া লগোৱা ভাষণ শুনিবলৈ মানুহ নাই: অখিল গগৈ

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 8:41 PM IST

MLA Akhil Gogoi Slams CM Himanta Biswa
মুখ্যমন্ত্ৰীক কটাক্ষ বিধায়ক অখিল গগৈৰ

মিজোৰামৰ বিধানসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ৷ অখিল গগৈৰ মন্তব্য যে হিমন্ত বিশ্ব শৰ্মাক মিজোৰামৰ মানুহে গ্ৰহণ নকৰে ৷ মিজোৰামত তেঁওৰ প্ৰাসংগিকতাই নাই বুলি কয় তেওঁ ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ অখিল গগৈৰ

গুৱাহাটী, 25 অক্টোবৰ : "হিমন্ত বিশ্ব শৰ্মাক মিজোৰামৰ মানুহে গ্ৰহণ নকৰে ৷" আসন্ন মিজোৰামৰ বিধানসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিস্ক্ৰিয়তাক লৈ কটাক্ষ বিৰোধীৰ অন্যতম শক্তিশালী নেতা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ৷ 7 নৱেম্বৰত হ’বলগীয়া মিজোৰামৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত বৃহস্পতিবাৰে বিশেষ মন্তব্য বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷

মিজোৰামত বেয়াকৈ বিজেপি হাৰিব বুলি কৈ অখিল গগৈৰ মন্তব্য যে হিমন্ত বিশ্ব শৰ্মাক মিজোৰামৰ মানুহে গ্ৰহণ নকৰে ৷ নেডাৰ মূল মানুহজন মিজোৰামলৈ আজিলৈকে কিয় যোৱা নাই বুলিও প্ৰশ্ন বিধায়ক অখিল গগৈৰ ৷ “হিমন্ত বিশ্ব শৰ্মাৰ মিজোৰামত ভাষণ দিবলৈ সাহসেই নাই ৷ হিমন্ত বিশ্ব শৰ্মাই মিজোৰামলৈ যাবলৈ ভয় কৰে ৷ শিক্ষিত ৰাজ্য মিজোৰামত হিমন্তৰ কাজিয়া লগোৱা ভাষণ শুনিবলৈ মানুহ নাই ৷ মিজোৰামত তেঁওৰ প্ৰাসংগিকতাই নাই ৷ মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীকেই অগ্ৰাহ্য কৰিছে ৷ একেলগে সভাত নবহো বুলি কৈছে ৷ হিমন্ত বিশ্ব শৰ্মা তাত কোন কূটা... ?”এই মন্তব্যৰে হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ অখিল গগৈৰ ৷

সংবাদমেলত বিধায়ক অখিল গগৈয়ে কয় যে, ভয়তে হিমন্ত বিশ্ব শৰ্মা মিজোৰামলৈ যোৱাই নাই ৷ দেশৰ আটাইতকৈ শিক্ষিত ৰাজ্যখনে হিমন্ত বিশ্ব শৰ্মাৰ বহুৱালি ভাষণ শুনিব নেকি বুলি প্ৰশ্ন কৰে তেওঁ ৷ হিমন্ত বিশ্ব শৰ্মাই বহুৱালিহে কৰে, নিৰ্বাচনী প্ৰচাৰত গৈ ধৰ্মীয় কথা কয়, হিন্দু-মুছলমানৰ কাজিয়া লগাৰ কথা কয়, গতিকে সেইজন মানুহৰ কথা ক’ত দেশৰ শিক্ষিত ৰাজ্যখনে শুনিব বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷

ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে পুনৰ কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ সাহসেই নাই, তেওঁ মিজোৰামত যাবই নোৱাৰে ৷ হিন্দু-মুছলমানে কাজিয়া লাগিব লাগে বুলি মিজোৰামৰ মানুহে কথা নাপাতে ৷ তেওঁলোকে নিজৰ সংস্কৃতি ৰক্ষাৰ কথা কয়, নিজৰ ভাষা ৰক্ষাৰ কথা কয় ৷ গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ দিবলৈ তাত ঠায়েই নাই ৷

মিজোৰামৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত অখিল গগৈয়ে কয় যে, খুব বেছি এখন বা দুখন আসনত জিকিব বিজেপি ৷ মিজোৰামৰ মানুহে মানৱতাবাদ বিৰোধী, মানৱতাৰ শত্ৰু, ধৰ্মীয় মৌলবাদ কৰা এটা দলক ভোট নিদিয়ে সেইটো নিশ্চিত ৷ মিজোৰামত বিজেপি পৰাস্ত হোৱাতো নিশ্চিত বুলি কৈ বিধায়ক গগৈয়ে এতিয়া মিজোৰামত নেডা ক’ত গ’ল বুলি হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে ৷ লগতে বিগত সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মা এক মিনিটৰ বাবেও কিয় মিজোৰামলৈ যোৱা নাই বুলি প্ৰশ্ন কৰে তেওঁ ৷

লগতে পঢ়ক : Opposition Unity Meeting : যোৰহাট লোকসভা আসনত প্ৰতিদ্বন্দিতাৰ লক্ষ্য ৰাইজৰ দলৰ; বিৰোধীৰ বৈঠকৰ পূৰ্বে দাবী অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.