ETV Bharat / state

Opposition Unity Meeting : যোৰহাট লোকসভা আসনত প্ৰতিদ্বন্দিতাৰ লক্ষ্য ৰাইজৰ দলৰ; বিৰোধীৰ বৈঠকৰ পূৰ্বে দাবী অখিল গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 7:48 PM IST

Press Meet of Akhil Gogoi
বিৰোধী ঐক্য মঞ্চৰ বৈঠক

বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বুধবাৰে গুৰুত্বপূৰ্ণ মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ৷ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাবে যোৰহাটৰ পৰা ৰাইজৰ দলে জয়লাভ কৰিবই বুলি মন্তব্য অখিল গগৈৰ ৷

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল

গুৱাহাটী, 25 অক্টোবৰ : লোকসভা নিৰ্বাচনক লৈ অসমৰ ক্ষেত্ৰত বৃহস্পতিবাৰ হ'ব কংগ্ৰেছৰ বাবে এক অগ্নি পৰীক্ষাৰ দিন ৷ বৃহস্পতিবাৰে গুৱাহাটীত কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হ’ব অসমৰ বিৰোধী ঐক্য মঞ্চৰ বৈঠক ৷ বৈঠকত অংশ ল’ব কংগ্ৰেছসহ 12 বিৰোধী দলে ৷ তাৰ পূৰ্বে বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক সন্দৰ্ভত বুধবাৰে গুৰুত্বপূৰ্ণ মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ৷ বৃহস্পতিবাৰৰ দিনটো অসমৰ বিৰোধী ঐক্য মঞ্চৰ বাবে হ'ব গুৰুত্বপূৰ্ণ দিন বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে বিজেপিক যিকোনো প্ৰকাৰে ৰোধিবলৈ বৃহস্পতিবাৰে বিৰোধীয়ে ৰণকৌশল প্ৰস্তুত কৰিব ৷

লোকসভাত এখন আসন বিচাৰিছে ৰাইজৰ দলে-

2024 ত যোৰহাট লোকসভা আসনখন দাবী কৰিছে ৰাইজৰ দলে ৷ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাবে যোৰহাটৰ পৰা ৰাইজৰ দলে জয়লাভ কৰিবই বুলি মন্তব্য অখিল গগৈৰ ৷ লোকসভা নিৰ্বাচনত কি হ’ব ৰাইজৰ দলৰ ভূমিকা ? এই প্ৰসংগত সাংবাদিকৰ সন্মুখত অখিল গগৈয়ে কয় যে 2024ৰ নিৰ্বাচনত মাত্ৰ এখন আসন বিচাৰিছে ৰাইজৰ দলে ৷ লগতে যোৱাটো বিধানসভা নিৰ্বাচনত ৰাইজৰ দলক কংগ্ৰেছ দলে বিশ্বাসঘাতকতা কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে, “2021ত কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰিছিল ৷ কংগ্ৰেছৰ ওপৰত এতিয়াও শংকা আছে, ভয় আছে বিৰোধী ঐক্যৰ ৷ এবাৰ সাপে খুটিলে ঘূৰি বাৰ লেজুলৈও ভয় ৷”

বিধায়ক অখিল গগৈয়ে লগতে মন্তব্য কৰে যে ইতিমধ্যে কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ৷ এই তালিকাত যোৰহাটত কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী নাই ৷ মধ্য অসমৰ যোৰহাটৰ আসনখন ৰাইজৰ দলে বিচাৰিছে ৷ যোৰহাটৰ পৰা ৰাইজৰ দল জয়ী হ’বই বুলি দাবী অখিল গগৈৰ ৷ নিজৰ দলে যোৰহাট লোকসভা আসনখন দাবী কৰাৰ সপক্ষে যুক্তি দি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে লগতে কৈছে যে “আমি 5-6খন আসন বিচৰা নাই ৷ যোৰহাটৰ আসনখনত প্ৰাৰ্থী দিলে আমি জিকিম ৷ সেয়েহে আমি জিকিব পৰাহ একমাত্ৰ এইখন আসনহে আমি বিচাৰিছো ৷ এখনো আসন নিবিচাৰিলে আমাৰ মিত্ৰতাৰ ওপৰত ৰাইজে প্ৰশ্ন উঠাব ৷ মই খেলিম নে নেখেলো এতিয়াও নিশ্চিত নহয় ৷”

ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় “কংগ্ৰেছ দলটো তুলনামূলকভাৱে আগতকৈ বহু শক্তিশালী হৈছে ৷ কংগ্ৰেছে বিগ ব্ৰাদাৰ বুলি ভাবি অকলে খেলিম বুলি ভাবিলে সকলোৰে অসুবিধা হ'ব ৷ আমি প্ৰাৰ্থী ঘোষণা কৰিলে খেলিবই লাগিব ৷ এনেকুৱা হ’লে আমাৰ মাজত অলপ খেলিমেলি লাগিব ৷”

এতিয় লক্ষণীয় হ’ব যে যোৰহাটৰ আসনখন 2024ত অখিল গগৈয়ে দাবী কৰাৰ দৰেই কংগ্ৰেছে ৰাইজৰ দলক এৰি দিবনে ? লগতে 2021ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাটকতা কৰিছিল বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Opposition Unity Forum: আসন বুজাবুজিক লৈ বৃহস্পতিবাৰে গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.