ETV Bharat / state

Cyber Crime in Guwahati: অপৰাধীৰ হাতত ৰাজ্যৰ আইন-শৃংখলা তুলি দিছে মুখ্যমন্ত্ৰীয়ে; অখিল গগৈৰ কটাক্ষ

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 8:30 PM IST

MLA Akhil Gogoi Slams CM Himanta Biswa
বিধায়ক অখিল গগৈৰ সংবাদমেল

মহানগৰীৰ পৰা সংঘটিত হোৱা আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম সন্দৰ্ভত সৰৱ বিধায়ক অখিল গগৈ ৷ তছদিকুৰৰ বিৰদ্ধে মুখ্যমন্ত্ৰী বাঘৰ দৰে জঁপিয়াই নপৰাটো ডাঙৰ প্ৰশ্ন বুলি মন্তব্য কৰে বিধায়কজনে ৷

আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ সন্দৰ্ভত সৰৱ অখিল গগৈ

গুৱাহাটী, ১৫ অক্টোবৰ : "মুখ্যমন্ত্ৰী বাঘ নে মেকুৰী ? ডাঙৰ কেলেংকাৰীৰ কথা আহিলেই মুখ্যমন্ত্ৰী সলনি হৈ যায় ৷ কোনোবা ক্ষেত্ৰত মুখ্যমন্ত্ৰী বাঘ হৈ পৰে আৰু কোনোবা ক্ষেত্ৰত মেকুৰী হৈ পৰে ৷ চাইবাৰ ক্ৰাইম, ভাস্কৰ শৰ্মাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মেকুৰী ৷" এই মন্তব্য বিধায়ক অখিল গগৈৰ ৷ দেওবাৰে চানমাৰিস্থিত বাসগৃহত সংবাদমেল সম্বোধন কৰি মহানগৰীৰ পৰা সংঘটিত হোৱা আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ সন্দৰ্ভত সৰৱ হৈ পৰে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷

সংবাদমেলত অখিল গগৈয়ে কয় যে, অসমত ধৰা পৰা প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধৰ আজি ১ টা মাহ সম্পূৰ্ণ হৈছে ৷ মুখ্যমন্ত্ৰীয়ে ৫০০ টকা ঘোচ লোৱা মানুহক গ্ৰেপ্তাৰ কৰিছে ৷ কিন্তু আশ্চৰ্যজনকভাৱে অসমৰ বৃহৎ আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধৰ মাষ্টাৰমাইণ্ড তছদিকুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিব পৰা নাই ৷ আনহাতে মিলন বুঢ়াগোহাঁইক আজিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ৷ তছদিকুৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী বাঘৰ দৰে জঁপিয়াই নপৰাটো ডাঙৰ প্ৰশ্ন বুলি মন্তব্য কৰে বিধায়কজনে ৷

চাইবাৰ অপৰাধৰ মাষ্টাৰমাইণ্ড তছদিকুৰ ৰহমানক পলুৱাই পঠিওৱা হৈছে বুলি অভিযোগ কৰি বিধায়ক গগৈ কয় যে, তছদিকুৰ ৰহমানক AS 01 FA 4501 নম্বৰৰ বাহনখনেৰে পলুৱাই পঠাইছে এজন বিজেপি নেতাই ৷ এই গাড়ীখনৰ মালিককো গ্ৰেপ্তাৰ কৰা হোৱা নাই বিজেপি নেতা হোৱা বাবেই ৷ ঢলাই থানাত জব্দ হোৱা UP 16 CW 4583 নম্বৰৰ গাড়ীখনৰ মালিকৰ আছে 18 টা কনষ্ট্ৰাকচন কোম্পানী ৷ অসমৰ সকলোতে কনষ্ট্ৰাকচনৰ কাম কৰি আছে সেই কোম্পানীটোৱে ৷ সেইকাৰণে মুখ্যমন্ত্ৰী আজি মেকুৰী হৈ গ'ল বুলি কয় বিধায়ক অখিল গগৈয়ে ৷

তেওঁ কয় যে, কয়লা ছিণ্ডিকেট বন্ধ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে ৷ কাৰণ কয়লা, কোক ছিণ্ডিকেটৰ পৰা যোৱা বছৰ ৮০ কোটি আহিছে দিছপুৰলৈ ৷ চাইবাৰ অপৰাধত ৰাজনৈতিক নেতা, পুলিচৰ শীৰ্ষ বিষয়া জড়িত, সেইবাবে আগবাঢ়িব পৰা নাই গোচৰটো ৷ নহ'লে অসম পুলিচে এই গোচৰত আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা পালে হয় বুলি উল্লেখ কৰে বিধায়কজনে ৷ তেওঁ পুনৰ কয় যে, সৰু সৰু গোচৰতহে বাঘৰ দৰে জপিয়াই পৰে মুখ্যমন্ত্ৰী ৷ ছিণ্ডিকেটৰ কথা আহিলেই বাঘ হ'ব নোৱাৰে মুখ্যমন্ত্ৰীয়ে ৷

তছদিকুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিব নোৱাৰে কাৰণ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ নেতা,পুলিচ বিষয়া তছদিকুৰৰ আত্মীয় বুলি অভিযোগ কৰে ৰাইজৰ দলৰ সভাপতিজনে ৷ মুখ্যমন্ত্ৰীয়ে চাইবাৰ অপৰাধৰ তদন্ত CBI, FBIক দিবলৈ বিধায়ক গগৈয়ে দবী জনায় ৷ লগতে তেওঁ কয় যে, ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে বৰ টান কাম কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে, কিয় নোৱাৰে সেইয়া অসমৰ ৰাইজে জানে ৷ মুখ্যমন্ত্ৰীয়ে অপৰাধীৰ হাতত তুলি দিছে আইন-শৃংখলা ৷ অপৰাধীৰ লগত মিলি থকা পুলিচক নিৰাপত্তা দিছে মুখ্যমন্ত্ৰীয়ে বুলি অভিযোগ কৰে অখিল গগৈয়ে ৷

লগতে তেওঁ কয় Cash for job scam ৰ নায়ক অভিমন্যু দাসকো গ্ৰেপ্তাৰ কৰিব নোৱাৰে বিজেপিৰ মানুহ জড়িত থকাৰ বাবেই ৷ লগতে মুখ্যমন্ত্ৰীজন এতিয়া এজন অভিনেতা, নাট্যকাৰ বুলি উল্লেখ কৰি কাহিনীত কেতিয়াবা কান্দি দিয়ে হঠাতে, কেতিয়াবা হাঁহি দিয়ে বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷

লগতে পঢ়ক : Himanta Biswa Sarma: আশী শতাংশ শিক্ষকক মই নিযুক্তি দিছোঁ; তেওঁলোক আগৰ পৰাই হিতাধিকাৰী ! মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.