ETV Bharat / state

Azadi ka Amrit Mahotsav, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত সৰুসজাইত ঘৰে ঘৰে ত্ৰিৰংগা অনুষ্ঠান

author img

By

Published : Aug 12, 2022, 10:18 PM IST

Updated : Aug 13, 2022, 11:13 AM IST

Azadi ka Amrit Mahotsav
সৰুসজাইত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত ঘৰে ঘৰে ত্ৰিৰংগা অনুষ্ঠান

পতাকা উত্তোলনেৰে দেশপ্ৰেমৰ চেতনাক উজ্জীৱিত কৰি তুলিবলৈ প্ৰতিগৰাকী নাগৰিকক আহ্বান জনাই সোণোৱালে । স্বাধীনতাৰ যুঁজত দেশৰ হকে প্ৰাণ আহুতি দিয়া ৰাজ্যখনৰ কেইবাগৰাকীও মহান শ্বহীদ তথা প্ৰথিতযশা স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ লোকক সম্বর্ধনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Azadi ka Amrit Mahotsav) ৷

গুৱাহাটী, ১২ আগষ্ট : ‘‘ত্ৰিৰংগা জাতীয় পতাকা আমাৰ মান, সন্মান আৰু স্বাভিমানৰ প্ৰতীক । জাতীয় পতাকাখনে আমাৰ দেশৰ একতা, অখণ্ডতা আৰু সাৰ্বভৌমত্বক শক্তিশালী কৰাৰ লগতে দেশবাসীক অফুৰন্ত শক্তি, সাহস আৰু মনোবল যোগান ধৰি আহিছে । এই ত্ৰিৰংগাৰ তলত ঐক্যবদ্ধ হৈ আমি দেশ মাতৃৰ সেৱাত সমৰ্পিত দায়বদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব’’ ।

Azadi ka Amrit Mahotsav
ঘৰে ঘৰে ত্ৰিৰংগা অনুষ্ঠান

ভাৰতবৰ্ষৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি দেশজুৰি আয়োজিত ‘‘হৰ ঘৰ ত্ৰিৰংগা’’ কাৰ্যসূচীৰ অংশ হিচাপে শুক্ৰবাৰে গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত ‘‘ঘৰে ঘৰে ত্ৰিৰংগা’’ (Har Ghar Tiranga) শীর্ষক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ আহ্বানক্ৰমে আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে সৰ্বানন্দ সোণোৱালে মহান দেশপ্ৰেমিক, স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ প্ৰতিমূৰ্তিত সশ্ৰদ্ধ প্ৰণিপাত জনাই আৰু বন্তি প্ৰজ্বলন কৰে (Ministry of Culture organizing Har Ghar Tiranga program) ।

তাৰ পিছতে মন্ত্ৰীগৰাকীয়ে সৰুসজাই ষ্টেডিয়ামৰ প্ৰাংগণত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । ‘‘আজাদী কা অমৃত মহোৎসৱ’’ৰ সৈতে তাল ৰাখি আয়োজিত অনুষ্ঠানটিত আৰম্ভণি ভাষণ প্ৰদান কৰে ভাৰতীয় জনতা পাৰ্টি, অসমৰ প্ৰদেশৰ সাধাৰণ সম্পাদক পুলক গোহাঁয়ে ।

Azadi ka Amrit Mahotsav
সৰুসজাই ষ্টেডিয়ামৰ প্ৰাংগণত ৰাষ্ট্ৰীয় পতাকা উত্তোলন

তদুপৰি অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিমল বড়া, জয়ন্ত মল্ল বৰুৱা আৰু ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাইও ভাষণ প্ৰদান কৰে৷ ‘‘ঘৰে ঘৰে ত্ৰিৰংগা’’ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সৰ্বানন্দ সোণোৱালে উপস্থিত সুধীবৃন্দৰ সৈতে ৰাষ্ট্ৰীয় পতাকা বিতৰণ কাৰ্যসূচীতো অংশ লয় । উক্ত অনুষ্ঠানতে স্বাধীনতাৰ যুঁজত দেশৰ হকে প্ৰাণ আহুতি দিয়া ৰাজ্যখনৰ কেইবাগৰাকীও মহান শ্বহীদ তথা প্ৰথিতযশা স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক : Azadi Ka Amrit Mahotsav: ইতিহাসৰ পাতত লুকাই থকা ভাৰত মাতা মন্দিৰৰ গাঁথাৰে...

১৯৪২ চনৰ ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ সময়ত হেলাৰঙে মৃত্যু বৰণ কৰা শ্বহীদ কুমলি দেৱী, খহুলী দেৱী, লেৰেলা কছাৰী, তিলেশ্বৰী বৰুৱা তথা মুক্তি যুঁজাৰু ৰবিৰাম কলিতা আৰু ‘‘ভাৰত ৰত্ন’’ লোকপ্ৰিয় গোপীনাথ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকনৰ পৰিয়ালৰ লোকক আজি এৰী চাদৰ, চেলেং, জাপি, গামোচা, শৰাই আৰু ৰাষ্ট্ৰীয় পতাকাৰে সম্বৰ্ধনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সেইসকল অমৰ মুক্তিযুঁজাৰুৰ অতুলনীয় ত্যাগ, সাহস আৰু দেশপ্ৰেমে দেশবাসীক সদায়েই অনুপ্ৰাণিত কৰি থাকিব বুলি সোণোৱালে মন্তব্য কৰে ।

Azadi ka Amrit Mahotsav
ঘৰে ঘৰে ত্ৰিৰংগা অনুষ্ঠান

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, অসম চৰকাৰৰ মন্ত্ৰীসকল, যেনে পৰিমল শুক্লবৈদ্য, বিমল বড়া, জয়ন্ত মল্ল বৰুৱা, সাংসদ কুইন ওজা, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, বিজেপি অসম প্ৰদেশৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকা ৷

Azadi ka Amrit Mahotsav
ঘৰে ঘৰে ত্ৰিৰংগা অনুষ্ঠান

লগতে উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় পুলক গোহাঁই আৰু দীপ্লু ৰঞ্জন শৰ্মা, স্বাধীনতা যুঁজৰ কেইবাগৰাকীও শ্বহীদ তথা মুক্তি যোদ্ধাৰ পৰিয়ালৰ লোকসকল প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল আৰু দলীয় বিষয়ববীয়া, কার্যকর্তা তথা বিভিন্ন প্ৰান্তৰ ৰাইজ ।

লগতে পঢ়ক : Azadi Ka Amrit Mahotsav: স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ কণ্ঠ আজিও উচ্চাৰিত হয় দিল্লীৰ ঐতিহাসিক জামা মছজিদত

Last Updated :Aug 13, 2022, 11:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.