ETV Bharat / state

Jharkhand congress controversy:মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন পীযুষ হাজৰিকাৰ

author img

By

Published : Aug 2, 2022, 5:23 PM IST

jharkhand congress politics
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন পিয়ুষ হাজৰিকাৰ

ঝাৰখণ্ডত বৰ্তমানৰ চৰকাৰখনৰ পতন ঘটাই বিজেপি চৰকাৰ গঠনৰ পথ প্রশস্ত কৰি কংগ্ৰেছৰ বিধায়ক কিনা-বেচাৰ বিষয়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙোৰ পৰা বিষয়টো সম্পূৰ্ণভাবে নস্যাৎ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এই সমগ্ৰ বিষয়টোৰ লগত জড়িত নাই বুলি মঙলবাৰে মন্ত্ৰী হাজৰিকাই টুইটাৰ যোগে ষ্পষ্ট কৰে(Minister Piyush Hazarika tweet on allegation against Assam CM)।

গুৱাহাটী, ২আগষ্ট: ঝাৰখণ্ডত বৰ্তমানৰ চৰকাৰখনৰ পতন ঘটাই বিজেপি চৰকাৰ গঠনৰ পথ প্রশস্ত কৰি কংগ্ৰেছৰ বিধায়ক কিনা-বেচাৰ বিষয়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙোৰ পৰা বিষয়টো সম্পূৰ্ণভাবে নস্যাৎ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এই সমগ্ৰ বিষয়টোৰ লগত জড়িত নাই বুলি মঙলবাৰে মন্ত্ৰী হাজৰিকাই টুইটাৰ যোগে ষ্পষ্ট কৰে(Minister Piyush Hazarika tweet on allegation against Assam CM)। মন্ত্ৰী হাজৰিকাই টুইটাৰ যোগে কয় যে বিধায়ক কুমাৰ জয়মংগলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে ।

jharkhand congress politics
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন পিয়ুষ হাজৰিকাৰ

উল্লেখ্য় যে পশ্চিমবংগ আৰক্ষীয়ে যোৱা দেওবাৰৰ সন্ধিয়া হাওৰা জিলাৰ ৰাণীহাতিত ১৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা অৱস্থাত ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক ইৰফান আনছাৰি, ৰাজেশ কাচ্চাপ আৰু নমন বিক্ষল কংগাৰীক প্রায় ৫০ লাখ টকাসহ গ্ৰেপ্তাৰ কৰিছিল । কংগ্ৰেছ বিধায়ককেইগৰাকীক গ্রেপ্তাৰৰ পাছতে কংগ্ৰেছ দলে তোলা গুৰুতৰ অভিযোগত সাঙোৰ খাই পৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নাম । কংগ্ৰেছে উত্থাপন কৰা অভিযোগ অনুসৰি বিজেপিয়ে ঝাৰখণ্ডৰ জে এম এম নেতৃত্বাধীন চৰকাৰখনৰ পতন ঘটাবলৈ তেওঁলোকৰ বিধায়কসকলক ১০ কোটি টকাকৈ দিব খুজিছিল । এই সন্দৰ্ভত ইতিমধ্যে গ্রেপ্তাৰ হোৱা বিধায়ককেইগৰাকীক দলৰ পৰা নিলম্বন কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে দলে আৰক্ষীক এজাহাৰ দিছিল ।

ইপিনে, ঝাৰখণ্ডৰ কংগ্ৰেছৰ বিধায়ক কুমাৰ জয়মংগলে এই তিনিগৰাকী বিধায়কৰ বিৰুদ্ধে ৰাঁচীৰ আৰগোৰা থানাত আৰক্ষীক দাখিল কৰা এজাহাৰ অনুসৰি তেওঁলোকৰ এই বিধায়ককেইগৰাকীয়ে দলৰ অন্য বিধায়কসকলক বিজেপিৰ হৈ ১০ কোটি টকাকৈ দিব খুজিছিল(Jharkhand Congress MLA Kumar Jaimangal)। উল্লেখ্য যে বৰ্তমানৰ চৰকাৰখনৰ পতন ঘটাই ঝাৰখণ্ডত বিজেপি চৰকাৰ গঠনৰ পথ প্রশস্ত কৰিব পাৰিলে ১০ কোটি টকাকৈ দিয়াৰ উপৰি সেই বিজেপি চৰকাৰত মন্ত্ৰীৰ পদো দিয়া হ'ব বুলি ধৃত বিধায়ককেইগৰাকীয়ে প্রস্তাৱ দিয়াৰ বিষয়ে বিধায়ক জয়মংগলে এজাহাৰত উল্লেখ কৰিছে । জয়মংগলে এই সন্দৰ্ভত এজাহাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰো নাম উল্লেখ কৰিছে । উক্ত এজাহাৰখনত উল্লেখ কৰা মতে"'আমাৰ বিধায়ক ৰাজেশ কাচ্চাপ আৰু নমন বিক্ষল কংগাৰীয়ে মোকো কলকাতালৈ মাতিছিল আৰু টকা দিব খুজিছিল । বিজেপিৰ পক্ষ ল’লে প্রতিজন বিধায়কক ১০ কোটি টকাকৈ দিয়াৰো প্ৰস্তাৱ দিছিল । ইৰফান আনছাৰি আৰু ৰাজেশ কাচ্চাপে মোক কলকাতাৰপৰা গুৱাহাটীলৈ নিব খুজিছিল । তেওঁলোকে কোৱা মতে, গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰে বৈঠকৰ ব্যৱস্থা কৰা হৈছিল ।'

লগতে পঢ়ক:etv comment image Assam CM on Jharkhand Politics: ঝাৰখণ্ডৰ বিধায়কৰ এজাহাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.