Assam CM on Jharkhand Politics: ঝাৰখণ্ডৰ বিধায়কৰ এজাহাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Jul 31, 2022, 8:05 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ঝাৰখণ্ডত চৰকাৰ ভাঙিবলৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ তিনিগৰাকী কংগ্ৰেছ বিধায়কক ব্যৱহাৰ কৰা বুলি উঠা অভিযোগৰ প্ৰত্যুত্তৰ দিছে ড৹ শৰ্মাই (Himanta Biswa Sarma reacts on Jharkhand MLAs allegation)৷ দেওবাৰে এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছ তেওঁৰ পুৰণি দল, সেয়েহে বিধায়ক নালাগে, তাতোকৈ ওপৰৰ শাৰীৰ দিগ্গজ কংগ্ৰেছ নেতাৰ সৈতেও তেওঁৰ মধুৰ সম্পৰ্ক আছে ৷ কোনো কংগ্ৰেছ শীৰ্ষ নেতা গুৱাহাটীলৈ আহিলে তেওঁক সাক্ষাৎ কৰেই, একেদৰে তেওঁ দিল্লীলৈ গ’লে তাতো কংগ্ৰেছ নেতাসকলে তেওঁক সাক্ষাৎ কৰে (Congress MLA meets Himanta Biswa Sarma)৷ এয়া কোনো নতুন কথা নহয় ৷ কিন্তু ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে তেওঁৰ বিৰুদ্ধে কিয় এজাহাৰ দিলে সেইটো বোধগম্য হোৱা নাই বুলি মন্তব্য কৰে ড৹ শৰ্মাই ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.