ETV Bharat / state

MGNREGA corruption : বিভাগীয় ব্যৰ্থতাৰ বাবে অসমত প্ৰহসনত পৰিণত এম জি এনৰেগা

author img

By

Published : Jul 27, 2023, 3:34 PM IST

অসমত এম জি এনৰেগাৰ প্ৰায় চাৰে সাত লাখ কাম আধৰুৱা হৈ আছে । এতিয়াও ব্যয় নোহোৱাকৈ আছে ৬৮৪ কোটি টকা । ২০২২-২৩ বৰ্ষত এম জি এনৰেগাৰ অধীনৰ ৬,০৮,২৯৮ টা কামৰ মাত্ৰ ৭১,২৫৪ টা সম্পূৰ্ণ হৈছে । যোগানকাৰী ঠিকাদাৰেও পাবলৈ আছে বহু কোটি টকা ।

MGNREGA corruption
অসমত প্ৰহসনত পৰিণত এম জি এনৰেগা

গুৱাহাটী, ২৭ জুলাই : অসমত চৰকাৰী বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্রত গাফিলতি দেখা যায় আৰু যাৰ বাবে আঁচনিসমূহৰ সুফল লাভৰ পৰা ৰাইজ বঞ্চিত হয় । তেনে এখন আঁচনি হৈছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন চমুকৈ এম জি এনৰেগা । এই আঁচনিখনে গ্রামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ মাজত আশাৰ ৰেঙনি কঢ়িয়াই আনিছিল । কিন্তু সেয়া বাস্তৱত পৰিলক্ষিত নহ'ল ।

লক্ষণীয় বিষয় যে এতিয়ালৈকে এম জি এনৰেগাৰ অধীনত প্ৰায় চাৰে সাত লাখ কাম আধৰুৱা অৱস্থাত আছে । আনহাতে এই আধৰুৱা কামৰ অধিকাংশৰে কাম সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত সময়সীমা কেতিয়াবাই উকলি গৈছে । বিগত সময়ছোৱাত ৰাজ্যখনৰ অংগনৱাড়ী অথবা গ্রাম্য আন্তঃগাঁথনি নিৰ্মাণৰ ৩,৪৪৮ টা কাম সম্পূৰ্ণ কৰাৰ দিন উকলি যোৱাৰ পাছতো আধাতে পৰি আছে । সেইদৰে ভাৰত নিৰ্মাণ সেৱা কেন্দ্ৰ নিৰ্মাণতো এম জি এনৰেগাৰ তিনিটা কাম আধৰুৱা হৈ আছে ।

খৰাং সদৃশ পৰিস্থিতি মোকাবিলা কৰাৰ নামত গ্ৰহণ কৰা ৪,৭৮০ টা কাম, মীন বিভাগৰ অধীনস্থ ৩,৬২৫ টা কাম, বান নিয়ন্ত্ৰণৰ ১১,৬৫৫ টা কাম, ভূমি উন্নয়নৰ ২১,১৬৫ টা কাম আধৰুৱা হৈ আছে । তেনেদৰে ক্ষুদ্ৰ জলসিঞ্চনৰ ৯,৭১৮ টা কাম, অন্যান্য ২৩ টা, খেলপথাৰৰ এটা, পৰম্পৰাগত জলাশয় পুনৰ বিকাশৰ ৭৬১ টা কাম, গ্রাম্য সংযোগীকৰণৰ ১,০৩৫ টা কাম, গ্রাম্য খোৱাপানী যোগানৰ ৬ টা, গ্রাম্য শৌচালয়ৰ ১৯৭ টা কাম, পানী সংৰক্ষণৰ ১৩,৭৬৯ টা আৰু ব্যক্তিগত হিতাধিকাৰী আঁচনিৰ অধীনত ৩৩,৫৫৬ টা কাম আৰু প্ৰধানমন্ত্ৰী গ্ৰাম্য আবাস যোজনাৰ অধীনত ৬,৪৪,৯২৭ টা কাম আধৰুৱা হৈ আছে ।

অসমত এম জি এনৰেগাৰ কামৰ অগ্ৰগতি ইমানেই পুতৌলগা যে ২০২৩ চনৰ এপ্ৰিল মাহলৈ বিগত ২০২১-২২ বৰ্ষ আৰু ২০২২-২৩ বৰ্ষৰ আঁচনি ৰূপায়ণ অতি নিৰাশজনক । তথ্য অনুসৰি ২০২১-২২ বিত্তীয় বৰ্ষত ৰাজ্যখনে এম জি এনৰেগাৰ অধীনত ২,৯১,২৭১ টা কাম আৰম্ভ কৰিছিল যদিও ইয়াৰে ১,২৪,৩৪০ টা কামহে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ বিপৰীতে ২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে এম জি এনৰেগাৰ অধীনত ৬,০৮,২৯৮ টা কাম আৰম্ভ কৰিছিল যদিও ইয়াৰে মাত্ৰ ৭১,২৫৪ টা কামহে সম্পূৰ্ণ হৈছে । অর্থাৎ বিগত বৰ্ষটোত কাম সম্পূৰ্ণ কৰাৰ হাৰ আছিল মাত্র ১১.৭২ শতাংশ ।

লক্ষণীয় বিষয় যে বিগত বৰ্ষটোত বাক্সাৰ ২.৭৪ শতাংশ, বঙাইগাঁৱৰ ৪.৯৩ শতাংশ, ডিমা হাচাওৰ ২.৬৯ শতাংশ, কামৰূপৰ ৩.৯২ শতাংশ, তামুলপুৰৰ ৩.১৯ শতাংশ, ওদালগুৰিৰ ৩.৪৯ শতাংশহে কাম সম্পূর্ণ কৰিবলৈ সক্ষম হয় । ৰাজ্যখনত বিগত বৰ্ষত ১০০ দিনৰ কাম প্ৰদান কৰাতো ব্যর্থ হৈছে । তথ্য অনুসৰি ৰাজ্যখনত মাথোঁ ২১,৬৬৪ টা পৰিয়ালকহে ১০০ দিনৰ কাম দিবলৈ সক্ষম হৈছে ।

ইফালে ২০১৯-২০ বৰ্ষৰ পৰা বৰ্তমানলৈ এনৰেগাৰ ৭ লক্ষাধিক কাম আধাতে পৰি থকাৰ পৰিণতিত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে শ শ কোটি টকা ব্যয় কৰিব নোৱাৰি ৰাজকোষতে পেলাই ৰাখিছে । বিগত ৫ বছৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক পুঁজি মিলি এম জি এনৰেগাৰ নামত আৱণ্টন দিয়া হৈছিল মুঠ ৯,৯৬৭.১১ কোটি টকা । ইয়াৰে বৰ্তমানলৈ ব্যয় কৰে ৯,২৮২.৫৪ কোটি টকা । অর্থাৎ এতিয়ালৈ মুঠ ৬৮৪.৫৩ কোটি টকা ব্যয় কৰিবলৈ থাকি গৈছে । উল্লেখ্য যে ২০১৮-১৯ বৰ্ষত আৱণ্টিত ১৩৯০.১৫ কোটি টকা পুঁজিৰ ব্যয় হৈছে ১,৩৩৮.৪৪ কোটি টকা, ২০১৯-২০ বৰ্ষত ১,৪৩২.৮৭ কোটি টকাৰ বিপৰীতে ব্যয় হৈছে ১,৪০৬.২৯ কোটি টকা ।

সেইদৰে ২০২০-২১ বৰ্ষত আৱণ্টন দিয়া ২,৪৪৮.১৮ কোটি টকাৰ ব্যয় হৈছে ২,৩৪৮.১৭ কোটি টকা । ২০২১-২২ বৰ্ষত আৱণ্টন দিয়া ২,৫১২.৬৭ কোটি টকাৰ বিপৰীতে ব্যয় হৈছে ২,৩৮০.৩৯ কোটি টকা । সেইদৰে ২০২২-২৩ বৰ্ষত আৱণ্টন দিয়া ২,১৮৩.২৩ কোটি টকাৰ বিপৰীতে ব্যয় হৈছে ১,৮০৯.২৩ কোটি টকা । ইফালে দেশৰ প্ৰতিখন ৰাজ্যতে ৰূপায়ণ হৈ থকা একেখন 'ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন'ৰ একেখন গাইডলাইন মতে আঁচনি ৰূপায়ণ হৈ থাকিলেও অসমৰ শ্ৰমিকৰ মজুৰি আন কেইবাখনো ৰাজ্যৰ তুলনাত কম ।

অসমত জবকার্ডধাৰী শ্ৰমিকৰ দৈনিক মজুৰি ২৩৮ টকা । আনহাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গাফিলতিৰ বাবেই ২০১৯-২০ বৰ্ষৰ পৰা বৰ্তমানলৈ সামগ্ৰীৰ নামত যোগানকাৰী ঠিকাদাৰে পাবলৈ আছে কোটি কোটি টকা । বিভাগীয় এনে গাফিলতিৰ বাবেই গ্রামাঞ্চলৰ সৰু সৰু যোগানকাৰীসকলৰ অৰ্থনৈতিক অৱস্থা অধিক শোচনীয় হৈ পৰিছে । বিভাগটোৰ ব্যৰ্থতাৰ বাবেই এম জি এনৰেগা কাৰ্যতঃ প্ৰহসনত পৰিণত হৈছে ।

লগতে পঢ়ক :Minister Ranjeet Kumar Dass: খেতি কৰিবলৈ এৰি দিয়াৰ প্ৰৱণতা আমাৰ বাবে দুৰ্ভাগ্যজনক; মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.