ETV Bharat / state

কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে দহগৰাকী প্ৰাৰ্থীয়ে সংগ্ৰহ কৰিছে আৱেদন পত্ৰ

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 8:35 PM IST

Updated : Dec 11, 2023, 10:39 PM IST

Lok Sabha election
সমাগত লোকসভা নিৰ্বাচন

সমাগত লোকসভা নিৰ্বাচন ৷ আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ টিকট বিচাৰি ৰাজীৱ‌ ভৱনত ভিৰ কৰিছেহি প্ৰাৰ্থীয়ে ৷ ইতিমধ্যে কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা দহগৰাকী প্ৰাৰ্থীয়ে আৱেদন পত্ৰ সংগ্ৰহ কৰিছে ৷

গুৱাহাটী, ১১ ডিচেম্বৰ : লোকসভাৰ আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলত আৰম্ভ হৈছে কুচকাৱাজ । কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীয়ে সোমবাৰৰ পৰা ৰাজীৱ‌ ভৱনত ভিৰ আৰম্ভ কৰিছে । সোমবাৰে কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা দহগৰাকী প্ৰাৰ্থীয়ে প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে ।

এইসকলৰ ভিতৰত বৰপেটা লোকসভা সমষ্টিৰ বাবে দীপ বায়ন, ৰাতুল ‌কলিতা, অৰুণ তিৱাৰীয়ে প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে ৷ ইফালে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে মীৰা‌ বৰঠাকুৰ আৰু ৰমেন‌ বৰঠাকুৰ, মঙলদৈৰ বাবে ৰমেন‌ বৰঠাকুৰ, মাধৱ ৰাজবংশী, যোৰহাটৰ বাবে বনশ্ৰী গগৈয়ে প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে ।

উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰ-পত্ৰ দাখিলৰ মাচুল এক লাখ টকা নিৰ্ধাৰণ কৰি দিয়া হৈছে । বিগত লোকসভা নিৰ্বাচনত এই মাচুল আছিল পঞ্চাশ হাজাৰ টকা । ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে । ইয়াৰ বাবে প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰ-পত্ৰ পূৰণ কৰি অহা ১১ ডিচেম্বৰৰ পৰা ৰাজীৱ ভৱনত জমা দিয়াৰ দিন ধাৰ্য কৰা হৈছে ।

আনকি প্ৰ-পত্ৰৰ লগতে টিকট প্ৰত্যাশীয়ে এক লাখ টকাৰ এখন ডিমাণ্ড ড্রাফট জমা দিব লাগিব । কংগ্ৰেছ দলে জাৰি কৰা জাননীখনত এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে এই ১৪ টা সমষ্টি লোকসভা সমষ্টিৰ ভিতৰত কোনো সমষ্টিত দলে প্ৰার্থী নিদিবও পাৰে । মিত্ৰদলৰ বাবে এৰি দিয়া হ’ব এনে সমষ্টি । এনে সমষ্টিৰ দলীয় টিকট বিচাৰি আবেদন কৰা প্ৰাৰ্থীয়ে আবেদন মাচুল এক লাখ টকা ওভতাই পাব ।

১৯ ডিচেম্বৰৰ ভিতৰত প্ৰ-পত্র দাখিল কৰিব লাগিব । প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে আবেদন জনাব পাৰিব । মন কৰিবলীয়া যে, ১৮ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈকে জিতেন্দ্ৰ সিঙে অসমত বাহৰ পাতিব । সেই সময়ত বিভিন্ন পর্যায়ত নিৰ্বাচনকেন্দ্ৰিক বিভিন্ন বৈঠক অনুষ্ঠিত হ’ব ।

তদুপৰি ২০ ডিচেম্বৰৰ ভিতৰত কেন্দ্রীয় নেতৃত্বৰ উপস্থিতিত দলৰ জিলা আৰু ব্লক পৰ্যায়ৰ কাম-কাজ পর্যালোচনা কৰা হ'ব । ১৮ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং অসমত থকা অৱস্থাত সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ বৈঠক অনুষ্ঠিত হ'ব ৷

অন্তর্ভুক্ত দলসমূহৰ উপৰি কংগ্ৰেছৰ বিভিন্ন নেতৃত্বৰে ভাগে ভাগে বৈঠক অনুষ্ঠিত কৰিব । ২০ ডিচেম্বৰৰ ভিতৰত উজনি, নামনি আৰু বৰাক উপত্যকাত প্ৰদেশ কংগ্ৰেছে তিনিখন মাণ্ডলিক পর্যালোচনা সভা অনুষ্ঠিত কৰিব ৷ তাতেই বি এল এ সমূহৰ তালিকা জমা দিব লাগিব ।

লগতে পঢ়ক : HSLC ত উত্তীৰ্ণ হোৱাৰ পিচত কেনেদৰে বিষয় বা শাখা নিৰ্বাচন কৰিব লাগে ?

Last Updated :Dec 11, 2023, 10:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.