ETV Bharat / state

HSLC ত উত্তীৰ্ণ হোৱাৰ পিচত কেনেদৰে বিষয় বা শাখা নিৰ্বাচন কৰিব লাগে ?

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 7:05 PM IST

হাইস্কুলত শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিচত কেনেদৰে বিষয় বা শাখা নিৰ্বাচন কৰিব লাগে ? কি বিষয় নিৰ্বাচন কৰিলে ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰিব পাৰিব ? এই সম্পৰ্কে কেৰিয়াৰ পৰামৰ্শদাতা তথা যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী ড৹ বুলজিৎ বুঢ়াগোহাঁইৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ (Interview with career counselor Dr Buljit Buragohain)৷

Interview with career counselor Dr Buljit Buragohain
শিক্ষা জীৱন প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা

শিক্ষা জীৱন প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা

গুৱাহাটী, 11 ডিচেম্বৰ : শিক্ষা জীৱন প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ পিচত প্ৰায়ে দেখা যায় শিক্ষাৰ্থীগৰাকীক অভিভাৱক, শিক্ষাগুৰুসকলে বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে । কিন্তু শিক্ষাৰ্থীগৰাকীয়ে ভাল নম্বৰ লাভ কৰিলেই যে বিজ্ঞান শাখাত নামভৰ্তি কৰিব আৰু বেয়া নম্বৰ লাভ কৰিলে কলা শাখাত নামভৰ্তি কৰিব এইটো শুদ্ধ ধাৰণা নহয় ।

সকলো ছাত্ৰ-ছাত্ৰীৰে নিজৰ ভালপোৱা কিছু অভিৰুচি থাকে । ঠিক তেনেদৰে প্ৰত্যেক ব্যক্তিৰে ব্যক্তি বিশেষ কিছু চাৰিত্ৰিক বৈশিষ্ট্য থাকে । ঠিক তেনেদৰে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰে কিছু ভাল লগা বিষয় থাকে । কোনোৱে হয়তো বিজ্ঞান বা গণিত বিষয় ভাল পায় । আন কোনোৱে আকৌ ইংৰাজী বা অসমীয়া বিষয়টো ভাল পায় । গতিকে শাখা নিৰ্বাচন কৰাৰ পূৰ্বে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে চাব লাগিব কোনোটো বিষয় তেওঁ ভালপায় ৷

লগতে আজৰি সময়ত কৰি ভালপোৱা কাম আৰু ব্যক্তিত্বৰ এই তিনিটা সমন্বয় ঘটায় যদি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে বিষয় নিৰ্বাচন কৰে, তেন্তে ভাল ফলাফল লাভ কৰিব । ছাত্ৰ-ছাত্ৰীসকলে যি বিষয়ে নিৰ্বাচন নকৰক কিয় দক্ষতা প্ৰকাশ কৰিব পাৰিলে সকলোতে নিজৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰিব ।

কৰ্মসংস্থাপনৰ মানে এইটো নহয় যে কেৱল চৰকাৰী চাকৰি । কাৰণ চৰকাৰী চাকৰিয়ে 100 % নিবনুৱা সমস্যা হ্ৰাস কৰিব নোৱাৰে । এতিয়া যিহেতু প্ৰতিযোগিতাৰ যুগ ৷ সেয়ে ছাত্ৰ-ছাত্ৰীসকলে বিকল্পৰ পথো বাচি ৰাখিব লাগিব । বিকল্পৰ পথ যদি নাৰাখে তেন্তে ভৱিষ্যতে অসুবিধাৰ সৃষ্টি হ’ব পাৰে ।

লগতে পঢ়ক : বিদ্যালয়ৰ সাজতেই দাৱনীৰ ৰূপত বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ এজাক শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.