ETV Bharat / state

ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৰ স্বৰ্ণজয়

author img

By

Published : Oct 12, 2022, 3:59 PM IST

Lovlina Borgohain and Ankushita Boro wins gold medal at National Game
ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৰ স্বৰ্ণজয়

গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত বক্সিঙত স্বৰ্ণ জয় অসমৰ লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৰ(National Games2022 Boxing final) ৷

গুৱাহাটী,১২ অক্টোবৰ: গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত (National Games2022) চমকপ্ৰদ প্ৰদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে দুই প্ৰতিভাৱান মহিলা বক্সাৰে । আশা কৰা ধৰণেই নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি লাভলিনা বৰগোঁহাইয়ে মহিলাৰ ৱেল্টাৰৱেইটৰ ৭০-৭৫ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় । টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক জয়ী বক্সাৰ লাভলিনা বৰগোহাঁইয়ে হাৰিয়ানাৰ স্বীতি বুৰাক ৫-০ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ জয় কৰে (Lovlina Borgohain wins gold medal at National Game) ৷

Lovlina Borgohain and Ankushita Boro wins gold medal at National Game
ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৰ স্বৰ্ণজয়

ইফালে ইয়াৰ পূৰ্বে আজিৰ দিনটোতে আনগৰাকী অসম কন্যা অংকুশিতা বড়োয়েও ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় । অংকুশিতা বড়োৱে ৬৬ কিলোগ্ৰাম শাখাত মণিপুৰৰ এলিনাৰ থাওনাওজামক পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰে (Ankushita Boro wins gold medal at National Game) ৷ উল্লেখ্য যে অসমৰ আন তিনিগৰাকী প্ৰতিভাৱান বক্সাৰ ক্ৰমে শিৱ থাপা, যমুনা বড়ো আৰু ফাইলাও বসুমতাৰীয়ে গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷

মঙলবাৰে শিৱ থাপাই চলিত ৩৬ সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত বক্সিঙৰ ছেমিফাইনেলত (National Games2022 Boxing semi final) প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক জয় কৰে (Boxer Shiva Thapa wins bronze medal) ৷ ছেমিফাইনেলত ছাৰ্ভিছেজৰ আকাশ কুমাৰৰ হাতত ৩-২ৰ ব্যৱধানত পৰাস্ত হয় বক্সাৰ শিৱ থাপা । ইয়াৰ পিছতে ব্ৰঞ্জৰ পদক নিশ্চিত কৰে তাৰকা বক্সাৰগৰাকীয়ে ৷

Lovlina Borgohain and Ankushita Boro wins gold medal at National Game
ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৰ স্বৰ্ণজয়

আনহাতে, মহিলা বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰিছে যমুনা বড়োৱে । সেইদৰে ফাইলাও বসুমতাৰীয়েও লাভ কৰে ব্ৰঞ্জৰ পদক । উল্লেখ্য যে, ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰে অম্লান বৰগোহাঁয়ে (Amlan Borgohain wins gold medal at National Game) ৷

গান্ধীনগৰৰ আই আই টি ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা পুৰুষৰ ১০০ মিটাৰ দৌৰৰ ফাইনেলত অসম সন্তান অম্লানে ১০.৩৮ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণ অৰ্জন কৰিবলৈ সক্ষম হয় । জীৱনৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়াতে সোণ অৰ্জন কৰি দেশৰ দ্ৰুততম মানৱ হিচাপে পৰিগণিত হৈছে অম্লান (Amlan Borgohain Sets New 100m National Record) ৷

ইফালে মহিলাৰ ১০০ মিটাৰ দৌৰৰ ফাইনেলত অসমৰ হিমা দাসেও অংশ লৈছিল যদিও পদকৰ পৰা বঞ্চিত হৈ ৰ’ল ৷ ১১.৭৫ ছেকেণ্ডৰে সপ্তম স্থানত থাকে ধিং এক্সপ্ৰেছ । অর্জুন বঁটাৰে সন্মানিত এছিয়ান গেমছৰ পদকজয়ী হিমাৰো এয়া আছিল কেৰিয়াৰৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া আছিল ৷ লাভলীনা আৰু অংকুশিতা বড়োৰ স্বৰ্ণপদকেৰে অসমৰ স্বৰ্ণপদকৰ সংখ্যা হ’ল ৯টা । ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ১৪ নম্বৰ স্থানত আছে অসম । অসমে ৯টা স্বৰ্ণ, ১০টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদক বুটলি আনিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: National Games 2022: ৰাষ্ট্ৰীয় ক্ৰীড়াত শিৱ থাপাৰ ব্ৰঞ্জৰ পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.