ETV Bharat / city

National Games 2022: ৰাষ্ট্ৰীয় ক্ৰীড়াত শিৱ থাপাৰ ব্ৰঞ্জৰ পদক

author img

By

Published : Oct 11, 2022, 10:56 PM IST

Boxer Shiva Thapa wins bronze medal at National Games
ৰাষ্ট্ৰীয় ক্ৰীড়াত শিৱ থাপাৰ ব্ৰঞ্জৰ পদক

মঙলবাৰে শিৱ থাপাই চলিত ৩৬ সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত বক্সিঙৰ ছেমিফাইনেলত (National Games2022 Boxing semi final) প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক জয় কৰে (Boxer Shiva Thapa wins bronze medal) ৷

গুৱাহাটী, ১১ অক্টোবৰ: গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত (National Games 2022) অসমে চমকপ্ৰদ প্ৰদৰ্শন কৰি এতিয়ালৈকে ভালেকেইটা পদক লাভ কৰে ৷ শিৱ থাপাই চলিত ৩৬ সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত বক্সিঙৰ ছেমিফাইনেলত (National Games2022 Boxing semi final) প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক জয় কৰে (Boxer Shiva Thapa wins bronze medal) ৷

Boxer Shiva Thapa wins bronze medal at National Games
ৰাষ্ট্ৰীয় ক্ৰীড়াত শিৱ থাপাৰ ব্ৰঞ্জৰ পদক

মঙলবাৰে ছেমিফাইনেলত ছাৰ্ভিছেজৰ আকাশ কুমাৰৰ হাতত ৩-২ৰ ব্যৱধানত পৰাস্ত হয় বক্সাৰ শিৱ থাপা । ইয়াৰ পিছতে ব্ৰঞ্জৰ পদক নিশ্চিত কৰে তাৰকা বক্সাৰগৰাকীয়ে ৷ ইফালে মহিলা বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিছে অংকুশিতা বড়োৱে । ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰা অংকুশিতাই ৰাজস্থানৰ ললিতাক সহজে পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ৷

Boxer Shiva Thapa wins bronze medal at National Games
ৰাষ্ট্ৰীয় ক্ৰীড়াত শিৱ থাপাৰ ব্ৰঞ্জৰ পদক

আনহাতে, মহিলা বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰিছে যমুনা বড়োৱে । সেইদৰে ফাইলাও বসুমতাৰীয়েও লাভ কৰে ব্ৰঞ্জৰ পদক । ইফালে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰা অলিম্পিক জয়ী লাভলিনা বৰগোহাঁয়ে বুধবাৰে স্বৰ্ণপদকৰ বাবে যুঁজ দিব । বক্সিং, লনবল, এথলেটকে ধৰি কেইবাটাও ইভেণ্টত অসমৰ খেলুৱৈসকলে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ।

Boxer Shiva Thapa wins bronze medal at National Games
ৰাষ্ট্ৰীয় ক্ৰীড়াত শিৱ থাপাৰ ব্ৰঞ্জৰ পদক

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমক প্ৰথমটো সোণৰ পদক দিয়ে ভাৰতীয় এথলেটিকছৰ নৱাগত চাঞ্চল্য অম্লান বৰগোহাঁয়ে (Amlan Borgohain wins gold medal at National Game) ৷ গান্ধীনগৰৰ আই আই টি ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা পুৰুষৰ ১০০ মিটাৰ দৌৰৰ ফাইনেলত অসম সন্তান অম্লানে ১০.৩৮ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণ অৰ্জন কৰিবলৈ সক্ষম হয় । জীৱনৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়াতে সোণ অৰ্জন কৰি দেশৰ দ্ৰুততম মানৱ হিচাপে পৰিগণিত হৈছে অম্লান (Amlan Borgohain Sets New 100m National Record) ৷

Boxer Shiva Thapa wins bronze medal at National Games
ৰাষ্ট্ৰীয় ক্ৰীড়াত শিৱ থাপাৰ ব্ৰঞ্জৰ পদক

ইফালে মহিলাৰ ১০০ মিটাৰ দৌৰৰ ফাইনেলত অসমৰ হিমা দাসেও অংশ লৈছিল যদিও পদকৰ পৰা বঞ্চিত হৈ ৰ’ল ৷ ১১.৭৫ ছেকেণ্ডৰে সপ্তম স্থানত থাকে ধিং এক্সপ্ৰেছ । অর্জুন বঁটাৰে সন্মানিত এছিয়ান গেমছৰ পদকজয়ী হিমাৰো এয়া আছিল কেৰিয়াৰৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া ।

লগতে পঢ়ক: National Games 2022: ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিঙত অসমৰ পাঁচটা পদক নিশ্চিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.