ETV Bharat / state

National Games 2022: ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিঙত অসমৰ পাঁচটা পদক নিশ্চিত

author img

By

Published : Oct 11, 2022, 6:28 PM IST

৩৬ সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্রীড়াত (36th Gujarat National Games) বক্সিঙৰ ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰিছে অসমৰ আন দুগৰাকী মহিলা বক্সাৰ যমুনা বড়ো আৰু অংকুশিতা বড়োৱে । অসমৰ ক্ৰীড়াবিদে এতিয়ালৈকে উশ্বুত লাভ কৰিছে তিনিটা পদক ।

k
h

গুৱাহাটী, ১১ অক্টোবৰ : লাভলীনা বৰগোহাঁই (Boxer Lovlina Borgohain), শিৱ থাপা আৰু ফাইলাও বসুমতাৰীৰ পিছত চলিত ৩৬ সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্রীড়াত বক্সিঙৰ ছেমিফাইনেলত (National Games2022 Boxing semi final) প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে অসমৰ আন দুগৰাকী মহিলা বক্সাৰ যমুনা বড়ো (Boxer Jamuna Boro) আৰু অংকুশিতা বড়োৱে (Ankushita Boro) । এই সফলতাৰ পিছতেই বক্সিঙত অসমে পাঁচটা পদক জয় কৰাটো নিশ্চিত হৈছে ।

k
h

গান্ধীনগৰৰ মহাত্মা মন্দিৰ চেণ্টাৰৰ (Mahatma Mandir Centre Gandhinagar) বক্সিং এৰিনাত হোৱা মহিলাৰ কোৱাৰ্টাৰ ফাইনেল মেচত ৫৪ কিলোগ্রাম শাখাত খেলা অসম কন্যা যমুনাই সহজে পৰাস্ত কৰে ৰাজস্থানৰ বক্সাৰ স্বপ্না শৰ্মাক। ৫-০ ৰ ব্যৱধানত জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰা যমুনা বড়োৰ প্ৰতিদ্বন্দ্বী হ’ব হাৰিয়ানাৰ পুনম । উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰথম ৰাউণ্ডৰ মেচত যমুনাই ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰিছিল নগালেণ্ডৰ প্ৰতিদ্বন্দ্বী নির্মলক ।

National Games2022
ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিঙত অসমৰ পাঁচটা পদক নিশ্চিত

ইফালে,যমুনাৰ সফলতাৰ ৩০ মিনিট পিছতে একেটা ৰিঙলৈ আহে অসম কন্যা অংকুশিতা বড়ো । আৰম্ভণিৰ পৰাই নিজৰ পৰিচিত আক্ৰমণাত্মক খেলেৰে অংকুশিতাই তীব্ৰ প্ৰহাৰ কৰে প্ৰতিদ্বন্দ্বী গুজৰাটৰ পৰমজিৎ কৌৰক । অংকুশিতা বড়োৰ পাঞ্চত বক্সিং ৰিঙতে বাগৰি পৰে ঘৰুৱা বক্সাৰগৰাকী । ফলত ৰেফাৰীয়ে ৯ মিনিটৰ মেচখন আধাতে বন্ধ কৰি অংকুশিতাক বিজয়ী ঘোষণা কৰে ।

উল্লেখ্য যে ৬৬ কিলোগ্রাম শাখাত অংশ লোৱা প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতাই প্ৰথম ৰাউণ্ডৰ মেচতো নক আউট কৰিছিল তেলেংগনাৰ খেলুৱৈক । ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰা অংকুশিতাৰ প্ৰতিদ্বন্দ্বী হ’ব ৰাজস্থানৰ ললিতা । দেওবাৰে অসমৰ লাভলীনা বৰগোহাঁই, শিৱ থাপা আৰু ফাইলাও বসুমতাৰীয়ে প্রত্যাশিতভাৱে নিজৰ মেচত হেলাৰঙে জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল ।

National Games2022
ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিঙত অসমৰ পাঁচটা পদক নিশ্চিত

ছেমিফাইনেলত লাভলীনাই খেলিব গুজৰাটৰ ৰুচিতা ৰাজপুত্ৰ বিৰুদ্ধে । আনহাতে, শিৱ থাপাৰ প্ৰতিদ্বন্দ্বী হ’ব ছাৰ্ভিচেজৰ আকাশ । ইফালে, ফাইলাৱে খেলিব পঞ্জাৱৰ ছিমৰণজিৎ কৌৰৰ বিৰুদ্ধে ।

ইফালে, ৰাষ্ট্ৰীয় ক্রীড়াত অসমে উশ্বুত আৰু দুটা পদক লাভ কৰে । অসমৰ ৰংগিলা দৈমাৰীয়ে মহিলাৰ অলৰাউণ্ড ইভেন্টত ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে সঞ্জীৱ কুমাৰ সিঙে পুৰুষৰ অলৰাউণ্ড ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । অসমৰ ক্ৰীড়াবিদে এতিয়ালৈকে উশ্বুত মুঠ তিনিটা পদক লাভ কৰিছে ।

লগতে পঢ়ক: খহনীয়া ৰোধৰ বাবে বিশেষ আঁচনি প্ৰস্তুতৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.